ETV Bharat / city

Drug Peddlers Arrested : মহানগৰীত ড্ৰাগছ ব্যৱসায়ীয়ে সলাইছে কৌশল

author img

By

Published : Dec 8, 2021, 3:38 PM IST

Updated : Dec 8, 2021, 7:07 PM IST

গুৱাহাটী মহানগৰীত অন্য ৰূপত আবিৰ্ভাৱ হৈছে ড্ৰাগছ ব্যৱসায়ী(Drug paddler arrested in Guwahati) ৷ জনচক্ষু, আৰক্ষী প্ৰশাসনৰ চকুত ধূলি মাৰি চলাই গৈছে নিষিদ্ধ বেহা (Drug peddlers change tactics) ৷ মঙলবাৰে নিশা আৰক্ষীয়ে কৰায়ত্ব কৰে এনে তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷

Drugs paddler in Guwahati
মহানগৰীত ড্ৰাগছ ব্যৱসায়ীয়ে সলাইছে কৌশল

গুৱাহাটী, ৮ ডিচেম্বৰ: গুৱাহাটী মহানগৰীত ড্ৰাগছ ব্যৱসায়ীয়ে সলাইছে ৰূপ (Drug peddlers changed tactics) ৷ জনচক্ষুত ধূলি মাৰি শাক পাচলিৰ ব্যৱসায়ীৰ ৰূপত আবিৰ্ভাৱ হৈছে ড্ৰাগছ ব্যৱসায়ী । শাক পাচলি বিক্ৰী কৰাৰ চলেৰে যুৱ প্ৰজন্মক হাতত তুলি দিছে নিষিদ্ধ ড্ৰাগছ ।

এক গোপন খবৰৰ ভিত্তিত মহানগৰীৰ মধ্য আৰক্ষীৰ বিশেষ অভিযানকাৰী দল আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী (Drug paddlers arrested in Guwahati) গ্ৰেপ্তাৰ হোৱাৰ পিছত পোহৰলৈ আহিছে এই ভয়ংকৰ কথা । অভিযানকাৰী আৰক্ষীৰ দলটোৱে মঙলবাৰে নিশা নুনমাটিৰ ফৰেষ্টগেট আৰু শালবাৰীৰ মিলিজুলি পথৰ এটা বাসগৃহত অতৰ্কিতে অভিযান চলাই জব্দ কৰে প্ৰায় 21 গ্ৰাম ড্ৰাগছ, নগদ ধন, মোবাইল ফোন আৰু AS 01 EB 7782 নম্বৰৰ এখন স্কুতি বাহন (Drugs seized from Noonmati area) ।

আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা হৈছে ৰেকিব আমিন, মনুৰুদ্দিন আলী আৰু ৰুবুল আলী । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, মনুৰুদ্দিন আলি নামৰ যুৱকজনে নুনমাটি শালবাৰী অঞ্চলত ভাড়াতীয় হিচাপে থাকি শাক-পাচলিৰ ব্যৱসায়ৰ লগতে নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আছিল মহানগৰীৰ ভিন্ন প্ৰান্তত ।

ইতিমধ্যে আটকাধীন তিনি ড্ৰাগছ সৰবৰাহকাৰীক এই ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Drugs Seized at Indo-Myanmar border : মণিপুৰ-ম্যানমাৰ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

Last Updated : Dec 8, 2021, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.