ETV Bharat / city

মূল্যবৃদ্ধি সন্দৰ্ভত বিমান ভিতৰত কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰ‍ানীক প্ৰশ্ন নীতা ডি'ছুজাৰ

author img

By

Published : Apr 10, 2022, 7:46 PM IST

মূল্যবৃদ্ধিক লৈ বিমানত কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰ‍‍ানীক কংগ্ৰেছ নেত্রী নীতা ডি'ছুজাই কৰা প্ৰশ্ন এতিয়া ভাইৰেল হৈছে (Smriti Irani faced price hike question on flight) ৷ সবিশেষ চাও আহক ৷

smriti-irani-faced-price-hike-question-on-flight
বিমানত মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰ‍ানীৰ সন্মূখত মহিলা কংগ্ৰেছৰ সভানেত্রী

গুৱাহাটী, ১০ এপ্ৰিল : গুৱাহাটীৰ বিমান বন্দৰত বিমানৰ ভিতৰতে অথন্তৰত পৰিল কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰানী । মূল্যবৃদ্ধিৰ প্ৰসংগত প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ল মন্ত্রীগৰাকী (Smriti Irani faced price hike question on flight) । উল্লেখ্য যে, আজি ইণ্ডিগ' বিম‍ানত দিল্লীৰ পৰা গুৱাহাটীলৈ একেলগে আহিছিল কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰানী আৰু মহিলা কংগ্ৰেছৰ সভানেত্রী নীতা ডি'ছুজা ।

পুৱা প্ৰায় ৯.৫০ বজাত বিমানখন গুৱাহাটীৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত বিমানতে ইন্ধনৰ বিশেষকৈ ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিক লৈ কংগ্ৰেছ নেত্রীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্রীগৰাকীক প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰে (Smriti Irani's faceoff with Netta D'Souza) । হঠাতে এনেদৰে মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ প্ৰশ্ন কৰাত একপ্ৰকাৰ বিব্ৰত হৈ পৰে মন্ত্রীগৰাকী ।

ইফালে, মন্ত্রীগৰাকীক মূল্যবৃদ্ধিক লৈ জবাবদিহি কৰাৰ সমস্ত দৃশ্য মোবাইলত বন্দী কৰি সামাজিক মাধ্যমত আপলোড কৰে কংগ্ৰেছ নেত্রীগৰাকীয়ে ।

মূল্যবৃদ্ধিক লৈ কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰ‍‍ানী আৰু কংগ্ৰেছ নেত্ৰী নীতা ডি'ছুজাৰ মাজত হোৱা যুক্তি তৰ্কৰ ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে (Smriti Irani's viral video) । বিমান বন্দৰত বিমানখন অৱতৰণ কৰাৰ পাছত বিমানৰ পৰা নামি আহোতে দুয়ো মূল্যবৃদ্ধিৰ প্ৰসংগত যুক্তি তৰ্কত লিপ্ত হয় । নীতা ডি’ছুজাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক মূল্যবৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰিবলৈ ধৰে আৰু স্মৃতি ইৰানীয়েও নিজৰ মন্তব্য দাঙি ধৰে ।

মূল্যবৃদ্ধিৰ সলনি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰ'ণাৰ ভেকচিন, ৰেচন সামগ্ৰী আদি বিষয় উত্থাপন কৰি প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়াস কৰে । ইফালে, বিমান বন্দৰ চৌহদত সাংবাদিকৰ আগত মহিলা কংগ্ৰেছৰ সভানেত্রী নীতা ডি'ছুজ‍াই কয় যে মহিলা কংগ্ৰেছ বৈঠকৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে । বৈঠকত মূল্যবৃদ্ধিৰ প্ৰসংগত আলোচনা হ'ব আৰু এই সন্দৰ্ভত ৰণকৌশল গ্ৰহণ কৰা হ'ব ।

তেওঁ লগতে কয় যে, সংযোগ ক্ৰমে তেওঁ অহা বিমানখনত কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰানীও আহিছিল । বিমানৰ পৰা নমাৰ সময়ত মন্ত্রীগৰাকীক ৰন্ধন গেছৰ মূল্য কিয় হ্ৰ‍াস কৰা হোৱা নাই বুলি প্ৰশ্ন কৰা হৈছিল । ২০১৪ চনত গেছৰ দাম ৪১৫-৪৩০ টকাৰ হোৱাৰ সময়ত এইগৰাকী বিজেপি নেত্রীয়ে গেছ ছিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰিছিল ।

কিন্তু এতিয়া মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰশ্ন কৰাত মন্ত্রীগৰাকীয়ে কোনো প্ৰভাৱ পৰা নাই বুলি উত্তৰ দিয়াৰ লগতে অন্যান্য আঁচনিৰ কথা কৈছে বুলি কংগ্ৰেছ নেত্রীগৰাকীয়ে কয়। তেওঁ কয় যে মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰ তথা মন্ত্রীৰ ওচৰত কোনো উত্তৰ নাই । কংগ্ৰেছ সদায় ৰাইজৰ হিতৰ কথা চিন্তা কৰে আৰু ৰাইজৰ হিতৰ বাবে কাম কৰি যাব বুলি তেওঁ কয় ।

লগতে পঢ়ক : কেন্দ্ৰৰ প্ৰতিবেদনে উদঙাইছে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ পঁয়া লগা অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.