নিউজ ডেস্ক, 9 মাৰ্চ: ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাৰ পাছত মহাত্মা গান্ধীয়ে দুৰ্নীতি নিঃশেষ কৰিব বিচাৰিছিল । কোনো ঠায়েই দুৰ্নীতিমুক্ত নহয় বুলি ঘোষণা কৰি ইন্দিৰা গান্ধীয়ে সকলোকে হতচকিত কৰি তুলিছিল । তাৰ পৰৱৰ্তী সময় আৰু অব্যাহত থকা ইতিহাস সকলোৰে জ্ঞাত । ডাঙৰ ডাঙৰ কথাৰ বাদে কোনেও দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি উচ্চতম ন্যায়ালয়ে দুখ প্ৰকাশ কৰিছে । উৎকোচ আৰু ধনৰ লেনদেন এক অনিয়ন্ত্ৰিত পৰ্যায় লাভ কৰিছে । কিছু বছৰ পূৰ্বে লুধিয়ানা, দিল্লী, আহমেদাবাদ, ইণ্ডোৰ, মুম্বাই, কলকাতা, বিজয়ৱাড়া, বেংগালুৰু আৰু চেন্নাইত ট্ৰাক চালকসকলে দিবলগীয়া উৎকোচৰ সংখ্যাকলৈ এক অধ্যয়ন চলোৱা হৈছিল । এই অধ্যয়নত সংগৃহীত তথ্য অনুসৰি এই উৎকোচ চালকসকলে তেওঁলোকৰ যাত্ৰাৰ বিভিন্ন স্তৰত প্ৰদান কৰে যাৰ পৰিমাণ প্ৰায় ২২ হাজাৰ কোটি টকা । শেহতীয়াকৈ ইয়াৰ পৰিমাণ অধিক বৃদ্ধি পাইছে ।
দেশৰ দহটা মূল পৰিবহণ অঞ্চলৰ পৰা ‘ছেভ লাইফ ফাউণ্ডেশ্বন’ স্বেচ্ছাসেৱী সংস্থাটোৱে এই তথ্য সংগ্ৰহ কৰিছিল । এই প্ৰতিবেদন উন্মোচন কৰিছিল পথ পৰিবহণ দপ্তৰৰ তদানীন্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে । এই প্ৰতিবেদনৰ সাৰাংশ কি আপুনি জানেনে ? যান-বাহন আৰক্ষীক ট্ৰাক চালকসকলে আদায় কৰা উৎকোচৰ পৰিমাণ এতিয়া ৪৮ হাজাৰ কোটি টকা হৈছে । এই সমীক্ষাত ভাগ লোৱা ৯৭.৫ শতাংশ গুৱাহাটীৰ চালক, ৮৯ শতাংশ চেন্নাইৰ চালক আৰু ৮৪.৪ শতাংশ দিল্লীৰ চালকে উৎকোচ দিয়া বুলি স্বীকাৰ কৰিছে । এই অধ্যয়নে উন্মোচন কৰে যে, পৰিবহণ বিষয়াৰ দুৰ্নীতিৰ ক্ষেত্ৰত আন ভাৰতীয় চহৰসমূহৰ ভিতৰত বেংগালুৰুৰ স্থান প্ৰথম । মুম্বাইৰ জনসংখ্যাৰ ৯৩ শতাংশই গাড়ী চালনাৰ অনুজ্ঞাপত্ৰৰ বাবে পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ দিয়া বুলি প্ৰকাশ কৰিছে । মুঠতে ক’ব পাৰি যে দুৰ্নীতিৰ মহামাৰীয়ে সমাজৰ সকলো শ্ৰেণীকে ক্ষতিগ্ৰস্ত কৰিছে ।
GST প্ৰথা প্ৰচলনৰ পূৰ্বে দেশত থকা তালাচী চকীসমূহ ঘোচ অথবা কমিছন লোৱাৰ ক্ষেত্ৰত কুখ্যাত আছিল । দুৰ্নীতি নিবাৰণ কৰাৰ উদ্দেশ্যে এক ব্যাপক প্ৰচাৰ অভিযানৱেৰে সামগ্ৰী আৰু সেৱা কৰা অৰ্থাৎ জি এছ টি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পাছত এই তালাচী চকীসমূহ নিয়ন্ত্ৰিত কৰা হৈছিল । কিন্তু পৰিবহণ বিষয়াৰ তালাচী চকীসমূহ এতিয়াও কমিছনৰ সহায়ত জীয়াই আছে । আন্তঃৰাজ্যিক যোগানৰ সময়সীমা চিন্তনীয়ভাৱে হ্ৰাস পাইছে । শেহতীয়া অধ্যয়নে নিশ্চিত কৰা অনুসৰি বিগত পাঁচ বছৰত উৎকোচৰ পৰিমাণ দুগুণ বৃদ্ধি পাইছে । অলপতে কৰা এক হিচাপ অনুসৰি এখন ট্ৰাকে সম্পূৰ্ণ যাত্ৰাটোত প্ৰদান কৰিবলগীয়া ন্যূনতম ধনৰ পৰিমাণ ১২৫৭ টকা । এই ক্ষুদ্ৰ পৰিমাণবোৰকে একত্ৰিত কৰিলে বাৰ্ষিক জি এছ টিৰ ৰাজহৰ পৰিমাণৰ আধা অংশ হ’ব । এই সংখ্যাই দুৰ্নীতিৰ তীব্ৰতাক প্ৰমাণ কৰিবলৈ যথেষ্ট ।
উৎকোচ আৰু অবৈধ ধন সংগ্ৰহৰ এই কাৰ্য কেৱল ৰাজপথতে সীমবদ্ধ নহয় । বহুকেইখন ৰাজ্যই দুৰ্নীতিৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰিছে । ‘দ্য ইণ্ডিয়া কৰাপশ্বন ছাৰ্ভে ২০০৯’ এ প্ৰকাশ কৰা অনুসৰি দুৰ্নীতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থান শীৰ্ষত আছে । ইয়াৰ পাছত আছে বিহাৰ, উত্তৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটক । তালিকাখনত অন্ধ্ৰ প্ৰদেশৰ স্থান ১৩ । বহু ৰাজ্যত ৰাজহ, নগৰ উন্নয়ন, স্বাস্থ্য, শক্তি, পঞ্চায়তীৰাজ আদি বিভাগ দুৰ্নীতিত পোত খাইছে । কিছুসংখ্যক অধ্যয়নে এটা দশক পূ্ৰ্বে প্ৰকাশ কৰা অনুসৰি এক তৃতীয়াংশ দুখীয়া তেলেগু জনসাধাৰণে চিকিৎসা আৰু শিক্ষাৰ সেৱা লাভ কৰিবলৈ নশ কোটি টকা ঘোচ দিব লাগে । তেতিয়াৰ পৰা বিগত বছৰবোৰত এনেধৰণৰ ক’লা ধন সংগ্ৰহকাৰীৰ ধনৰ পৰিমাণ দুগুণ হৈ পৰিছে । দুৰ্নীতি নিবাৰক বিভাগে সময়ে সময়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই আহিছে । বহু দুৰ্নীতিৰ ঘটনা পোহৰলৈ নাহে আৰু উৎকোচ লৈ ধৰা পৰাসকলেও সোনকালে পদোন্নতি আৰু গুৰুত্বপূৰ্ণ পদ লাভ কৰা দেখা পোৱা যায় । এয়াই দেশখনৰ কপাল। উৎকোচ দিব নোৱৰাৰ ফলত আত্মহত্যা কৰাৰ ঘটনাৰ উদাহৰণৰ অভাৱ নাই । কিন্তু সাধাৰণ লোকসকলক হাৰাশাস্তি কৰা পৰজীৱীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰহে উদাহৰণ অভাৱ ।
ট্ৰান্সপাৰেন্সী ইণ্টাৰনেশ্বনেলৰ দৰে সংস্থাই নিশ্চিত কৰা অনুসৰি এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আৰক্ষীৰ উৎকোচ গ্ৰহণৰ ঘটনা সৰ্বাধিক । উৎকোচ গ্ৰহণৰ ক্ষেত্ৰত ভাৰতবৰ্ষই ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ড আদি দেশক চেৰ পেলাইছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে । দুৰ্নীতিৰ ক্ষেত্ৰত সমীক্ষা চলোৱা ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল ৮০ নম্বৰত । চৰকাৰী বিভাগ আৰু বিষয়া-কৰ্মচাৰীসকলে ভাৰতক দুৰ্নীতিৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে গঢ় দিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে । দুৰ্নীতিৰ এনে ব্যাপক প্ৰসাৰৰ বিৰুদ্ধে প্ৰতিকাৰ কি আছে ? প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণে কোৱাৰ দৰে দুৰ্নীতিক নিঃশেষ কৰিবলৈ আন এক স্বাধীনতা আন্দোলনৰ প্ৰয়োজনীয়তা আহি পৰিছে । নিৰীক্ষণ কৰা কেমেৰা থকা কম্পিউটাৰাইজড ব্যৱস্থা সম্পন্ন কাৰ্যালয়সমূহতো নিৰ্বিঘ্নে ঘোচ লোৱা চলি আহিছে । জড়িত পক্ষসমূহৰ মাজত মতভেদৰ বাবে বহু উচ্চস্তৰীয় দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে । চাকৰিত যোগদানৰ পৰা অৱসৰ গ্ৰহণ কৰালৈকে চৰকাৰী কৰ্মচাৰীৰ উপাৰ্জন আৰু সম্পত্তিৰ পৰিমাণ পৰীক্ষা কৰাৰ বাবে এক নিয়ন্ত্ৰণকাৰী ব্যৱস্থা থাকিব লাগে । উৎকোচ গ্ৰহণৰ বাবে যে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব সেই কথা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক সঘনে সকীয়াই থাকিব লাগে । ইয়াৰ উপৰি চিৰদিনৰ বাবে সকলো চৰকাৰী কাৰ্যালয়তে ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰিব লাগে ৷