গুৱাহাটী, ৩০ আগষ্টঃ ২৬ খন বিধেয়ক উত্থাপনেৰে ৩১ আগষ্টৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিধানসভাৰ বৰ্ষাকালিন অধিবেশন । ইতিমধ্যে বিধানসভা সচিবালয়ে প্ৰায় আটাইকেইখন বিধেয়কৰে জাননী লাভ কৰিছে বুলি প্ৰকাশ কৰিছে বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই ।
লক্ষনীয় যে, বিধানসভাৰ এই অধিবেশনতে গৃহিত হ'ব চাৰিখনকৈ স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক । সেই কেইখন হ'ল ক্ৰমে মৰাণ স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক, মটক স্বায়ত্বশাসিত পৰিষদ বিধেয়ক, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ বিধেয়ক আৰু বড়ো কছাৰী উন্নয়ন স্বয়ত্বশাসিত পৰিষদ বিধেয়ক ।
ইয়াৰ উপৰিও বিত্ত বিভাগৰ চাৰিখন, নগৰ উন্নয়ন বিভাগৰ এখন, উচ্চ শিক্ষা বিভাগৰ দুখন, কৃষি বিভাগৰ এখন, শ্ৰম বিভাগৰ চাৰিখন,পৰিবহন বিভাগৰ দুখন, উদ্যোগ আৰু বানিজ্য বিভাগৰ তিনিখন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এখন, আইন বিভাগৰ এখন আৰু গুৱাহাটী উন্নয়ন বিভাগৰ দুখন বিধেয়ক এই অধিবেশনত উত্থাপন কৰা হ'ব ।
লগতে পঢ়ক- ধৰ্মপুৰত বিদায় হ’ব চন্দ্ৰমোহন পাটোৱাৰীৰঃ কংগ্ৰেছৰ সম্পাদক দিগন্ত ভূষণ বৰ্মন