ETV Bharat / city

সমষ্টি পুনৰ গঠন কৰিলে খিলঞ্জীয়াৰ লোকচান হ’ব, উপকৃত হ’ব বাংলাদেশী : উপমন্যু হাজৰিকা - CAA বিৰোধী আন্দোলন

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অধিসূচনা অনুসৰি অসমত লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই কয়, ‘‘সমষ্টি পুনৰ গঠন কৰিলে খিলঞ্জীয়া লোকচানত থাকিব আৰু বাংলাদেশী উপকৃত হ’ব,কিয়নো সমষ্টি পুনৰ গঠন হ’ব জনসংখ্যা ভিত্তিত আৰু আজিৰ দিনত বৰ্তমান সময়ত খিলঞ্জীয়া অধ্যুষিত সমষ্টিতকৈ বাংলাদেশী অধ্যুষিত অধিক ৷’’

উপমন্যু হাজৰিকা, upamanyu_hazarika reaction on center constituency reestablished process
সমষ্টি পুনৰ গঠন কৰিলে খিলঞ্জীয়াৰ লোকচান হ’ব, উপকৃত হ’ব বাংলাদেশী : উপমন্যু হাজৰিকা
author img

By

Published : Feb 29, 2020, 10:07 PM IST

গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ 2008 চনত আইন শৃংখলা ব্যৱস্থা উন্নত নোহোৱা বাবে সমষ্টি সমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া স্থগিত কৰা হৈছিল । অধিসূচনা অনুসৰি বৰ্তমান সময়ত আইন শৃংখলা বাতাবৰণ উন্নত হৈছে । CAA বিৰোধী আন্দোলন,বিটিএডিত চলি থকা অবড়ো আন্দোলন,তীব্ৰ গতিত চলি থকা অৱস্থাত অধিসূচনা জাৰি কৰা যুক্তি ভিত্তিহীন বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই । তেওঁ ইয়াৰ গুৰিতে শাসকীয় দলৰ ৰাজনৈতিক অংকৰ কথা উল্লেখ কৰে ।

উপমন্যু হাজৰিকাৰ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়া

তেওঁ লগতে কয়, CAA বিৰোধী আন্দোলনৰ বাবে বিজেপি আৰু অগপই খিলঞ্জীয়া সমৰ্থন হেৰুৱাব তাৰ বাবে সমষ্টি পুনৰ গঠন কৰি খিলঞ্জীয়া সমষ্টি হ্ৰাস কৰিব আৰু বাংলাদেশী অধ্যুষিত অঞ্চলত সমষ্টি বাঢ়ি যাব । ইতিমধ্যে বৰ্তমান চৰকাৰে NRCত বিদেশীৰ নাম সুমুৱাই তেওঁলোকৰো সমৰ্থন লাভ কৰিব । যোৱা 40 বছৰে খিলঞ্জীয়া নেতাই খিলঞ্জীয়াক ঠগি আছে,এইটো আৰু এটা উদাহৰণ ! যেতিয়া নেতা সকলে 6 নং দফাৰ নামত সমষ্টি সংৰক্ষণ কৰি ল’ব তেতিয়া তেওঁলোক বাংলাদেশী ভোটত নিৰ্বাচিত হৈ থাকিব পাৰিব । যেতিয়া NRCত 70 লাখ বিদেশী অন্তৰ্ভুক্ত হোৱা বুলি ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আন নেতাসকলে কৈয়ে থাকে আৰু পুনৰ পুনৰ নিৰিক্ষণৰ দাবী কৰে,যি পুনৰ নিৰিক্ষণৰ ক্ষমতা স্বয়ং চৰকাৰৰ হাততেই আছে । যদি প্ৰকৃততে পুনৰীক্ষণ হয় তেন্তে বহু কিছু সমষ্টিত নাগৰিকৰ জনসংখ্যা হ্ৰাস পাব ৷

আনহাতে,NRC সম্পূৰ্ণ পুনৰ নিৰিক্ষণ নকৰাকৈ সমষ্টি পুনৰ গঠন কৰিবলৈ আগবঢ়া মানেই বুজাই যে বিজেপি আৰু অগপই NRC পুন নিৰিক্ষণৰ কোনো সদিচ্ছা নাই ।

প্ৰকৃততে য'ত আজি খিলঞ্জীয়াৰ প্ৰয়োজন আছিলে 'দূৰদৰ্শী আৰু জাতিপ্ৰেমী নেতা' আমি পালো নেতাৰ নামত ৰাজনৈতিক ব্যৱসায়ী । বিজেপিৰ শক্তিশালী নেতা সকলেও বিদেশীৰ ফালে হাত উজান দিয়ে, (কংগ্ৰেছতেই থাকক বা বিজেপিতে থাকক)। আগন্তুক দিনত যেতিয়া দল বাগৰিব তেতিয়া বাংলাদেশী মুছলমান সকলক গৌৰৱেৰে ক’ব পাৰিব বিজেপিত থাকোতেও তেওঁলোকক সুৰক্ষিত কৰি ৰক্ষণাবেক্ষণ দিছিলো আৰু এতিয়াও দি আছো । NRCৰ জৰিয়তে মুছলমান বাংলাদেশী আৰু CAAৰ দ্বাৰা হিন্দু বাংলাদেশীক সুৰক্ষিত কৰি খিলঞ্জীয়াক ধ্বংসৰ বাবে ঠেলি দিব এই ৰাজনৈতিক ব্যৱসায়ীবোৰে এইদৰে কয় হাজৰিকাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.