যোৰহাট,21মেঃ যোৰহাটৰ কোভিড-১৯ ত আক্ৰান্ত প্ৰথম দুগৰাকীক বুধবাৰে চিকিৎসায়ৰ পৰা মুকুলি কৰি দিয়া হৈছে ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিগত ৯ মে'ত ধৰা পৰিছিল মাৰাত্মক কোভিড- ১৯ ৷
বুধবাৰে তিনি বাৰৰ অন্তত মহিলা দুগৰাকীৰ কোভিড-১৯ ৰ পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাৰ পিছত তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰা হয় । উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা আহিছিল দুয়োগৰাকী মহিলা ৷ মহিলা দুগৰাকী নাম হৈছে মামু বৰা আৰু পৰিস্মিতা দত্ত কলিতা ৷ গামোচা আৰু উপহাৰৰ টোপোলা প্ৰদান কৰি জিলা প্ৰশাসনে ঘৰত থৈ অহাৰ ব্যবস্থা কৰে মহিলা দুগৰাকীক ৷ ঘৰলৈ ওভতি যোৱাৰ সময়ত আৱেগিক হৈ পৰে মহিলা দুগৰাকী ৷ চিকিৎসকৰ লগতে সকলো স্বাস্থ্য কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে মহিলা দুগৰাকীয়ে ৷