ETV Bharat / city

পেট্ৰ’পণ্যৰ বাবদ হোৱা ব্যয় ৰাহি কৰিবলৈ ইথানল উৎপাদন কৰিব ৰাজ্য চৰকাৰে - উদ্যোগ

আসাম ইথানল প্ৰডাকচন প্ৰম’ছন পলিচি-২০২১'ত অনুমোদন ৰাজ্যিক কেবিনেটৰ । পেট্ৰ’ল আৰু ডিজেলৰ বাবদ ব্যয় হোৱা পুঁজি ৰাহি কৰাৰ বাবে অসম চৰকাৰে ইথানল উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । অসমত ইথানল উৎপাদনৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে । যাৰবাবে অসমত ইথানল নীতি গ্ৰহণ কৰা হৈছে । যাতে ইথানল উৎপাদন কৰা প্ৰকল্পসমূহক উৎসাহিত কৰাৰ লগতে বিত্তীয় সাহায্য প্ৰদান কৰিব পৰা যায় ।

chandra mohan patowary
পেট্ৰ’ল আৰু ডিজেলৰ বাবদ হোৱা ব্যয় ৰাহি কৰিববলৈ ইথানল উৎপাদন কৰিব ৰাজ্য চৰকাৰে
author img

By

Published : Aug 5, 2021, 10:19 PM IST

গুৱাহাটী, ৫ আগষ্ট : পেট্ৰ’ল আৰু ডিজেলৰ বাবদ ব্যয় হোৱা পুঁজি ৰাহি কৰাৰ বাবে অসম চৰকাৰে ইথানল উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ বাবে ৰাজ্যিক কেবিনেটে 'আসাম ইথানল প্ৰডাকচন প্ৰম’ছন পলিচি-২০২১'ত অনুমোদন জনাইছে । বুধবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা এই নীতিৰ ম্যাদ ২০২৬ চনৰ ৩১ মাৰ্চলৈ থাকিব । কেৱল মাত্ৰ পেট্ৰ'ল আৰু ডিজেলৰ সৈতে মিশ্ৰণ কৰিবৰ বাবে ইথানল উৎপাদন কৰা স্বতন্ত্ৰ সেউজ-ক্ষেত্ৰ উদ্যোগসমূহক এই নীতিৰ যোগেদি বিত্তীয় উদগনি প্ৰদান কৰিব ।

এই কথা সদৰি কৰিছে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ভিভান্তাত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰাণালয়ে জৈৱিক ইন্ধন সন্দৰ্ভত এক ৰাষ্ট্ৰীয় নীতি ২০১৮ (এন বি পি ২০১৮) গ্ৰহণ কৰিছিল । ২০২০-২১ বৰ্ষত ভাৰতৰ পেট্ৰ'লিয়ামৰ মুঠ আমদানি আছিল ১৮৫ নিযুত মেট্ৰিক টন আৰু যাৰ মূল্য আছিল ৫৫ বিলিয়ন আমেৰিকান ডলাৰ । ইয়াৰ সিংহভাগ পৰিবহণ খণ্ডত ব্যৱহাৰ হৈছিল । যাৰবাবে পেট্ৰ'ল আৰু ডিজেলৰ দৰে ইন্ধনৰ সৈতে ইথানলৰ দৰে জৈৱিক ইন্ধন ব্যৱহাৰ কৰি ব্যয় ৰাহি কৰাত গুৰুত্ব দিয়া হৈছে ।

নীতি আয়োগে ২০২০-২৫ বৰ্ষত ভাৰতত ইথানল মিশ্ৰণৰ বাবে এক বিতং ৰোডমেপ প্ৰস্তুত কৰিছে । সকলো তেল কোম্পানীয়ে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ'ল বিক্ৰী কৰিব লাগিব । ইয়াৰ দ্বাৰা বছৰি দেশৰ ৩০ হাজাৰ কোটি টকা ৰাহি হ'ব । আনহাতে ২০৩০ চনৰ ভিতৰত সকলো বাহন ইথানলত চলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ বাবে অসম চৰকাৰে ইথানল নীতি লৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ইথানল প্লাণ্টসমূহ মূলত তিনি প্ৰকাৰৰ হয় । এই তিনিটা প্ৰকাৰৰ ভিতৰত বায়মাছ যেনে গুৰ, নষ্ট হোৱা খাস্যশস্য, কাঠ, বাঁহ, নৰা, প্লাষ্টিকৰ আৱৰ্জনা, শেলাই আদিৰ পৰা ইথানল উৎপাদন হয় ।

লগতে পঢ়ক : মল্লযোদ্ধা ৰবি দাহিয়া সম্পৰ্কে কি ক’লে প্ৰশিক্ষকে..

অসমত ইথানল উৎপাদনৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে । যাৰবাবে অসমত ইথানল নীতি গ্ৰহণ কৰা হৈছে । যাতে ইথানল উৎপাদন কৰা প্ৰকল্পসমূহক উৎসাহিত কৰাৰ লগতে বিত্তীয় সাহায্য প্ৰদান কৰিব পৰা যায় । এই নীতিৰ অধীনত সাহায্য লাভ কৰা উৎপাদনকাৰী ঔদ্যোগিক গোটসমূহে উৎপাদিত ইথানল কেৱল তেল কোম্পানীসমূহক বিক্ৰী কৰিব লাগিব । এই নীতি অধীনত মূলধনী সাহায্য হিচাপে ৩০ শতাংশ ৰাজসাহায্যৰ উপৰি প্ৰকল্প আৰু যন্ত্ৰৰ বাবে ২০ শতাংশ ৰাজসাহায্য লাভ কৰিব । বিদ্যুতৰ ক্ষেত্ৰত প্ৰতি ইউনিটত তিনি টকা ৰাজসাহায্য লাভ কৰিব ।

সেইদৰে মূলধন ঋণৰ ওপৰত মুঠ ১০ শতাংশ সূদত ৰাজসাহায্য, ৫ বছৰৰ বাবে এছজিএছটি পৰিশোধত ১০০ শতাংশ ৰেহাই, ভূমিক ঔদ্যোগিক শ্ৰেণীলৈ ৰূপান্তৰ কৰাৰ বাবে মাছুলত এশ শতাংশ ৰেহাই, ৫ বছৰৰ বাবে স্থায়ী আৱাসিক কৰ্মচাৰীৰ বাবে ভৱিষ্যত নিধিৰ অনুদান ব্যয় চৰকাৰে বহন কৰা, প্ৰতিজন কৰ্মচাৰীৰ দক্ষতা বিকাশৰ বাবে ২০ হাজাৰ টকাৰ ৰাজসাহায্য দিয়া আদি সুবিধা ইথানল নীতিৰ অধীনত দিয়া হৈছে । এই নীতি ৰূপায়ণৰ বাবে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ ন'ডেল বিভাগ হ'ব । অসমত থকা চাৰিটা শোধনাগাৰে প্ৰচুৰ পৰিমাণে পেট্ৰ'ল আৰু ডিজেল উৎপাদন কৰে আৰু ই ৰাজ্যখনত ইথানল প্ৰকল্পৰ প্ৰচুৰ সম্ভাৱনীয়তা বহন কৰিছে ।

পেট্ৰ'ল-ডিজেলৰ সৈতে মিশ্ৰণৰ বাবে ইথানল আমদানি কৰা আই অ' চি এলে ইথানল প্ৰকল্প স্থাপনৰ কথা চিন্তা কৰিছে । আনহাতে এন আৰ এল-এ দুটা ইউৰোপীয়ান কোম্পানীৰ সহযোগীতাত নুমলীগড় শোধনাগাৰৰ কাষতে এটি জৈৱিক শোধনাগাৰ স্থাপনৰ বাবে এক জে ভি প্ৰকল্প গ্ৰহণ কৰিছে । ২০২২-২৩ বৰ্ষত আৰম্ভ হ'বলগীয়া এই শোধনাগাৰে বছৰি ৩ লাখ টন শুকান বাঁহৰ পৰা জৈৱ ইথানল আৰু আন জৈৱ ইন্ধন প্ৰস্তুত কৰিব । ২৬০০ কোটি টকীয়া এই প্ৰকল্পত এন আৰ এলৰ অংশ হৈছে ৫০ শতাংশ ।

লগতে পঢ়ক : কম্বল বিচাৰি গোলঘাট পালেগৈ দিছপুৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.