গুৱাহাটী, 9জুলাইঃ অসম মেঘালয় সীমান্তৰ পেট্ৰল পাম্পত তেল ভৰাওতে সাৱধান হওক আপুনি । কিয়নো তেলৰ পৰিৱৰ্তে এতিয়া একাংশ পেট্ৰল পাম্পে গাড়ীত ভৰাইছে পানী । মঙ্গলবাৰে মিডৱে এনাৰ্জি পইন্ট নামৰ এটা পেট্ৰল পাম্পত ডিজেল ভৰাই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কেইবাখনো গাড়ীৰ ইঞ্জিন বিকল হৈ পৰে । ব্ৰইলাৰ কুকুৰা কঢ়িয়াই অনা গাড়ীৰ পৰা আৰম্ভ কৰি মালবাহী ট্ৰাকৰ লগতে শ্বিলং ফুৰিবলৈ যোৱা অসমৰ পৰ্যটকৰ কেইবাখনো গাড়ী দিনটোৰ বাবে আবদ্ধ হৈ পৰে । প্ৰথমতে পেট্ৰল পাম্পৰ গৰাকীয়ে এই কথা মানি লোৱা নাছিল যদিও শেষত সকলোয়ে উভতি ধৰাত নিজৰ ভুল স্বীকাৰ কৰে পাম্পৰ কৰ্তৃপক্ষই । এনেদৰে ডিজেলৰ সলনি পানী ওলোৱা কাৰ্যই এতিয়া যাত্ৰী আৰু চালকৰ মাজত সৃষ্টি কৰিছে ৰহস্যৰ ।
ডিজেলৰ সলনি পেট্ৰল পাম্পত বিক্ৰী হয় পানী
নংপো থানাৰ অন্তৰ্গত ২০ মাইলৰ মিডৱে এনাৰ্জি পইন্ট পেট্ৰল পাম্পত উত্তেজনা । ডিজেলৰ ঠাইত গাড়ীৰ ইঞ্জিনত ওলাল পানী ।
গুৱাহাটী, 9জুলাইঃ অসম মেঘালয় সীমান্তৰ পেট্ৰল পাম্পত তেল ভৰাওতে সাৱধান হওক আপুনি । কিয়নো তেলৰ পৰিৱৰ্তে এতিয়া একাংশ পেট্ৰল পাম্পে গাড়ীত ভৰাইছে পানী । মঙ্গলবাৰে মিডৱে এনাৰ্জি পইন্ট নামৰ এটা পেট্ৰল পাম্পত ডিজেল ভৰাই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কেইবাখনো গাড়ীৰ ইঞ্জিন বিকল হৈ পৰে । ব্ৰইলাৰ কুকুৰা কঢ়িয়াই অনা গাড়ীৰ পৰা আৰম্ভ কৰি মালবাহী ট্ৰাকৰ লগতে শ্বিলং ফুৰিবলৈ যোৱা অসমৰ পৰ্যটকৰ কেইবাখনো গাড়ী দিনটোৰ বাবে আবদ্ধ হৈ পৰে । প্ৰথমতে পেট্ৰল পাম্পৰ গৰাকীয়ে এই কথা মানি লোৱা নাছিল যদিও শেষত সকলোয়ে উভতি ধৰাত নিজৰ ভুল স্বীকাৰ কৰে পাম্পৰ কৰ্তৃপক্ষই । এনেদৰে ডিজেলৰ সলনি পানী ওলোৱা কাৰ্যই এতিয়া যাত্ৰী আৰু চালকৰ মাজত সৃষ্টি কৰিছে ৰহস্যৰ ।
Body:নংপো থানাৰ অন্তৰ্গত ২০ মাইলস্থিত Midway Energy Point নামৰ পেট্ৰল পাম্পত ডিজেল ভৰাই বিপদত পৰিল অসমৰ গাড়ী চালক।
৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা Midway Energy Point নামৰ পেট্ৰল পাম্পৰ পৰা মঙ্গলবাৰে ডিজেল ভৰাই বিপদত পৰিল বহু গাড়ী চালক। উক্ত পেট্ৰল পাম্পত ডিজেল ভৰোৱাৰ পাছত এখন বলোৰো পিক আপ ভেন এখন ইনভা কাৰ এখন চুইফট ডিজায়াৰ আৰু এখন ট্ৰাকৰ ইঞ্জিন বিকল হৈ পৰে। Midway Energy Pointৰ পৰা চালকসকল ডিজেল ভৰালে ঠিকেই কিন্তু ডিজেলৰ পৰিৱৰ্তে মেচিনৰ পৰা ওলাল পানী যাৰ বাবে আদবাটতে ৰব লগা হল গাড়ী চালক আৰু যাত্ৰী।
Byte 1 চালক সকল
Byte 2 যাত্ৰী
Byte 3 পেট্ৰল পাম্পৰ গৰাকী
Conclusion:এনেদৰে পেট্ৰল পাম্পৰ পৰা ডিজেলৰ পৰিবৰ্তে পানী ওলোৱা দেখি যাত্ৰী আৰু চালকৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে। এতিয়াৰ পৰা পেট্ৰল পাম্পত তেল ভৰাবলৈ গ'লে আপুনিও ভাবিব লাগিব এশবাৰ।