ETV Bharat / city

দুগৰাকী বিশিষ্ট শিল্পীলৈ ৰাজ্য চৰকাৰৰ বঁটা - ড॰ ভবেন্দ্ৰ নাথ শইকীয়া

দুগৰাকী শিল্পীলৈ ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ ৷ বিশিষ্ট নাট্যকাৰ-অভিনেতা অবিনাশ শৰ্মালৈ 2021 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা আৰু বিশিষ্ট অভিনেতা-পৰিচালক উপকূল বৰদলৈ লৈ 2021 চনৰ অতুল চন্দ্ৰ হাজৰিকা বঁটা আগবঢ়োৱা হৈছে ।

State Government Awards to Two Eminent Artists etv bharat assam news
দুগৰাকী বিশিষ্ট শিল্পীলৈ ৰাজ্য চৰকাৰৰ বঁটা
author img

By

Published : Aug 1, 2021, 7:55 PM IST

গুৱাহাটী, 1 আগষ্ট : বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা অবিনাশ শৰ্মালৈ ২০২১ চনৰ ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ আৰু বিশিষ্ট অভিনেতা, পৰিচালক উপকূল বৰদলৈ লৈ 2021 চনৰ ‘অতুল চন্দ্ৰ হাজৰিকা বঁটা’ আগবঢ়োৱা হৈছে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে এই কথা ঘোষণা কৰিছে । উল্লেখ্য যে, অসম চৰকাৰে প্ৰতিবছৰে ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ আগবঢ়োৱাৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ উত্তৰণৰ সৈতে জড়িত শিল্পীলৈ ‘অতুল চন্দ্ৰ হাজৰিকা বঁটা’ আগবঢ়াই আহিছে ।

এই বঁটাত আছে নগদ 2 লাখকৈ টকা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আদি । 2021 চনৰ ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ ৰ বাবে নিৰ্বাচিত কৰা অবিনাশ শৰ্মাই অসমীয়া নাট্য সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াই আহিছে । নাট্যকাৰ অবিনাশ শৰ্মাই 70 খনতকৈ অধিক নাট পৰিচালনা কৰিছে । তাৰ ভিতৰত 3 খন হিন্দী নাটকো আছে ৷

তেওঁৰ দ্বাৰা পৰিচালিত বহুকেইখন নাটক অসমৰ বিভিন্ন মঞ্চত মঞ্চস্থ কৰাৰ লগতে ত্ৰিপুৰা আৰু হায়দৰাবাদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱতো মঞ্চস্থ কৰা হৈছে । তেওঁ অনাতাঁৰ আৰু টেলিভিছনত নাট পৰিৱেশন কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁৰ মঞ্চসজ্জা আদিতো বিশেষ সুনাম আছে।

তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘বি-হাই’ নাট্যশিল্পী । তেওঁ বহুকেইখন নাট, টেলিভিছন ধাৰাবাহিক, চলচ্ছিত্ৰত অভিনয় কৰিছে । তেওঁ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ প্ৰথমজন মেক আপ শিল্পী, টেলিফিল্ম পৰিচালক । তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে নাট, দূৰদৰ্শন কেন্দ্ৰ আৰু পি পি চি গুৱাহাটীৰ বাবে নাট পৰিচালনা কৰিছে ।

আনহাতে ‘অতুল চন্দ্ৰ হাজৰিকা বঁটা’ৰ বাবে নিৰ্বাচিত হোৱা বিশিষ্ট অভিনেতা উপকূল বৰদলৈয়ে অসমীয়া নাট্য, চলচ্ছিত্ৰ জগতখনলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছে । শৈশৱত নাট্য প্ৰবৰ সাৰদাকান্ত বৰদলৈৰ পৰিচালনাত বিভিন্ন মঞ্চত বিভিন্ন নাটকত অভিনয় কৰে । তেওঁ স্কুলীয়া অৱস্থাত পৰা অভিনয় জীৱন আৰম্ভ কৰে । তেওঁ 2018 চনত ‘অজানিতে মনে মনে’ নামৰ চলচ্ছিত্ৰখন পৰিচালনা কৰে ।

এই চলচ্ছিত্ৰখন ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত মিছন অভিযানৰ প্ৰয়োজনাত নিৰ্মাণ হৈছিল । তেওঁ বহু টেলিফিল্ম, তথ্যচিত্ৰ, টেলিভিছনৰ ধাৰাবাহিক আদিত অভিনয় কৰিছে । তেওঁ 1997 চনত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্ছিত্ৰ ‘সন্ধ্যাৰাগ’ত অভিনয় কৰে । 2003 চনত ‘জুয়ে পোৰা সোণ’, 2004 চনত ‘দিনবন্ধু’ত অভিনয় কৰাৰ লগতে ‘নয়নমণি’, ‘উত্তৰকাল’, ‘ইতিহাস’, ‘যুগান্তৰৰ তেজাল ঘোঁৰা’ আদিত অভিনয় কৰে ।

তেওঁ 50 খনতকৈ অধিক টেলিভিছন ধাৰাবাহিক, ভিচিডিত অভিনয় কৰিছে । বৰদলৈয়ে বহুকেইখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছে । তেওঁ বহুকেইখন ভ্ৰাম্যমাণ থিয়েটাৰ ক্ৰমে হেঙুল, আৰাধনা, ইন্দ্ৰধনু আদিত 1980 চনৰ পৰা 1987 চনলৈ অভিনয় কৰে । লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিচালনাৰ কাম কৰি বিশেষ সুনাম অৰ্জন কৰে ।

তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘এ’ গ্ৰেড নাট্যশিল্পী । তেওঁ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত 1980 চনৰ পৰা নাট, ধাৰাবাহিক অভিনয় কৰাৰ লগতে নাট পৰিচালনা কৰিছে । 2019 চনত তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: মুকলি হ’ল RRR ছবিৰ থিম চং DOSTI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.