ETV Bharat / city

পুৱাৰ 10 শীৰ্ষ বাতৰি

পুৱাৰ 10 শীৰ্ষ বাতৰি

Top 10 news at 10 AM
পুৱাৰ 10 শীৰ্ষ বাতৰি
author img

By

Published : Jun 2, 2020, 10:05 AM IST

ফাষ্টট্ৰেক আদালতত কৰা হ'ব দেৱশীষ গগৈ হত্যাকাণ্ডৰ বিচাৰ !

30 মে'ত মৰিয়নিৰ গাভৰু চাহবাগিছাৰ সমীপত একাংশ উন্মত্ত লোকে হত্যা কৰিছিল দেৱাশীষ গগৈ নামৰ যুৱকজনক ৷ সামান্য এটি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই গণ ৰোষৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল যুৱকজনে ৷ এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তুলিছে ৰাজ্যবাসীয়ে ৷ ইয়াৰ কেইদিনমান পূৰ্বে চাবুৱাত এজন যুৱক আৰু হাজোত এগৰাকী পাচলি বিক্ৰেতাই মৃত্যুক সাৱটিব লগীয়া হৈছিল গণৰোষৰ বলি হৈ ৷

'কা' বিৰোধী আন্দলোনৰ সক্ৰিয় আছু নেতাই পিন্ধিলে গেৰুৱা বসন !

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জঁপিয়াই পৰি বিজেপি মুৰ্দাবাদ ধ্বনি দিয়া আছু নেতাৰ বিজেপিত যোগদান। দীৰ্ঘকাল ধৰি ডিব্ৰুগড় আছুৰ লগত জড়িত দিব্যজ্যোতি হাজৰিকা ওৰফে বিজু লখিমীয়ে অৱশেষত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে ৷

বহিৰাজ্যৰ পৰা উভতি অহা যুৱকলৈ শূণ্য শতাংশত ঋণঃ অতুল বৰা

অসমৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰ টনকিয়াল কৰি তুলিবলৈ ৰাজ্যৰ কৃষি বিভাগে ভৱিষ্যত দিনৰ এক নতুন কৰ্ম আচনিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে । ৰাজ্যৰ বাহিৰৰ পৰা উভতি অহা অসমৰ যুৱকসকলক উৎসাহিত কৰিবলৈ কৃষি বিভাগে মৌ পালন,কাঠফুলা আদি খেতিৰ বাবে পুজিৰ যোগান ধৰিব । শূণ্য শতাংশ সুতত এইসকল যুৱকক কে চি চিৰ ঋণ প্ৰদান কৰা হ'ব ৷ এইবাৰ জাহাজেৰে অসমৰ ভোট জলকীয়া,আনাৰস আদি বিদেশলৈ প্ৰেৰণ কৰা হ'ব ৷

নিৰ্বিকাৰ বন বিভাগঃ শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস অভিযান

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি বনধ্বংস যজ্ঞ চলি থকাৰ লগতে জীয়াভৰলী নদীত চলি আছে অবৈধ শিল বালি খনন কাৰ্য ৷ জীয়াভৰলী নদীখনত চলি থকা অবাধ খননৰ বাবেই লুপ্ত পাবলৈ ধৰিছে প্ৰাকৃতিক সৌন্দৰ্য্য। এই সমগ্ৰ ঘটনা বন বিভাগৰ জ্ঞাতেই চলি থকাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।

টংলাত কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰা যুৱকক উদ্ধাৰ

টংলা মহাবিদ্যালয়ৰ কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰা যুৱকজন উদ্ধাৰ হয় ৷ কলাইগাঁৱৰ পকিমুৰীত উদ্ধাৰ হয় যুৱকজন ৷ যুৱকজনৰ নাম জৰিফুল আলী ৷

হোজাইৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ মোদী বন্দনা

বানাক্ৰান্তৰ মাজত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে হাতীমৰা গাঁওৰ কঁপিলীৰ মাথাউৰীত গড়া খহনীয়াৰো পৰ্যবেক্ষণ কৰে ৷ কামৰ সলনি নিজৰ চৰকাৰৰ গুণ গানহে গালে মুখ্যমন্ত্ৰীয়ে ৷

অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া

কৃষক নেতা অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে বিভিন্ন গোচৰত অভিযুক্ত কৰি ষড়যন্ত্ৰ মূলক ভাৱে চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়া অখিল গগৈ সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যদিও অখিল গগৈৰ সৰহ সংখ্যক কামৰেই আমি সমৰ্থন নকৰো কিন্তু চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰে অখিলক হাৰাশাস্তি কৰি আছে আৰু সেইবাবে মই আমাৰ দলীয় হাইকামাণ্ডক অখিলক আইনী সহায় আগবঢ়াবলৈ অনুৰোধ কৰিম।

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ বিশেষ পদক্ষেপ

লক ডাউনৰ সময়ত ঘৰুৱা হিংসা,স্বামীৰ অত্যাচাৰ-উৎপীড়ণৰ বলি হোৱা মহিলা সকললৈ আইনী সুবিধা আগবঢ়াব অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণে ৷ অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ ৰাজ্যিক সদস্য সচিব নয়ন শংকৰ বৰুৱাই এক নিৰ্দেশনা যোগে ৰাজ্যৰ বিভিন্ন আইন সেৱা প্ৰাধিকৰণলৈ নিৰ্দেশনা প্ৰেৰণ কৰি জিলা আইন সেৱা প্ৰাধিকৰণ, সমাজ কল্যাণ কাৰ্যালয়,ওৱান ষ্টপ কাৰ্যালয়ৰ জৰিয়তে তেনে ভুক্তভোগী মহিলাক আইনী সেৱা,সুবিধা আগবঢ়ালৈ ষ্টেণ্ডাৰ্ড অপাৰেটিং ছিষ্টেমৰ জৰিয়তে বিনামূলীয়া অভিজ্ঞ অধিবক্তাৰ পেনেল গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

ভাৰতত কোভিড-19 ত আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে মৃত্যুৰ হাৰ হ্ৰাসঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

কোভিড-19 য়ে সৃষ্টি কৰা এই ত্ৰাসৰ সময়ছোৱাত ভাৰতৰ ক্ষেত্ৰত দেখা দিছে দুটা বিশেষ ভাল লক্ষণে ৷ যাৰ বাবে কোভিড-19 ৰ পৰা ভাৰতবাসী আন দেশৰ তুলনাত যথেষ্ট পৰিমানে নিৰাপদ বুলি অনুমান কৰিব পাৰি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই কথা ৷

চিকিৎসালয়ত ক'ভিড-19 আক্ৰান্তৰ আত্মহত্যা !

দিল্লীৰ বত্ৰা হাস্পতালত সংঘটিত হৈছে এটা অস্বাভাৱিক ঘটনা ৷ এগৰাকী 63 বছৰীয়া ক'ভিড-19 আক্ৰান্ত ব্যক্তিয়ে ল'লে চৰম সিদ্ধান্ত ৷ সমগ্ৰ চিকিৎসালয়খনত চাঞ্চল্যৰ সৃষ্টি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.