ETV Bharat / city

টেট শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতিবাদেৰে উত্তপ্ত ৰাজপথ

সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীয়ে খানাপাৰাৰ পৰা দিছপুৰলৈ যাত্ৰা কৰি 'দিছপুৰ চলো' কাৰ্যসূচী ৰূপায়ণ কৰে । ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ ৰাজপথ ।

টেট শিক্ষক-শিক্ষয়ত্ৰীৰ প্ৰতিবাদেৰে উত্তপ্ত ৰাজপথ
author img

By

Published : Jun 29, 2019, 12:41 PM IST

গুৱাহাটী,২৯জুন : শনিবাৰে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ প্ৰায় ৪১,০০০ হাজাৰ টেট শিক্ষকে খানাপাৰাৰ পৰা দিছপুৰলৈ যাত্ৰা কৰি 'দিছপুৰ চলো' কাৰ্যসূচী ৰূপায়ণ কৰে । ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ ৰাজপথ । প্ৰতিবাদী শিক্ষকসকলে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ।

টেট শিক্ষক-শিক্ষয়ত্ৰীৰ প্ৰতিবাদেৰে উত্তপ্ত ৰাজপথ

উল্লেখ্য যে, RTE (শিক্ষাৰ অধিকাৰ আইন) আৰু NCTE ৰ সকলো যোগ্যতা অৰ্জনেৰে ৭ বছৰ চাকৰি কৰাৰ পিছত শিক্ষকসকলৰ জীৱনলৈ নামি আহিছে অমানিশা । এবাৰ 'TET'ৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰাৰ পাছত শিক্ষকসকলক পুনৰ টেটত বহিব লাগিব বুলি মন্তব্য কৰিছিল শিক্ষামন্ত্ৰীয়ে । শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ক্ষোভিত হৈ পৰিছিল ৰাজ্যৰ টেট শিক্ষক-শিক্ষয়িত্ৰীসকল । এই ৭বছৰে চাকৰি কৰাৰ পাছত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাত, টেট শিক্ষক-শিক্ষয়িত্ৰীসকলে পুনৰ টেটত বহিবলগীয়া হোৱাত সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলৰ দাবী, ‘ঠিকাভিত্তিক শিক্ষকসকলৰ যোগ্যতাৰ প্ৰমাণ পত্ৰৰ ম্যাদ ৭ বছৰ আছিল, আমি চাকৰি পালোঁ, কিন্তু নিৰ্ধাৰিত সময়ত আমাক নিয়মীয়াকৰণ নকৰাটো চৰকাৰৰ দোষ ।’

Intro:Body:

ৰাজ্যৰ প্ৰায় ৪১,০০০ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰণৰ দাবীত খানাপাৰাৰ পৰা দিছপুৰলৈ যাত্ৰা কৰি 'দিছপুৰ চলোঁ' কাৰ্যসূচী ৰূপায়ন। 

এক নিকা পদ্ধতিৰে নিযুক্তি লাভ কৰি ৭ বছৰ চাকৰি কৰাৰ পিছত RTE (শিক্ষাৰ অধিকাৰ আইন) আৰু NCTE অনুসৰি সকলো যোগ্যতা অৰ্জনৰ পিছতো জীৱনলৈ অনিশ্চয়তা নামি আহিছে। 

TET ৰ জৰিয়তে এবাৰ যোগ্যতা অৰ্জনৰ পিছতো আকৌ TET ত বহি যোগ্যতা নিৰূপণৰ অমূলক কথা কোৱা হৈছে।

ঠিকাভিত্তিক শিক্ষকসকলৰ যোগ্যতাৰ প্ৰমাণ পত্ৰৰ ম্যাদ ৭ বছৰ বুলি অযথা মানসিক চাপ সৃষ্টি কৰি থকা দেখা গৈছে। আচলতে এই ৭ বছৰ চাকৰি পোৱাৰহে ম্যাদ আছিল। আমি চাকৰি পালোঁ, কিন্তু নিৰ্ধাৰিত সময়ত আমাক নিয়মীয়া চাকৰিত মকৰল নকৰাটো চৰকাৰৰেই দোষ।

কেন্দ্ৰীয় চৰকাৰৰ MHRD Dept ৰ PAB(project approval board) ৰ নির্দেশকো চৰকাৰে ভেঙুচালি কৰিছে, অৰ্থাৎ থাকিব নলগীয়া ঠিকাভিত্তিক ব্যৱস্থা এতিয়াও চলাই গৈছে।

ঠিকাভিত্তিক শিক্ষকে নিয়মীয়াকৰণ বিচৰা মানে কাৰো অনুগ্ৰহ বিচৰা নাই, এয়া প্রাপ্য অধিকাৰ। 

RTE অনুসৰি এই অধিকাৰ আমাৰ প্ৰাপ্য। এতিয়ালৈকে চৰকাৰে কৈ থকা পৰ্যায়ক্ৰমে কৰা ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ এক প্ৰহসন হৈছে। কৰ্মৰত শিক্ষকৰ চাকৰি নিয়মীয়া হোৱাৰ পৰিবৰ্তে সম্পূৰ্ণ নতুন প্ৰাৰ্থী নিয়োগ কৰা হৈছে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.