ETV Bharat / city

গুৱাহাটীত উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰিলে কুখ্যাত অপৰাধী - undefined

অসম আৰক্ষীৰ অজ্ঞাতে উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান ৷ চাঞ্চল্যৰ সৃষ্টি ৷

up criminial arrested in guwahati Assam
author img

By

Published : Oct 24, 2019, 11:14 PM IST

গুৱাহাটী, ২৪ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰিত আত্মগোপন কৰি থকা এটা দুৰ্ধৰ্ষ অপৰাধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসম আৰক্ষীক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি যোৱা ২২ অক্টোবৰৰ বিয়লি প্ৰায় ৩ বজাত উত্তৰ প্ৰদেশ আৰক্ষীৰ এটি অভিযানকাৰী দলে মহানগৰ আৰক্ষীক কোনো ধৰণৰ আগতীয়া খবৰ নিদিয়াকৈ দীৰ্ঘদিন ধৰি অসমত আত্মগোপন কৰি থকা বাৰাণসীৰ বাসিন্দা ৰূপেশ সিং নামৰ দূৰ্ধৰ্ষ অপৰাধীটোক ধোপগুৰীৰ পৰা বিশেষ কায়দাৰে গ্ৰেপ্তাৰ কৰি লৈ যায়। ইফালে আৰক্ষীয়ে আটক কৰি নিয়াৰ পিছত ৰূপেশৰ পত্নীয়ে এই বিষয়ে ক্ষেত্ৰী আৰক্ষী থানাত স্বামীক অপহৰণৰ এক গোচৰ ৰুজু কৰাৰ পিছতেই সমগ্ৰ ঘটনাৱলী পোহৰলৈ আহে।

ইফালে এই ঘটনা সন্দৰ্ভত আজি বৃহস্পতিবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে যোৱা ২২ অক্টোবৰত ক্ষেত্ৰী থানাত ৰূপেশ সিঙৰ পত্নীয়ে ৰুজু কৰা এক অপহৰণৰ গোচৰৰ ভিত্তি অনুসৰি তেওঁৰ স্বামীক আৰক্ষীৰ পোছাক পৰিধান কৰি অহা উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে ক'লা ৰঙৰ স্কৰপিঅ বাহন এখনত উঠাই লৈ যায়। মুঠ চাৰিজনীয়া এই দলটোৰ দুগৰাকী আৰক্ষীৰ পোছাকত আছিল আৰু বাকী কেইজন সাধাৰণ পোছাকত আহিছিল। আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে পাছত আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো এক অপহৰণ কাণ্ড বুলি সন্দেহ কৰে আৰু এই সন্দৰ্ভত যোৰাবাট আৰক্ষী চকীত থকা চিচিটিভি ফুটেজত পোৱা দৃশ্য পৰীক্ষা কৰে। এই চিচিটিভি ফুটেজত উক্ত অপহৰণৰ কাণ্ড দিনাখন বাহনখন উক্ত পথেৰে অহা যোৱা কৰিছিল। ইয়াৰ পাচতে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। এইক্ষেত্ৰত অসম আৰক্ষীয়ে জানিব পাৰে যে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা তেঁওলোকৰ বাঞ্চিত অপৰাধীক বিচাৰি অভিযান চলোৱাতো সত্য। লগতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিয়ে যে ধৃত ৰূপেশ সিং নামৰ এগৰাকী দূৰ্ধৰ্ষ অপৰাধী। বাৰাণসীৰ বাসিন্দা এই লোকজনৰ আ-অলংকাৰৰ দোকান থকাৰ লগতে বিভিন্ন ধৰণৰ দুষ্কাৰ্যত জড়িত। ৰূপেশ সিঙে উত্তৰ প্ৰদেশত কেইবাটাও হত্যাকাণ্ড, অপহৰণ, ধন দাবীৰ ঘটনাত জড়িত। অপৰাধী সিঙৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ বিভিন্ন আৰক্ষী থানাত ইতিমধ্যে ৫৪ টাকৈ বিভিন্ন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে । ইয়াৰ উপৰি এই বাঞ্চিত অপৰাধীটোৰ সন্ধান দিওতালৈ পঞ্চাছ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

গুৱাহাটীত আটক উত্তৰ প্ৰদেশৰ অপৰাধী

আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৰায়ত্ত কৰি নিয়া ৰূপেশ সিঙে প্ৰায় দুবছৰ পূৰ্বে ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰিত স্থানীয় এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ নিগাজীকৈ ব্ৰইলাৰ মুৰ্গী আৰু গাহৰি পালনৰ ব্যৱসায় কৰি আহিছিল । ইয়াৰ পূৰ্বে ৰূপেশে তিনিচুকীয়াৰ ডিগবৈত ব্যৱসায় কৰিছিল বুলিও জানিবলৈ দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে । আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰি নিয়া ৰূপেশ সিং অসমত কোনো অপৰাধমূলক ঘটনাত জড়িত নেকি থকাৰ সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু এই সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে ।

Intro:গুৱাহাটী মহানগৰীৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰি নিলে কুখ্যাত অপৰাধী
Body:গুৱাহাটী, ২৪ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰিত আত্মগোপন কৰি থকা এটা দুৰ্ধৰ্ষ অপৰাধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসম আৰক্ষীক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি যোৱা ২২ অক্টোবৰৰ বিয়লি প্ৰায় ৩ বজাত উত্তৰ প্ৰদেশ আৰক্ষীৰ এটি অভিযানকাৰী দলে মহানগৰ আৰক্ষীক কোনো ধৰণৰ আগতীয়া খবৰ নিদিয়াকৈ দীৰ্ঘদিন ধৰি অসমত আত্মগোপন কৰি থকা বাৰাণসীৰ বাসিন্দা ৰূপেশ সিং নামৰ দূৰ্ধৰ্ষ অপৰাধীটোক ধোপগুৰীৰ পৰা বিশেষ কাইদাৰে গ্ৰেপ্তাৰ কৰি লৈ যায়। ইফালে আৰক্ষীয়ে আটক কৰি নিয়াৰ পিছত ৰূপেশৰ পত্নীয়ে এই বিষয়ে ক্ষেত্ৰী আৰক্ষী থানাত স্বামীক অপহৰণৰ এক গোচৰ ৰুজু কৰাৰ পিছতেই সমগ্ৰ ঘটনাৱলী পোহৰলৈ আহে।
ইফালে এই ঘটনা সন্দৰ্ভত আজি বৃহস্পতিবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে যোৱা ২২ অক্টোবৰত ক্ষেত্ৰী থানাত ৰূপেশ সিঙৰ পত্নীয়ে ৰুজু কৰা এক অপহৰণৰ গোচৰৰ ভিত্তি অনুসৰি তেওঁৰ স্বামীক আৰক্ষীৰ পোছাক পৰিধান কৰি অহা উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে কলা ৰঙৰ স্কৰপিঅ বাহন এখনত উঠাই লৈ যায়। মুঠ চাৰিজনীয়া এই দলটোৰ দুগৰাকী আৰক্ষীৰ পোছাকত আছিল আৰু বাকী কেইজন সাধাৰণ পোছাকত আহিছিল। আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে পাছত আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো এক অপহৰণ কাণ্ড বুলি সন্দেহ কৰে আৰু এই সন্দৰ্ভত যোৰাবাট আৰক্ষী চকীত থকা চিচিটিভি ফুটেজত পোৱা দৃশ্য পৰীক্ষা কৰে। এই চিচিটিভি ফুটেজত উক্ত অপহৰণৰ কাণ্ড দিনাখন বাহনখন উক্ত পথেৰে অহা যোৱা কৰিছিল। ইয়াৰ পাছতে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। এইক্ষেত্ৰত অসম আৰক্ষীয়ে জানিব পাৰে যে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা তেঁওলোকৰ বাঞ্চিত অপৰাধীক বিচাৰি অভিযান চলোৱাতো সত্য। লগতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিয়ে যে ধৃত ৰূপেশ সিং নামৰ এগৰাকী দূৰ্ধৰ্ষ অপৰাধী। বাৰাণসীৰ বাসিন্দা এই লোকজনৰ আ-অলংকাৰৰ দোকান থকাৰ লগতে বিভিন্ন ধৰণৰ দুষ্কাৰ্যত জড়িত। ৰূপেশ সিঙে উত্তৰ প্ৰদেশত কেইবাটাও হত্যাকাণ্ড, অপহৰণ, ধন দাবীৰ ঘটনাত জড়িত। অপৰাধী সিঙৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ বিভিন্ন আৰক্ষী থানাত ইতিমধ্যে ৫৪ টাকৈ বিভিন্ন অপৰাধ মূলক গোচৰ ৰুজু হৈ আছে। ইয়াৰ উপৰি এই বাঞ্চিত অপৰাধীটোৰ সন্ধান দিওতালৈ পঞ্চাছ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে।
আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৰায়ত্ত কৰি নিয়া ৰূপেশ সিঙে প্ৰায় দুবছৰ পূৰ্বে ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰিত স্থানীয় এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ নিগাজীকৈ ব্ৰইলাৰ মুৰ্গী আৰু গাহৰি পালনৰ ব্যৱসায় কৰি আহিছিল। ইয়াৰ পূৰ্বে ৰূপেশে তিনিচুকীয়াৰ ডিগবৈত ব্যৱসায় কৰিছিল বুলিও জানিবলৈ দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে। আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰি নিয়া ৰূপেশ সিং অসমত কোনো অপৰাধিক ঘটনাত জড়িত নেকি সেই বিষয়ে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু এই সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে।

Bite আৰক্ষী আয়ুক্ত

Conclusion:Asrar Ansari
Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.