গুৱাহাটী, ৫ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই "৬ নং দফা সমিতিৰ প্ৰতিবেদন আদালতত নিটিকে" বুলি কৰা মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । হাজৰিকাই কয়, তেওঁৰ এই মন্তব্য কেৱল ৬ নং দফা কাৰ্যকৰী নকৰিবলৈ দিয়া এটা ভিত্তিহীন যুক্তি ।
এই যুক্তি ভিত্তিহীন দুটা কাৰণত । প্ৰথমতে, সংৰক্ষণৰ ৫০% সীমা উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰিছে কেৱল চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰতহে । কিন্তু ব্যতিক্ৰমীভাৱে, উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত খিলঞ্জীয়া বাবে থকা ৮০-৯০% সংৰক্ষণকো উচ্চতম ন্যায়ালয়ে বৈধ বুলি স্বীকৃতি দিছে । উচ্চতম ন্যায়ালয়ে দিয়া তিনিটা ৰায়দান ক্ৰমে সৰ্বানন্দ ১, সৰ্বানন্দ ২ আৰু সন্মিলিত মহাসংঘত স্পষ্টভাৱে স্বীকৃতি দিছে যে অসমত খিলঞ্জীয়া সংখ্যালঘু হোৱাৰ পথত আৰু সেয়েহে খিলঞ্জীয়াৰ অধিকাৰ আৰু নিৰাপত্তা সুৰক্ষিত কৰাটো অনিবাৰ্য ।
কেৱল অসমে চুক্তি কৰি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত ২৩ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা ল’লে যাৰ ক্ষতিপূৰণৰ ৰূপত অসমৰ ১১৫ টা জাতি জনগোষ্ঠীৰ বাবে ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি অসম চুক্তিত লিপিবদ্ধ আছে ।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ দৰে, প্ৰতিবেদনৰ প্ৰস্তাৱ কেৱল চাকৰি সংৰক্ষণৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয় । ভূমি, ব্যৱসায় ইত্যাদি ক্ষেত্ৰতো প্ৰস্তাৱ আছে । ইতিমধ্যে বিজেপি শাসনাধিষ্ঠ হিমাচল, উত্তৰাখণ্ড উপৰিও উত্তৰ-পূৱৰ আন ৰাজ্যতো খিলঞ্জীয়া লোকৰ বাবে ভূমি সংৰক্ষিত আছে । ২১ ডিচেম্বৰ ২০১৯ ত তেওঁ স্বয়ং কেবিনেটৰ প্ৰতিশ্ৰুতি ৰাজহুৱা কৰিছিল যে ভূমি সংৰক্ষণৰ আইন পৰৱৰ্তী বিধানসভা অধিবেশনত প্ৰণয়ন কৰা হ’ব । যি এতিয়া এটা মিথ্যাচাৰ প্ৰমাণিত হ'ল ।
যদি প্ৰতিবেদনত কিবা খুঁট আছে বুলি তেওঁ জানিছিলেই, তেন্তে কমিটীত থকা বিশিষ্ট আইনজ্ঞ সকলৰ পৰা পুনৰ স্পষ্টিকৰণ বিচাৰি এটা সমাধানৰ পথ নিবিচাৰিলে কিয় ? দ্বিতীয়তে, মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় কংগ্ৰেছত থাকি খিলঞ্জীয়াৰ বিৰোধ কৰি বাংলাদেশীক তুষ্ট কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছিল সেয়া উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল ।
তাৰ কেইটামান উদাহৰণ- ২০০১ চনৰ মে’ মাহত গঠন হোৱা কংগ্ৰেছ চৰকাৰে এমাহৰ ভিতৰতে উচ্চতম ন্যায়ালয়ত IMDT আইন সমৰ্থন কৰি শপত নামা দিছিল । কিন্তু এই শপত নামা উচ্চতম ন্যায়ালয়ে নাকচ কৰি IMDT আইন বাতিল কৰে । তাৰ পিছত ২০০৬ চনত উচ্চতম ন্যায়ালয়ত IMDT পুনৰ স্থাপন কৰিবলৈ অধিনিয়ম ঘোষণা কৰিলে । উচ্চতম ন্যায়ালয়ে ইয়াক পুনৰ বাতিল কৰিলে ।
তৰুণ গগৈ চৰকাৰৰ অসম চুক্তি ৰূপায়ন মন্ত্ৰী হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা উপায়ুক্তৰ কাৰ্যলয় জ্বলাই দি এন আৰ চি (NRC) স্থগিত কৰা সকলক ক্ষতিপূৰণ দি পুৰস্কৃত কৰিলে, যাৰ মাজত ৯০ জন মান ব্যক্তি বিদেশী প্ৰমাণিত হ’ল । এন আৰ চি (NRC) পুনৰ আৰম্ভ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰা আসাম পাব্লিক ৱৰ্কচৰ গোচৰক বিৰোধ কৰি অসম চৰকাৰে দিয়া শপতনামা ন্যায়ালয়ে নাকচ কৰাৰ লগতে এন আৰ চি (NRC) সম্পূৰ্ণ হোৱাৰ সময় তালিকা ধাৰ্য কৰিলে ।
মুঠৰ ওপৰত কংগ্ৰেছত থাকোতে বাংলাদেশীৰ পক্ষত ড৹ হিমন্ত বিশ্ব শৰ্মাই যি তৎপৰতা দেখুৱাইছিল সেই একে তৎপৰতা কিন্তু যোৱা ৫ বছৰে খিলঞ্জীয়াৰ পক্ষত থাকি দেখুওৱা নাই । এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত ড৹ শৰ্মাৰ এনেধৰণৰ মন্তব্যই খিলঞ্জীয়াক সংকেত দিলে যে ৰক্ষা কৱচৰ কোনো আইনী ভিত্তি নাই আৰু ইয়াৰ ফলত অসম আন্দোলন আৰু যোৱা ৪০ বছৰ ধৰি খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ চলা সংগ্ৰামখনো নস্যাৎ কৰাৰ প্ৰয়াস কৰা হৈছে ।
লগতে পঢ়ক : ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা: মুখ্যমন্ত্ৰী