ETV Bharat / city

মালিগাঁৱৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষীক জগৰীয়া কিয় ! - গুৱাহাটী

বহিঃৰাজ্যৰ পৰা অহা বহু কিন্নৰকলৈ এমাহ পূৰ্বে ভৰলুমুখ আৰক্ষী থানাত স্থানীয় কিন্নৰে দাখিল কৰিছিল এজাহাৰ । কিন্তু উক্ত এজাহাৰৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মালিগাঁৱত সংঘটিত হয় এই ঘটনা বুলি অভিযোগ কৰে অসম চৰকাৰৰ তৃতীয় লিংগ কল্যাণ বোৰ্ডে ।

Transgender incident At Guwahati Maligon
মালিগাঁৱৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষীক জগৰীয়া কিয় !
author img

By

Published : Jul 25, 2020, 6:59 PM IST

গুৱাহাটী, 25 জুলাইঃ শুকুৰবাৰে গুৱাহাটীৰ মালিগাঁৱত তৃতীয় লিংগৰ মাজত সংঘটিত হৈছিল এই অনাকাংশিত ঘটনা। ইতিমধ্যে উক্ত ঘটনাৰ বাবে অসম চৰকাৰৰ তৃতীয় লিংগ কল্যাণ বৰ্ডৰ সহযোগী উপাধ্যক্ষা বিধান বৰুৱাই সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

মালিগাঁৱৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষীক জগৰীয়া কিয় !

উল্লেখ্য যে,লক ডাউন মাজতে বহিঃৰাজ্যৰ পৰা বহু কিন্নৰ আহি গুৱাহাটীত বাহৰ পাতি আছে । বহিঃৰাজ্যৰ পৰা অহা কিন্নৰ সকলে দীৰ্ঘ দিনৰে পৰা ব্যৱসায়িক প্ৰতিষ্ঠান,বাহন আদিৰ পৰা ধন সংগ্ৰহত নামি পৰিছিল । যাৰ বাবেই স্থানীয় কিন্নৰৰ লগত আৰম্ভ হৈছিল সংঘাত । এই সন্দৰ্ভত যোৱা প্ৰায় এমাহ পূৰ্বে ভৰলুমুখ আৰক্ষী থানাত স্থানীয় কিছু কিন্নৰে দাখিল কৰিছিল এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত 308/2020 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে যদিও কোনো ব্যৱস্থা আৰক্ষীয়ে লোৱা নাই বুলি অভিযোগ কৰে কল্যাণ বৰ্ডৰ সহযোগী উপাধ্যক্ষা বিধান বৰুৱাই । যাৰ পৰিপ্ৰেক্ষিততে এনে বিভৎস তথা লোমহৰ্ষক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে বুলি মন্তব্য কৰে ।

ইফালে এই ঘটনাৰ সবিশেষ প্ৰতিবেদন বিচাৰি অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰৰ তৃতীয় লিংগ কল্যান বোৰ্ডে। বোৰ্ডৰ সহযোগী উপাধ্যক্ষা বিধান বৰুৱাই ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰিলে এই কথা। লগতে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষী জগৰীয়া বুলি অভিযোগ কৰে ।

এই ঘটনাত ৰাজনীতি থকা বুলিও উল্লেখ কৰে বৰুৱাই । কাৰণ লক ডাউনৰ মাজতে কেনেদৰে শ শ বহিঃৰাজ্যৰ পৰা কিন্নৰ গুৱাহাটীলৈ আহিলে,তাকলৈও বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে । অতি গুৰুত্বপূৰ্ণ কথা এইটোৱে যে,বৰ্তমান এই মাৰপিটৰ ঘটনাৰ পিছতেই বহিঃৰাজ্যৰ পৰা বহুতো কিন্নৰ গুৱাহাটীলৈ অহাৰ বাবে যো-জা আৰম্ভ কৰিছে । এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছে তৃতীয় লিংগ কল্যাণ বোৰ্ডৰ সহযোগী উপাধ্যক্ষ বিধান বৰুৱাই । যাৰ বাবে বহিঃৰাজ্যৰ কোনো কিন্নৰ যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে অসম চৰকাৰৰ তৃতীয় লিংগ কল্যান বোৰ্ডৰ সহযোগী উপাধ্যক্ষা বিধান বৰুৱাই ।

উল্লেখ্য যে শুকুৰবাৰে কিন্নৰৰ দুই ফৈদৰ মাজত হোৱা সংঘাতত আৰক্ষীও এক প্ৰকাৰ অসহায় হৈ পৰিছিল। সেয়ে উপায়ন্তৰ হৈ লাঠিচালনা কৰিবলৈ বাধ্য হৈছিল। কিন্তু কিন্নৰৰ বাবে আৰক্ষীয়ে আইনগত কেনে ব্যৱস্থা ল'ব পাৰে তাৰ বিষয়েও জনাইছে বিধান বৰুৱাই । তৃতীয় লিংগ নীতি আৰু তৃতীয় লিংগ আইনৰ অধীনত বিভিন্ন ধৰণে ব্যৱস্থা ল'ব পাৰি বুলি মন্তব্য কৰে বিধান বৰুৱাই ।

লগতে পঢ়ক- সৰ্থেবাৰী আৰক্ষীৰ জালত চাৰি নৃশংস হত্যাকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.