গুৱাহাটী, ১০ ফেব্ৰুৱাৰীঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে অসম ৰাজ্যিক বিজেপিয়ে । দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এক সভাযোগে দলটোৱে নিৰ্বাচনী কাম-কাজ পৰ্যবেক্ষণৰ বাবে ১২৬গৰাকী তত্বাৱধায়ক নিযুক্তি দিয়ে । আনহাতে ১১ ফেব্ৰুৱাৰীত দলটোৱে ৰাজ্যযুৰি পালন কৰিব সমৰ্পন দিৱস । ইয়াৰ পিচতে ১২ ফেব্ৰুৱাৰীত "মোৰ পৰিয়াল বিজেপিৰ পৰিয়াল" শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভনি কৰিব দলটোৱে । অহা ২ মাৰ্চলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে দলটোৱে ইয়াৰ কৰ্মকৰ্তা তথা সমৰ্থকসকলক একোটাকৈ ষ্টিকাৰৰ লগতে একোখনকৈ ফ্লেগ প্ৰদান কৰিব । আনহাতে অহা ১৭ ফেব্ৰুৱাৰীত দলটোৱে গুৱাহাটীত আয়োজন কৰিছে যুৱ সন্মিলনৰ । সন্মিলনত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অংশগ্ৰহণ কৰিব । অহা ২৪ ফেব্ৰুৱাৰীত দলটোৱে ৰাজ্যৰ ১০০টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে ৩০০০কৈ পৃষ্ঠাপ্ৰমূখৰ উপস্থিতিত অনুষ্ঠিত কৰিব পৃষ্ঠাপ্ৰমূখ সন্মিলন । আনহাতে দলটোৰ সাংগঠনিক সভাৰ অন্ত পৰিব অহা ২ মাৰ্চত ।
২ মাৰ্চত বিজেপিয়ে দেশব্য়াপী ৫০লাখ মটৰচাইকেলৰ এক বৃহত্ ৰেলী । ইয়াৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক বিজেপিয়ো অসমব্যাপী এক ৰেলী বাহিৰ কৰিব বুলি প্ৰকাশ কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । আনহাতে অহা ৪ মাৰ্চৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ কাম আৰম্ভ কৰিব দলটোৱে । লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ বাবে দেশযুৰি বিভিন্ন এজেন্সীৰ সহায়ত দলটোৱে সমীক্ষা চলাই থকাৰ কথা প্ৰকাশ কৰি এই সমীক্ষাৰ ভিত্তিতে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব বিজেপিয়ে । অহা ৫ মাৰ্চৰ ভিতৰত বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ সম্ভাৱনা ব্য়ক্ত কৰিছে সভাপতি ৰঞ্জিত দাসে । লগতে অসমৰ ১৪খন আসনৰ ভিতৰত ১১খন আসনেই লাভ কৰিব বুলি একপ্ৰকাৰ দাবী কৰে সভাপতি ৰঞ্জিত দাসে ।