গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : নুমলীগড় ৰিফাইনেৰী লিমিটেডে (Numaligarh Refinery Limited) হাতত লোৱা কেবাটাও বৃহৎ প্ৰকল্প আগন্তুক ৫ বছৰত ৩৫,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰি সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে (Project of NRL ) ৷ কোম্পানীটোৱে লোৱা প্ৰকল্প কেইটা হৈছে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ, পাৰাদ্বীপ- নুমলীগড় খাৰুৱা তেল পৰিবাহী পাইপলাইন স্থাপন, পাৰাদ্বীপত খাৰুৱা তেলৰ আমদানি টাৰ্মিনেল, ২ জি ইথানল প্ৰকল্প আৰু ভাৰত বাংলাদেশৰ মাজত বন্ধুত্ব পাইপলাইন আদি ।
সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি এন আৰ এলৰ এম. ডি. বি জে ফুকনে এই কথা সদৰি কৰে । আনহাতে আগন্তুক ২০২৩ বৰ্ষৰ পৰা পেট্ৰ’লত ২০ শতাংশ ইথানল মিহলি কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্তব্য কৰে । তেওঁ পেট্ৰ’লত ইথানল মিহলি কৰিলে গাড়ীৰ ইঞ্জিনত কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰি বিশ্বৰ বহু দেশে ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰ কৰি আহিছে বুলি সদৰি কৰে এম ডি গৰাকীয়ে ৷
লগতে ইয়াৰ উদাহৰণ হিচাবে ব্ৰাজিলৰ নাম উল্লেখ কৰি ব্ৰাজিলে ৮০ শতাংশ ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰ কৰি আহিছে বুলি ক’লে এম ডি বি জে ফুকনে ৷ আনহাতে পেট্ৰ’লত ইথানল মিহলি কৰিলে প্ৰদূষণৰ মাত্ৰা কমি যোৱাৰ লগতে পৰিৱেশৰ বাবে এইয়া উপকাৰী হ’ব বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে । তাৰোপৰি তেওঁ কয় যে কোম্পানীটোৱে বিগত বৰ্ষতকৈ এইবাৰ ২০ শতাংশতকৈ অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে
৷
কোম্পানীটোৱে চলিত বিত্তীয় বৰ্ষত বিগত বৰ্ষৰ ১৮,৫৪৮ কোটি টকাৰ বিপৰীতে ২৬.৯৫ শতাংশৰো অধিক ২৩,৫৪৬ কোটি টকাৰ সৰ্বাধিক বিক্ৰীৰ লেনদেন কৰিবলৈ সক্ষম হৈছে । কোম্পানীটোৱে পূৰ্বৰ ৪,০৮৩ কোটি টকা লাভৰ বিপৰীতে এই বৰ্ষত ১৮.৩৭ শতাংশ অধিক অৰ্থাৎ ৪,৮৪৮ কোটি টকা সৰ্বাধিক অৰ্জন কৰিবলৈ সক্ষম হৈছে । কোম্পানীটোৱে বিগত বছৰটোত ৩,০৩৬ কোটি টকাৰ বিপৰীতে এই বছৰত ৩, ৫৬২ কোটি টকাৰ মুঠ লাভ কৰে ।
উল্লেখ্য যে সোমবাৰে গুৱাহাটীৰ এন আৰ এল কাৰ্যালয়ত এন আৰ এলৰ অধ্যক্ষ তথা অইলৰ চি এম ডি ড৹ আৰ ৰথৰ সভাপতিত্বত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় । সংবাদমেলত এন আৰ এলৰ অধ্যক্ষ তথা চি এম ডি ড৹ আৰ ৰথৰ, ফাইনেঞ্চ ডাইৰেক্টৰ ইন্দ্ৰনীল মিত্ৰ উপস্থিত থাকে ৷
লগতে পঢ়ক: সাংবাদিকে কি কি প্ৰশ্ন কৰিব সেয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেহে হ’ব !