ETV Bharat / city

অসম কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ হ’ব জুবিন গাৰ্গ ! - ৰাজ্যৰ কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ হ’ব জুবিন গাৰ্গ

হঠাৎ দিছপুৰ ভৱনত পত্নী সহ উপস্থিত হ'ল জুবিন গাৰ্গ ৷ দিছপুৰত উপস্থিত হৈ প্ৰথমে সাক্ষাৎকাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ ইয়াৰ পাছতেই সাক্ষাৎ কৃষিমন্ত্ৰী অতুল বৰাক ৷

হঠাৎ দিচপুৰত সপত্নীক উপস্থিত হ'ল জুবিন গাৰ্গ

author img

By

Published : Aug 8, 2020, 9:00 PM IST

গুৱাহাটী, 8 আগষ্ট : "কা" বিৰোধী আন্দোলনৰ নেতৃত্ব লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰি অহা জুবিন গাৰ্গ শনিবাৰে বিয়লি হঠাতে উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰাৰ দিছপুৰৰ চৰকাৰী বাসগৃহত । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীকো তেওঁৰ বাসভৱনত সাক্ষাৎ কৰিছিল‌ শিল্পীগৰাকীয়ে ।

শনিবাৰে বিয়লি প্ৰায় ডেৰ ঘন্টাজুৰি মন্ত্ৰী বৰাৰ সৈতে আলোচনাত বহে জুবিন গাৰ্গ । আলোচনাৰ অন্তত মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ কৃষি খণ্ডত এক বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰাৰ লক্ষ্য লৈ জুবিন গাৰ্গে এলানি প্ৰস্তাৱ চৰকাৰৰ ওচৰত আগবঢ়াইছে আৰু চৰকাৰেও তেওঁক পূৰ্ণ সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ হ’ব জুবিন গাৰ্গ

মন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে কয় যে, জুবিন গাৰ্গক ৰাজ্যৰ কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে ৰাখিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে আৰু শিল্পীগৰাকীয়েও এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাইছে । আনহাতে বৈঠকৰ অন্তত জুবিন গাৰ্গে কয় যে, তেওঁ অসমৰ যুৱক যুৱতীক লগত ‌লৈ বিশাল পৰিসৰত এক কৃষি বিপ্লৱ সূচনা কৰাৰ পৰিকল্পনা কৰিছে বাবেই চৰকাৰৰ সহযোগিতা বিচাৰিছে । লগতে অসমৰ যুৱক যুৱতীক এই বৃহৎ কৃষি বিপ্লৱৰ বাবে সাজু হ’বলৈও আহ্বান জনাই জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ।

লগতে চাওক-কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ এয়াৰ ইণ্ডিয়া ভগ্নাৱশেষৰ কিছু দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.