চিটাৰা ডেস্ক, 8 এপ্ৰিল: অসমীয়া বাপতি সাহোন বিহু আহি পদূলি মুখত ৷ বিহুটিক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে অসমৰ চাৰিওদিশে ৷ নিজ নিজ কৰ্ম নতুবা অধ্যয়নৰ বাবে ৰাজ্যৰ বাহিৰত থকা সকলো উৎকণ্ঠাৰে ৰৈ আছে বিহুটিত ঘৰলৈ যোৱাৰ হেঁপাহেৰে ৷
এইবাৰ অসমীয়াৰ সৈতে বিহু উদযাপন কৰিব ৰূপালী পৰ্দাৰ জনপ্ৰিয় তাৰকা শ্ৰুতি হাছানে ৷ প্ৰেমিক অসমৰ, সেই সূত্ৰে অসমলৈ বিহু উদযাপনৰ বাবে আহিব মোহময়ী অভিনেত্ৰী গৰাকী (Shruti Haasan Assam visit) ৷ অভিনয়ৰ সমান্তৰালকৈ গানো গাই শ্ৰুতিয়ে (Actor singer Shruti Haasan) ৷
শ্ৰুতিৰ প্ৰেমিক শান্তনু হাজৰিকাৰ ঘৰ গুৱাহাটীত (Shruti Haasan boyfriend Santanu Hazarika) ৷ এজন বিখ্যাত ইলাষ্ট্ৰেটৰ তথা ডুডল্ আৰ্টিষ্ট হিচাপে কাম কৰে শান্তনুৱে (Shruti Haasan boyfriend profession) ৷ কৰ্মসূত্ৰে মুম্বাই নিৱাসী তেওঁ ৷
অলপতে শান্তনুৱে তেওঁৰ একক প্ৰকল্প বি এল চি কে ৰ বাবে চৰ্চালৈ আহিছিল ৷
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম, অসমীয়াৰ মান গামোচা, পাট-মুগাৰ মেখেলা চাদৰ বহু পৰিমাণে জনপ্ৰিয় হৈছে ৷ এতিয়া লাহে লাহে অসমৰ উৎসৱ-পাৰ্বন, কলা-কৃষ্টি সমূহৰ প্ৰতি অসমৰ বাহিৰা লোকৰ এই আগ্ৰহে নিশ্চয়কৈ এইসমূহ জনমানসত বিস্তাৰিত হোৱাত সহায় কৰিব ৷
শ্ৰুতি আৰু শান্তনু এক দীঘলীয়া সময় ধৰি এজন আনজনৰ চিনাকি ৷ 2020 চনৰ পৰা দুয়ো প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে ৷ সামাজিক মাধ্যমৰ জৰিয়তে দুয়োৱে নিজৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল ৷
লগতে পঢ়ক: Beast movie Thalapathy Vijay:পাকিস্তানৰ বাবে অন্য দেশত নিষিদ্ধ হ’ল BEAST বোলছবিখন