গুৱাহাটী, 10 ছেপ্টেম্বৰ: বিগত জুলাই মাহত অনুষ্ঠিত হোৱা মেডিকেলৰ স্নাতক মহলাত নামভৰ্তি পৰীক্ষা (নীট)ৰ সদ্যঘোষিত ফলাফলত সফলতা অৰ্জন কৰিছে পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ শিক্ষাৰ্থীয়ে ।
পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেশ্বনৰ ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৬০০ তকৈ অধিক নম্বৰ লাভ কৰাৰ সমান্তৰালকৈ ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৫০০ নম্বৰতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।
যাৰ বাবে শুকুৰবাৰে গুৱাহাটীৰ সৈনিক ভৱনত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় । পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেশ্বন কৰ্তৃপক্ষই (Potential and Concept Education) প্ৰতিষ্ঠানটোৰ ২৫০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মেডিকেল কলেজত প্ৰৱেশ কৰিব বুলি আশা প্ৰকাশ কৰিছে । সম্বৰ্ধনা অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত কয় যে শিক্ষক-শিক্ষয়ত্ৰীসকলে কৰা কঠোৰ পৰিশ্ৰম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ চেষ্টাৰ ফলত এই ফলাফল সম্ভৱ হ'ল ।
লগতে পঢ়ক: গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস