গুৱাহাটী,5 নৱেম্বৰ: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱক সুঁৱৰি দীঘলীপুখুৰী পাৰত একেলগ হ'ল অগণন লোক । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলবাৰে দীঘলীপুখুৰীত দহ হেজাৰ বন্তি প্ৰজ্বলন কৰা হয় ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দীঘলীপুখুৰী পাৰত বন্তি প্ৰজ্বলনৰ বাবে উপস্থিত হয় অৰুণ হাজৰিকা ,দীপলিনাকে ধৰি বহু কেইজন শিল্পী । দীপলিনাই মনৰ কথা ব্যক্ত কৰি সদৌ অসম ছাত্ৰ সন্থাই লোৱা পদক্ষেপক শলাগ জনায় । লগতে দীপলিনাই সুধাকণ্ঠ গৰাকীক জীৱিত কালত লগ পোৱাৰ সৌভাগ্য নঘটিলেও তেখেতৰ কালজয়ী গানসমূহে সদায় আকৃষ্ট কৰাৰ কথা অৱগত কৰে ।
লগতে পঢ়ক: সাত ফুট দীঘল কফিনত সুধাকণ্ঠৰ নশ্বৰ দেহৰ প্ৰতিমূৰ্তি