ৰঙিয়া, 2 জুন : ক’ভিডৰ বাবে হোৱা সান্ধ্য আইনৰ সুবিধা লৈ একাংশ দোকানীয়ে অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰি থকাৰ মাজতে ডিমু-ডোবকৰ ব্যৱসায়ীসকলে লৈছে প্ৰশংসনীয় পদক্ষেপ । সোমবাৰে নতুনকৈ গঠন হোৱা ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু-ডোৱক গেলামাল ব্যৱসায়ী সন্থাই চৰকাৰী নিৰিখ অনুযায়ী গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল ।
এই পদক্ষেপক আদৰণি জনাইছে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে । ব্যৱসায়ী সকলক উৎসাহিত কৰিবলৈ বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা যোগান মন্ত্ৰী ৰঞ্জিত দাসে উপস্থিত হ'ল ডিমু-ডোৱকত । লগতে ব্যৱসায়ীসকলৰ লগত এখন সভাত মিলিত হৈ মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ পদক্ষেপক প্ৰশংসা কৰে ।
অনাগত দিনত সকলোৰে সহায় সহযোগ কামনা কৰে মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰীগৰাকীৰ লগতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, যোগান বিভাগৰ উপ সঞ্চালক মতিনুৰ ৰহমান, ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালৰ লগতে বহুলোক উপস্থিত থাকে ।
সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে লংকাৰ উদালীত সংঘটিত হোৱা চিকিৎসক নিগ্ৰহৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি কয় যে সংকটকালত নিজৰ জীৱনক বিপদত পেলাই সেৱা আগবঢ়াই থকা চিকিৎসকলক সকলোৱে সন্মান কৰিব লাগে । মন্ত্ৰী গৰাকীয়ে কয় যে, এনে ঘটনাৰ বাবে আইন প্ৰণয়ন কৰা হৈছে আৰু আইনে এই ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব ।
লগতে পঢ়ক : অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া