গুৱাহাটী, 23 মাৰ্চ : চীনত উৎপত্তি হোৱা কোভিড-19 ৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ লগতে অসমতে আতংকৰ সৃষ্টি হৈছে ৷ বৰ্তমানলৈ অসমত কোনো কৰ'ণাত আক্ৰান্ত লোকৰ সন্ধান পোৱা নাই যদিও অসমত তীব্ৰ গতিত বাহাল আছে সজাগতা ৷ প্ৰশাসন তথা বিভিন্ন ধৰণৰ ৰাজহুৱা-ব্যক্তিগত প্ৰতিষ্ঠানে ৰাইজক সজাগ কৰাৰ বাবে সকলো সময়তে সষ্টম হৈ আছে ৷
বিশ্বৰ এই জটিল সন্ধিক্ষণৰ সময়ত অসমবাসীৰ মনোবল বৃদ্ধি কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷ অসমৰ ৰাইজক এই ভয়াৱহ সময়ত সাহসেৰে থাকিবলৈ কোৱাৰ লগতে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে ৷
সকলোকে নিজৰ বাসগৃহত থাকিবলৈ কোৱাৰ লগতে সকলোধৰণৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰৰ লগত সহযোগিতাৰে এই ভাইৰাছক প্ৰতিহত কৰিবলৈ আহ্বান জনাইছে শিল্পী জুবিন গাৰ্গে ৷ উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে কামৰ বাবে মুম্বাইলৈ গৈ বৰ্তমান ঘূৰি আহিব পৰা নাই বুলি কোৱাৰ লগতে মুম্বাইত পৰিস্থিতি সুস্থিৰ নোহোৱা পৰ্যন্ত তাতেই থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিল্পীগৰাকীয়ে ৷