ETV Bharat / city

ছেবাৰ কাৰ্যালয় উত্তাল : আত্মজাহৰ হুংকাৰ টেট অৱতীৰ্ণ প্ৰাৰ্থীৰ - আত্মজাহৰ হুংকাৰ টেট অৱতীৰ্ণ প্ৰাৰ্থীৰ

মঙলবাৰে ছেবাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিলে 2021 টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা কেইবা শতাধিক প্ৰাৰ্থীয়ে (Protest in SEBA office) ৷ প্ৰতিবাদকাৰীসকলে ন্যায় নাপালে আত্মজাহ দিয়াৰো হুংকাৰ দিছে ছেবাক ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

tet-candidates-of-2021-protests-in-seba-office
ছেবাৰ কাৰ্যালয়ত প্ৰতিবাদ কৰি আত্মজাহৰ হুংকাৰ টেট অৱতীৰ্ণ প্ৰাৰ্থীৰ
author img

By

Published : Jan 18, 2022, 7:14 PM IST

গুৱাহাটী, ১৮ জানুৱাৰী : নিম্ন প্ৰাথমিক আৰু মধ্য বিদ্যালয়ৰ 2021 টেট পৰীক্ষা (Assam TET 2021) ত অৱতীৰ্ণ হোৱা কেইবা শতাধিক প্ৰাৰ্থীয়ে মঙলবাৰে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰিলে বামুণীমৈদামস্থিত ছেবাৰ কাৰ্যালয় । ছেবাৰ কাৰ্যালয়ৰ সন্মুখভাগত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest in SEBA office) ।

প্ৰতিবাদকাৰী প্ৰাৰ্থীসকলে ছেবাৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে । ২০২১ চনত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাৰ পুনৰ পৰীক্ষণৰ ফলাফল ঘোষণা সময়মতে কৰাৰ কথা আছিল । কিন্তু আজি পৰ্যন্ত ঘোষণা কৰা হোৱা নাই এই ফলাফল ।

ছেবাৰ কাৰ্যালয়ত প্ৰতিবাদ কৰি আত্মজাহৰ হুংকাৰ টেট অৱতীৰ্ণ প্ৰাৰ্থীৰ

এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবলৈ দাবী জনাই প্ৰাৰ্থীসকলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুকো মিছলীয়া আখ্যা দি অতি সোনকালে বিভাগে সিদ্ধান্ত নল'লে আত্মজাহ দিয়াৰ হুংকাৰ দিয়ে । ইফালে তেওঁলোকে আত্মজাহ দিলে ছেবা আৰু শিক্ষামন্ত্ৰী তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ’ব বুলিও মন্তব্য কৰে প্ৰাৰ্থীসকলে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ ২৭ ডিচেম্বৰতো নিম্ন প্ৰাথমিক আৰু মধ্য বিদ্যালয়ৰ 2021 চনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা কেইবা শতাধিক টেট অৱতীৰ্ণ প্ৰাৰ্থীয়ে বামুণীমৈদামস্থিত ছেবাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল । ২০২১ ত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাৰ প্ৰশ্নকাকতত ব্যাপক বিসংগতি আছিল বুলি অভিযোগ উত্থাপন কৰিছিল প্ৰতিবাদকাৰীসকলে (Controversy over Assam TET 2021) । বিসংগতিপূৰ্ণ প্ৰশ্ন কাকতেৰে পৰীক্ষাৰ্থীসকলে অৱতীৰ্ণ হৈছিল পৰীক্ষাত ।

লগতে পঢ়ক : Assam Meghalaya border conflict : কইনাধৰাত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.