ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - Etv Bharat top 10 news

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 9 am
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 5, 2020, 9:04 AM IST

Updated : Sep 5, 2020, 11:02 AM IST

শিক্ষাগুৰুসকলৰ বাবে উৎসৰ্গিত এটা দিন

প্ৰতিজন শিষ্যৰ হৃদয়ৰ থাপনাখন উচৰ্গিত হয় শিক্ষাগুৰুৰ হাতত ৷ শিক্ষক এডাল শলিতা যি নিজেই জ্বলি আনক পোহৰাই তোলে ৷ শিক্ষক নামৰ শলিতাডালিয়ে অন্ধকাৰ গুহাৰ পৰা জ্ঞানৰ পৃথিৱীৰ পোহৰলৈ কঢ়িয়াই আনে বহুজনক ৷

আজি শিক্ষক দিৱস: শূন্য ৰাজ্যৰ প্ৰতিখন বিদ্যালয়

আজি ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ‌। সেই উপলক্ষে দেশত পালন কৰা হৈছে শিক্ষক দিৱস ৷ কিন্তু এই বৰ্ষৰ শিক্ষক দিৱসৰ দিনটো ম্লান পৰিলে ক'ভিড-19 ৰ সংক্ৰমণৰ বাবে ৷ উকা হৈ ৰ’ল ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদ ৷

সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

সোমবাৰে পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প । নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ'চিয়েশ্ব্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই কৰিলে এই ঘোষণা ৷ ডিপুৰ মালিক আৰু তেল বিক্ৰেতা প্ৰতিষ্ঠানৰ মাজত হোৱা সংঘাতৰ পৰিণতিত মহানগৰীবাসীয়ে সোমবাৰৰ পৰা ক্ৰয় কৰিব নোৱাৰিব পেট্ৰ'ল, ডিজেল ৷

30 ছেপ্টেম্বৰলৈকে বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

কৰ'ণা মহামাৰীৰ মাজতে ৰাজ্য চৰকাৰে অসমৰ স্কুল কলেজ খোলা সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ শুকুৰবাৰে ৰাজ্য চৰকাৰে দিয়া এক নিৰ্দেশনা মতে, 30 চেপ্টেম্বৰ লৈকে বন্ধ থাকিব ৰাজ্যৰ স্কুল, কলেজসমূহ ৷

বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ বন বিষয়াৰ

ৰাজ্যত পুনৰ এবাৰ পোহৰলৈ আহিছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ এইবাৰ কাছাৰত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ কৰাৰ লগতে দৃশ্য সংগ্ৰহত বাধা দি মোবাইল কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী বন বিষয়াৰ বিৰুদ্ধে ৷

ডিব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ মৃত্যু

সু-চিকিৎসক, ডিব্ৰুগড় লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বিশিষ্ট চিকিৎসকগৰাকীৰ ৷

সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল

সদৌ বিটিচি কোচ-ৰাজবংশী সন্মিলনীৰ সংবাদমেল । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনক লৈ অসম চৰকাৰক ধন‍্যবাদ সন্মিলনীৰ । বিটিচিৰ কোচ-ৰাজবংশীসকলৰ বাবে উপগ্ৰহীয় স্বায়ত্ব শাসন বা উন্নয়ন পৰিষদৰ দাবী ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

আজি পৰীক্ষণমূলকভাৱে মুকলি কৰা হ'ব ভাৰত-বাংলাদেশ জলপথ সেৱা ৷ আজিৰ পৰা GoAir য়ে সংলগ্ন কৰিব 100 খন নতুন ঘৰুৱা বিমান ৷ আজিৰ পৰা পণ্ডিচেৰীৰ অসুৰক্ষিত জনসাধাৰণৰ মাজত ক'ভিড-19 পৰীক্ষণ ৷

উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ চতুৰ্দশ সংখ্যক অধিবেশন

উত্তৰ লখিমপুৰ মহকুমা ছাত্র সন্থাৰ চতুৰ্দশ সংখ্যক বাৰ্ষিক অধিবেশন ৷ সীমান্তৱৰ্তী ফুলবাৰীত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ দুদিনীয়া কাৰ্যসূচীৰে চতুৰ্দশ অধিবেশন ৷ জাতি,মাটি,ভেটি ৰক্ষাৰ শ্লোগান আছিল সোনোৱাল চৰকাৰৰ মিথ্যাচাৰ ৷

আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠনৰ দৰে কথা কয়ঃ পূজা কমিটী

আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠন আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ লেখিয়া কথাবাৰ্তা কোৱা বুলি উল্লেখ কৰে এইসকল পূজা উদযাপন কমিটীৰ বিষয়ববীয়াই ।

Last Updated : Sep 5, 2020, 11:02 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.