গুৱাহাটী, ২৪ আগষ্ট: ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভাষা আৰু শিক্ষাখণ্ডৰ মাধ্যম সংক্ৰান্তীয় সিদ্ধান্তৰ বিৰোধিতা কৰি বুধবাৰে মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে(SMSS protest against Assam govt Cabinet Decision) । ছাত্ৰ মুক্তিৰ প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদ কৰে ।
অসম চৰকাৰ এই সিদ্ধান্ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিৰোধী বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে । তেওঁলোকে অসম চৰকাৰে চৰকাৰী বিদ্যালয়ত বিজ্ঞান আৰু অংক বিষয় ইংৰাজী ভাষাত শিকোৱাৰ বাবে লোৱা সিদ্ধান্ত কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দিয়ে । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগো দাবী কৰে ৷
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে চৰকাৰী স্কুলৰ বাবে দান বৰঙণি বিচাৰি থকাৰ সময়ত মুখ্যমন্ত্ৰীয়ে অসমত বৃহৎ সংখ্যক ব্যক্তিগত বিদ্যালয় খোলাৰো অভিযোগ কৰে । যাৰ বাবে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পদবীত থকা অধিকাৰ নাই বুলি দাবী কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ তেওঁলোকে জাতীয় দল সংগঠন আৰু ৰাইজৰ মতক সন্মান জনাই এই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক : অনুত্তীৰ্ণ শিক্ষাৰ্থীক বিদ্যালয়ৰ পৰা বাহিৰ