ETV Bharat / city

সৰিয়হৰ ডুলিতেই ভূত থকাৰ উমান অসম আৰক্ষীৰ

author img

By

Published : Sep 5, 2022, 10:58 AM IST

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ এটা হোৱাটছএপ গোটত প্ৰচাৰ হোৱা এক বাৰ্তাই আৰক্ষী বিষয়াসকলৰ মাজত খলকনি তুলিছে ৷ আৰক্ষীৰ সন্মান ৰক্ষাৰ স্বাৰ্থতে সকলো পৰ্যায়ৰ আৰক্ষী বিষয়াক অতিৰিক্তভাৱে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে (WhatsApp message urges police officers to be careful) ৷

whatsapp-message-urges-police-officers-to-be-careful-by-senior-officials
সৰিয়হৰ ডুলিতেই ভূত থকাৰ উমান অসম আৰক্ষীৰ

নিউজ ডেস্ক, 5 ছেপ্তেম্বৰ: সৰিয়হৰ ডুলিতেই ভূত থকাৰ উমান পাইছে অসম আৰক্ষীৰ শীৰ্ষ মহলে ৷ আৰক্ষী বিভাগৰ নাক-কাণ কটা যোৱাৰ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ পিছত বিব্ৰত হৈ পৰা বিভাগটোৰ শীৰ্ষ মহলে ভৱিষ্যতে সামগ্ৰিকভাৱে আৰক্ষীৰ সন্মান ৰক্ষাৰ স্বাৰ্থতে সকলো পৰ্যায়ৰ আৰক্ষী বিষয়াক অতিৰিক্তভাৱে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে (WhatsApp message urges police officers to be careful) ৷

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ এটা হোৱাটছএপ গোটত প্ৰচাৰ হোৱা এক বাৰ্তাই আৰক্ষী বিষয়াসকলৰ মাজত খলকনি তুলিছে ৷ শেহতীয়াভাৱে এগৰাকী আৰক্ষী অধীক্ষকক নিলম্বন আৰু আন এগৰাকীক বদলি কৰাৰ আঁৰত যে বিত্তীয় কেলেংকাৰীহে প্ৰধান কাৰণ আছিল সেয়া হোৱাটছএপ বাৰ্তাটোৱে স্পষ্ট কৰি তুলিছে ৷

বাৰ্তাটোত এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ বিত্তীয় অনিয়ম বা অবৈধ লেনদেন ধৰা পেলাবলৈ জাল পেলাবলগীয়া হোৱা কথাটো সমগ্ৰ আৰক্ষী বিভাগৰ বাবেই বেদনাদায়ক বুলি উল্লেখ কৰি প্ৰকৃততে বিভাগটোৰ ওপৰ মহলত কি ঘটি আছে সেয়া আওপকীয়াকৈ বুজাই দিয়া হৈছে ৷ আৰক্ষীৰ শীৰ্ষ মহলৰ এই হোৱাটছএপ বাৰ্তাই দুৰ্নীতি ৰোধৰ নামত পুঁঠি-খলিহনা জালত পেলাই ৰৌ-বৰালিক সাৰি যোৱাৰ ব্যৱস্থা কৰি দিছে বুলিও বিভিন্নজনে মত প্ৰকাশ কৰিছে ৷

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত আৰক্ষী বিভাগৰে একডজনৰো অধিক বিষয়াক উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে এই সময়ছোৱাত অধীক্ষক পৰ্যায়ৰ বিষয়াক অন্য কাৰণ দেখুৱাই নিলম্বন অথবা বদলি কৰা হৈছে যদিও ইয়াৰ আঁৰত থকা বিত্তীয় কেলেংকাৰী স্বয়ং আৰক্ষী বিভাগৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা কথাটো পৰিস্ফুত হৈছে ৷

এইক্ষেত্ৰত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও এক প্ৰকাৰৰ অসহায় হৈ পৰিছে বুলি এক বাৰ্তাও হোৱাটছএপ বাৰ্তাযোগে কোৱা হৈছে ৷

লগতে পঢ়ক: BREAKING NEWS: মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.