ETV Bharat / city

World Disability day: গঠন হ'ব সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়

author img

By

Published : Dec 3, 2021, 9:51 PM IST

Updated : Oct 28, 2022, 1:13 PM IST

বৃ্হস্পতিবাৰে আমিনগাঁৱত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত 'আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন' আৰু 'সামাজিক অধিকাৰিতা শিবিৰ'ৰ আয়োজন কৰা হয় (World Disability day celebrate in Amingaon) ৷ গঠন হ'ব "সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়" অনুষ্ঠানটোত উপস্থিত থাকি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

world-disability-day-celebrate-in-amingaon-guwahati
গঠন হ'ব সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়

গুৱাহাটী, 3 ডিচেম্বৰ: সমগ্ৰ বিশ্বতে ৩ ডিচেম্বৰৰ দিনটো দিব্যাংগ দিৱস হিচাপে পালন কৰা হয় (International Day of Persons with Disabilities)। বৃ্হস্পতিবাৰে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত তথা এলিমকো (ALIMCO) আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ 'আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন' আৰু 'সামাজিক অধিকাৰিতা শিবিৰ'ৰ আয়োজন কৰা হয়(Disability day celebrate in Amingaon) । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Chief Minister Dr. Himanta Bishwa Sharma present as the Chief Guest) ৷

অনুষ্ঠানটোত উপস্থিত থাকি ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক 2022 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিজন দিব্যাংগ লোকক একোখনকৈ হুইল চেয়াৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিব্যাংগ সকলক ভগৱানৰ লগত তুলনা কৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে চাকৰিৰ ক্ষেত্ৰত দিব্যাংগ সকলৰ বাবে আসনৰ সংখ্যা 3 শতাংশৰ পৰা 4 শতাংশলৈ বৃদ্ধি কৰা হৈছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানটোত কয় যে সমাজ কল্যাণ সঞ্চালকালয় পৃথকীকৰণ কৰি দিব্যাঙ্গ, জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ আৰু ড্ৰাগছ বিৰোধী আঁচনিসমূহৰ বাবে "সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়" গঠন কৰা হ'ব । সেইদৰে বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে ভাউৰীদেৱী চেৰাউগী চৰকাৰী মুকবধিৰ বিদ্যালয় আৰু বশিষ্ঠৰ অন্ধ বিদ্যালয়ক আগন্তুক শিক্ষাবর্ষৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা হ'ব ৷

আনহাতে ভাৰতীয় সাংকেতিক ভাষা (Indian Sign Language)ৰ আধাৰত অসমীয়া সাংকেতিক ভাষাৰ উন্নীতকৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানটোত সদৰি কৰে । অনুষ্ঠানটোত বিশেষভাৱে সক্ষম লোকসকলক ‘দিব্যাংগ’ শব্দৰে ভূষিত কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিব্যাংগসকলৰ প্ৰতি প্ৰদৰ্শন কৰা আন্তৰিকতা সম্পৰ্কীয় তথ্যচিত্ৰ এখনো প্ৰদৰ্শন কৰা হয় ।

এই অনুষ্ঠানটোত দিব্যাংগ সকলৰ মাজত হুইল চেয়াৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। লগতে অনুষ্ঠানটোত সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ, বিধায়ক ক্ৰমে দিগন্ত কলিতা, নন্দিতা দাস, হেমাংগ ঠাকুৰীয়া আৰু সুমন হৰিপ্ৰিয়া, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড৹ প্ৰদীপ ঠাকুৰীয়াকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: World Disability day: দিব্যাংগৰ হকে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Last Updated : Oct 28, 2022, 1:13 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.