ETV Bharat / city

সোণোৱালৰ সন্মুখত প্ৰত্যাহ্বান: কি‌ লৈ আহিব গুৱাহাটীলৈ ? - sarbanda sonowal news

কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত আৰ্শীবাদ যাত্ৰাৰে ৰাজ্যত প্ৰথম বাৰলৈ পদাৰ্পণ ‌‌কৰিবলৈ সাজু হোৱা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ কি লৈ আহিব অসম তথা‌ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে ? আৰ্শীবাদ যাত্ৰা কেৱল ৰাজনৈতিক চমক নে ই আনিব পাৰিব কেতবোৰ ভাল খবৰো ? এই চৰ্চা এতিয়া তুংগত ৷

sarbanda sonowal homecoming
সোণোৱালৰ সন্মুখত প্ৰত্যাহ্বান : কি‌ লৈ আহিব গুৱাহাটীলৈ
author img

By

Published : Aug 9, 2021, 10:22 PM IST

গুৱাহাটী ৯ আগষ্ট: বন্দৰ,‌‌ জলপৰিবহন, জাহাজ, আয়ুসৰ দৰে বিভাগৰ দায়িত্ব লাভ কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(union minister Sarbananda Sonowal) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে কিবা কাম কৰিব পাৰিবনে ? নে তেওঁৰ আৰ্শীবাদ যাত্ৰা হ'ব মাথোঁ এক ৰাজনৈতিক চমক ? সন্দেহ নাই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমকক্ষ এজনক জনমানসত থিয় কৰি ৰখাৰ নিতান্ত ৰাজনৈতিক তাগিদাতে সৰ্বানন্দ সোণোৱালৰ বাবে বিজেপিয়ে আয়োজন কৰিছে আৰ্শীবাদ যাত্ৰাৰ ।

ইয়াৰ পূৰ্বেও সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল যদিও তেতিয়া তেনে কোনো ৰাজনৈতিক যাত্ৰাৰ কথা বিজেপিৰ নেতৃত্বই ভবা‌ নাছিল । কিন্তু, তাৰ বিপৰীতে শেহতীয়াকৈ মুখ্যমন্ত্ৰীত্বৰ পৰা বঞ্চিত কৰা দলে যেন আৰ্শীবাদ যাত্ৰাৰে প্ৰায়চিত্ত কৰিবলৈ তৎপৰ হৈ উঠিছে । কিন্তু এনে এক সময়ত দায়িত্ব আহি পৰিছে সোণোৱালৰ ওপৰতো ।

মুখ্যমন্ত্ৰী হৈ থকা পাছটা বছৰত ৰাজ্যখনৰ বাবে ‌‌অৰ্থপূৰ্ণ কোনো কাম কৰিবলৈ সক্ষম নোহোৱা সোণোৱালে অসমত উপস্থিত হৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কি নতুন বাৰ্তা লৈ আহিব তাকে লৈ ৰাজনৈতিক মহলত সৰ্বত্ৰে চৰ্চা চলিছে ।

স্বাভাৱিকতে মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে ই হৈ পৰিছে প্ৰত্যাহ্বানৰ বিষয় । কেন্দ্ৰীয় চৰকাৰৰ যি কেইটা বিভাগৰ দায়িত্ব সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰা‌ হৈছে তাৰ দ্বাৰা অঞ্চলটোত কাম কৰাৰ সুযোগ সীমিত । কিন্তু, ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে এই সীমিত সুযোগকে সম্ভাৱনালৈ ৰূপান্তৰিত কৰাৰ বাবে এইবাৰ হাতে কামে ‌‌লাগি পৰিছে ।

নতুন দিল্লীৰ এক শীৰ্ষ সূত্ৰৰ মতে জল পৰিবহন আৰু বন্দৰ বিভাগৰ অধীনত বহুদিন আগতেই ৰূপায়ণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ ৰূপায়ণৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল । সোণোৱালৰ অসম ভ্ৰমণে এতিয়া সেইবাবে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 'এক্ট ইষ্ট পলিচী'ৰ অংশ হিচাপে দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰ সমূহৰ সৈতে উত্তৰ পূৰ্বাঞ্চলক সংযোজিত কৰাৰ কথাও ভাবিছে ৷

কেইবাটাও অভিলাসী প্ৰকল্প ৰূপায়ণৰ বাবে টাইম লাইন ঘোষণা কৰিব সোণোৱালে । ইয়াৰ‌ অন্যতম প্ৰকল্প হ'ব 'বাংলাদেশ-চীন-ইণ্ডিয়া-ম্যানমাৰ ইকন’মিক কৰিড'ৰ (BCIM-EC)ৰ লগত সংযোজিত জল পৰিবহন আৰু বন্দৰ প্ৰকল্প সমূহত বিনিয়োগ । সূত্ৰটোৰ মতে, ১৯৭২ চনতে স্বাক্ষৰিত হৈ থকা ইণ্ডিয়া-বাংলাদেশ প্ৰট'কল অন ইনলেণ্ড ৱাটাৰ ট্ৰেনজিট এণ্ড ট্ৰেড ( Indo-Bangladeh Protocols on Inland Water Transit and Trade ) সন্দৰ্ভত কেইবাটাও ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ কৰিব ।

এই প্ৰট'কল সূদীৰ্ঘ কালৰ পিছত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ২০১৫ চনত নৱীকৰণ হৈছিল আৰু পাচ বছৰৰ মূৰে মূৰে নৱীকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । সেয়ে সোণোৱালৰ কাৰ্যকালত এই প্ৰট'কল নৱীকৰণ হলে আনুসংগিক প্ৰকল্পৰ কামেও প্ৰাণ পাই উঠিব ।

মনকৰিবলগীয়া যে, উল্লিখিত প্ৰট'কলৰ‌ অধীনতে পাঁচটাকৈ ডেজিগনেটেড জল পথ আছে আৰু তাৰে এটা হ’ল‌ অসমৰ যোগীঘোপা সংযোগী ভাৰত-বাংলাদেশ জলপথ। অসম, অৰুণাচল, ভূটান সংযোগ কৰা কাৰ্গো সেৱা প্ৰধান এই জলপথৰ কাম ২০১৮ চনত আৰম্ভ হোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাই । জানিব পৰা মতে অসমলৈ আহি সোনোৱালে এই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ঘোষণা কৰিব ।

আনহাতে, বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু বাংলাদেশৰ আছুগঞ্জৰ ঘোৰাশাল বন্দৰৰ কামকাজ তৰান্বিত কৰাৰ বাবেও কিছু পদক্ষেপ লোৱা হ'ব বুলি জানিব পৰা‌ গৈছে। সূত্ৰটোৰ মতে বাংলাদেশৰ ডাউকান্দি আৰু ত্ৰিপুৰাৰ সোনামূৰা বন্দৰৰ সংযোগো দীৰ্ঘ দিন ধৰি‌ স্তিমিত হৈ আছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই বন্দৰত এক বিনিয়োগ বিচাৰি ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ কাষ চাপিছে ।

কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে যি সম্ভাৱনা পুহি ৰাখিছে তাৰ লগত সম্পৰ্কিত হৈ আছে জল পৰিবহনৰ বিশাল ক্ষেত্ৰখন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত যুগান্তকাৰী পৰিবৰ্তন আনিব পাৰে বুলিও এতিয়া চৰ্চিত হৈছে ।‌‌

বিশেষকৈ ইতিমধ্যে ৰূপায়িত হৈ থকা 'কালাডিন মাল্টিমডেল ট্ৰানজিত ট্ৰান্সপৰ্ট প্ৰজেক্ট'ৰ অধীনত চীন ম্যানমাৰ বাংলাদেশক একেটা জলপথেৰে সংযুক্ত কৰাৰ কাম সোণোৱালৰ দিনত সম্ভৱ হ’বনে নাই বুলিও এই‌ মূহুৰ্তত প্ৰশ্ন উঠিছে । এই বিষয়সমূহৰ লগত স্বাভাবিকতে সম্পৰ্কিত হৈ আছে ভাৰত আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়ো ।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই দেশৰ মাত্ৰ আঠ শতাংশ মাটিহে সামৰি আছে যদিও ইয়াৰ লগত আছে মুঠ ৫৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা সংযুক্ত হৈ আছে ৷ মুঠৰ ওপৰত এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অসম আগমনে সৃষ্টি কৰিছে বহু জল্পনা কল্পনাৰ ৷

লগতে পঢ়ক : শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সমস্যা সমাধানৰ দাবীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.