ETV Bharat / city

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 9, 2020, 1:04 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

মহানগৰীত কোভিড-19ত আক্ৰান্ত চিকিৎসক

গুৱাহাটীত পুনৰ COVID-19ত আক্ৰান্ত চিকিৎসক ৷ আক্ৰান্ত চিকিৎসক গৰাকীৰ নাম বুলেন ফুকন ৷ মহানগৰীৰ আৰ্য হাস্পতালত কৰ্মৰত চিকিৎসক গৰাকীৰ সোমবাৰে কৰ'ণা পৰীক্ষণ পজিটিভ আহে ।

সৰ্ব ভাৰতীয় ৰেংকিঙত ষষ্ঠ স্থানলৈ উন্নীত গুৱাহাটী IIT

পূৰ্বে সমগ্ৰ বিশ্বৰ ভিতৰতে ৪৬৩ তম স্থানত থকা অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনে বহুকেইটা স্থান উন্নীত হৈ ৩৫০ তম স্থান দখল কৰিছে । ইফালে সৰ্ব ভাৰতীয় ৰেংকিঙত আই আই টি গুৱাহাটীয়ে পূৰ্বৰ দশম স্থানৰ পৰা ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

আন্দোলন কৰি হোম কোৱাৰেন্টাইনলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 13 কৰ্মী

চৰকাৰী নীতি নিয়মৰ মাজেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই আন্দোলন কৰাৰ পাছতো অন্যায় ভাবে চাংসাৰি কোৱাৰেন্টাই কেন্দ্ৰলৈ অনাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটিয়া সাধাৰণ সম্পাদক মুকুট ডেকাৰ ৷

কাচজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

তিতাবৰৰ কাচজান চাহ বাগিচাত মঙলবাৰে পুৱাই পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ দীৰ্ঘ দিনে এই নাহৰফুটুকীটোৱে গৰু, ছাগলী নিধন কৰি সন্ত্ৰাস চলাইছিল কাচজান বাগিচাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ৷

পলায়ন কৰা কৰ'ণা আক্ৰান্তক আটক কৰি পুনৰ ভৰ্তি চিকিৎসালয়ত

নগাঁৱত এম্বুলেঞ্চৰ পৰা কৰ'ণা ভাইৰাছ পজিটিভ ৰোগীৰ পলায়নক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । নিশা কন্দলী মডেল হাস্পতাললৈ অনা অৱস্থাতে এম্বুলেন্সৰ পৰা পলায়ন কৰিছিল ননৈ কচুপিতৰ আবেদুৰ ৰহমান নামৰ যুৱকজনে ।

বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বকোৰ আগছিয়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘটনাস্থলীতে নিহত হয় বাইক আৰোহী নিখিল ৰাভাৰ (৪০)।

আৰক্ষীৰে গুলীয়াগুলিত নিহত সন্দেহজনক ডকাইত

মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত দৰং জিলাৰ মঙলদৈত সংঘটিত হয় গুলীয়াগুলি । শাকতোলা দলঙৰ ওচৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সন্দেহ জনক ডকাইত আৰু আৰক্ষীৰ মাজত সংঘটিত হয় হয় গুলীয়াগুলিৰ ঘটনা ।

ছয়গাঁৱত চুৰি বাইক সহ আটক দুজন

সোমবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত চুৰি হোৱা বাইক সহ দুজন লোকক আটক কৰে ৷ জানিব পৰা মতে উক্ত বাইকখনৰ গৰাকী আছিল ছিপাঝাৰৰ এজন ব্যক্তি ।

ভাৰতৰ সীমাত অনাধিকাৰ প্ৰৱেশ কৰাতো ল'ৰা ধেমালি নহয় : অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে, নিয়ন্ত্ৰণ ৰেখাত চাৰ্জিকেল ষ্ট্ৰাইক আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানত এয়াৰ ষ্ট্ৰাইক কৰা ঘটনাই প্ৰমাণ কৰে যে, ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰাটো ল'ৰা ধেমালি নহয় ৷ যিয়ে এনেকুৱা কৰে, তেওঁ শাস্তি ভোগ কৰিব লাগিব ৷

COVID-19: তেজপুৰ কমাৰচুবুৰীৰ বিশ্বজিৎ বৰা পথ ছীল জিলা প্ৰশাসনৰ

তেজপুৰ কমাৰচুবুৰীৰ বিশ্বজিৎ বৰা পথ এলেকাক নিয়ন্ত্ৰিত এলেকা হিচাপে ঘোষণা শোণিতপুৰ জিলা প্ৰশাসনৰ । সোমবাৰে নিশা এগৰাকী ব্যক্তিৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰা পাচতে ছীল কৰে সমগ্ৰ অঞ্চলটোত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.