গুৱাহাটী,4 ছেপ্তেম্বৰ : গুৱাহাটীৰ গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত বিজেপিয়ে এখন কৰ্মশালাৰ আয়োজন কৰে ৷ এই কৰ্মশালাত উপস্থিত থাকে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ দহ জনকৈ প্ৰতিনিধি ৷ এই কৰ্মশালাত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং,লাডাখৰ সাংসদ ছেৰিং নামড্যাল,মিনাক্ষী লেখী আৰু বহুকেইজন বিজেপিৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

ইয়াৰ পাছতে অনুষ্ঠিত সংবাদমেলত জিতেন্দ্ৰ সিঙে মন্তব্য কৰে যে,অনুচ্ছেদ 370 বাতিলকৰণে সমগ্ৰ দেশকে লাভাৱান্বিত কৰিব আৰু উগ্ৰবাদ কমাব ৷ জম্মু কাশ্মীৰৰ পৰিস্থিতি এতিয়া স্বাভাৱিক হৈ পৰা বুলি মন্তব্য কৰে সিঙে ৷ ইয়াৰোপৰি, অনুচ্ছেদ 371 ক লৈ উত্তৰ - পূৰ্বাঞ্চলে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰোপৰি,বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মিনাক্ষী লেখীয়ে এন আৰ চিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ মন্তব্য কৰে যে,ভূমিপুত্ৰৰ অধিকাৰ কোনো কাৰণতে খৰ্ব হ'ব নালাগে ৷ এন আৰ চিত কিবা ক্ৰটি ৰৈ গৈছে যদি সকলোবোৰৰ শুধৰণী কৰা হ'ব ৷ অসমৰ ৰাইজৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰে সুনিশ্চিত কৰিব বুলি মন্তব্য কৰে লেখীয়ে ৷