ETV Bharat / city

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ - IIT Guwahati

আইআইটি গুৱাহাটীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ উদ্বোধন বিজ্ঞান-প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তৰ ৷ ২১৯ টা কেন্দ্ৰক এলচিডি প্ৰজেক্টৰ-অনুভাষ যন্ত্ৰ প্ৰদান ৷ মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান প্ৰকল্পৰ বাবে শীঘ্ৰে মুকলি হ'ব আবেদন প্ৰক্ৰিয়া ৷

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Sep 7, 2022, 9:02 PM IST

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ: গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি)ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ-২০২২। আইআইটি, গুৱাহাটীৰ প্ৰেক্ষাগৃহত বুধবাৰে আগবেলা আনুষ্ঠানিক ভাৱে এই সমাৰোহ উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই (Science and Technology Minister Keshab Mahanta) ।

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদুৰী, বিভাগৰ অতিৰিক্ত সচিব তথা অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালিকা কিমনেই চাংচন উপস্থিত থাকে ৷ কামৰূপ জিলাৰ উপায়ুক্ত কিৰ্থি জল্লী, আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীঠাৰামৰ লগতে আইআইটিৰ অধ্যাপকসকল, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা আৰু কেন্দ্ৰ সমন্বয়কসকল আৰু জিলাসমূহৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰক প্ৰতিনিধিত্বকাৰী ছাত্ৰ-ছাত্ৰসকলেও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ।

ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ-বিজ্ঞান সমাৰোহখনি উদ্বোধন কৰি দিয়া ভাষণত বিভাগীয় মন্ত্ৰী মহন্তই কয়, 'এই ৰাজ্যিক সমাৰোহে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বৈজ্ঞানিক চিন্তা-চৰ্চাৰ সৈতে পৰিচিত হোৱাৰ এক সুৱৰ্ণ সুযোগ প্ৰদান কৰিব । আই আই টিৰ পৰীক্ষাগাৰবোৰ নিৰীক্ষণ কৰি তেওঁলোকে বিজ্ঞান আৰু প্ৰযুক্তিৰ শেহতীয়া উপলব্ধিবোৰৰ উমান পাব আৰু অনুপ্ৰাণিত হ’ব ।

এই সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ শিক্ষাৰ্থীসকলে পোৱা সুৱৰ্ণ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ তেওঁলোকক আহ্বান জনাইছোঁ ।' এই সমাৰোহৰ তিনিওটা দিন আই আই টি চৌহদত (IIT Guwahati) থাকি শিক্ষাৰ্থীসকলে মধুৰ স্মৃতি লৈ ঘৰলৈ ঘূৰি যাব পাৰিব বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই স্মৃতি আৰু অভিজ্ঞতাই ভৱিষ্যতেও তেওঁলোকক অনুপ্ৰেৰণা যোগাই যাব । ৰাজ্য চৰকাৰে স্কুলীয়া স্তৰৰ পৰাই নৱপ্ৰজন্মৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ লগতে বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধিত উদগণি যোগোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰবোৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন সা-সুবিধা প্ৰদানৰ ব্যৱস্থা লৈছে ।

বৈজ্ঞানিক সা-সঁজুলি, বিজ্ঞানভিত্তিক তথ্যচিত্ৰ, প্ৰসংগ পুথিৰ লগতে ইতিমধ্যে ১৪৩ টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰলৈ গৃহ নিৰ্মাণৰ বাবেও অৰ্থ সাহাৰ্য আগবঢ়োৱা হৈছে । পৰ্যায়ক্ৰমে অৱশিষ্ট কেন্দ্ৰসমূহলৈও এই সুবিধা আগবঢ়োৱা হ’ব বুলি তেওঁ উল্লেখ কৰে । মন্ত্ৰী মহন্তই কয়, 'আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰবোৰ আৰু অধিক সক্ৰিয় কৰি তুলিব পৰাকৈ সমগ্ৰ ৰাজ্যখনকে জিলা বিজ্ঞান কেন্দ্ৰ নেটৱৰ্কৰ দ্বাৰা সামৰি ল'বলৈ আমি ঠিৰাং কৰিছো (Aryabhatta Science Centre at IIT Guwahati)।

আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ উচ্চতৰ শিখৰৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আমি চলিত বৰ্ষৰ পৰা 'মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান প্ৰকল্প' শীৰ্ষক এক নতুন কাৰ্যসূচী ৰূপায়নৰো ব্যৱস্থা কৰিছো । এই প্ৰকল্পৰ অধীনত বিজ্ঞান শাখাত একাদশ শ্ৰেণীত অধ্যয়নৰত এশগৰাকী শিক্ষাৰ্থীক মেধাৰ ভিত্তিত নিৰ্বাচন কৰি দেশৰ উৎকৃষ্ট বৈজ্ঞানিক প্ৰতিষ্ঠান তথা গৱেষণা কেন্দ্ৰত বৈজ্ঞানিক গৱেষণা বিষয়ক প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ প্ৰদান কৰা হ’ব ।

ইয়াৰ জৰিয়তে নিৰ্বাচিত শিক্ষাৰ্থীসকলে এই গৱেষণাগাৰসমূহ ভ্ৰমণ কৰাৰ লগতে দেশৰ আগশাৰীৰ বৈজ্ঞানিকৰ সৈতে ভাব বিনিময় কৰাৰ সুযোগ পাব ।' এই প্ৰকল্পৰ বাবে শীঘ্ৰে ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন পত্ৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলিও অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।

আনহাতে, অসমৰ গাঁওসমূহক জলবায়ু সহনশীল গাঁও হিচাবে বৰ্তাই ৰাখিবলৈ এক বৈজ্ঞানিক আৰ্হি প্ৰস্তুত কৰিবলৈ 'মুখ্যমন্ত্ৰীৰ জলবায়ু সহনশীল গাঁও ফেলশ্বিপ প্ৰকল্প' শীৰ্ষক আন এক কাৰ্যসূচীও বিভাগটোৱে ৰূপায়ন কৰিবলৈ লোৱাৰ বিষয়ে বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী মহন্তই উল্লেখ কৰে । এই নতুন প্ৰয়াসসমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ দিশত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সমূহক গুৰুদায়িত্ব পালনৰ বাবছ তেওঁ আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানতে ৰাজ্যৰ ২১৯টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰত্যেককে একোটাকৈ এলচিডি প্ৰজেক্টৰ আৰু ৰাজহুৱা অনুভাস যন্ত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ দেৱ চৌধুৰীলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.