দক্ষিণ কামৰূপ/আজাৰা, 3 জানুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু অ'পেনাৰ বেটছমেন কে. এ. ৰাহুল সহ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় অধিনায়ক বিৰাট কোহলী ৷ বৰঝাৰ বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁলোকক ৰেডিছন ব্লু হোটেললৈ লৈ যোৱা হয় ৷ 5 জানুৱাৰীত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ভাৰত আৰু শ্ৰীলংকাৰ প্ৰথমখন টি-20 মেচৰ বাবে তিনিওগৰাকী অসমত আহি উপস্থিত হয় ৷
উল্লেখ্য যে, তেওঁলোকৰ পূৰ্বে ভাৰত আৰু শ্ৰীলংকা দলৰ বহুকেইগৰাকী খেলুৱৈ আহি উপস্থিত হৈছেহি ৷