ETV Bharat / city

বিদ্যালয় হ্ৰাস কৰাৰ বিপৰীতে সমগ্ৰ ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰাৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ - Samujjal Bhattacharya Reaction

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ শূণ্য হোৱা বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে(34 schools in Assam to be closed soon) । সেই অনুসৰি ৰাজ্যৰ ৩৪ খন হাইস্কুল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া...

Assam Chief Adviser Samujjal Bhattacharjya
আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
author img

By

Published : Aug 24, 2022, 9:06 PM IST

গুৱাহাটী,২৪ আগষ্ট: চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে আন্তঃগাঁথনি উন্নয়ন কৰাৰ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে(AASU Chief Advisor Samujjal Bhattacharjya) । উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ শূণ্য হোৱা বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে(Assam government's decision to close 34 school) । সেই অনুসৰি ৰাজ্যৰ ৩৪ খন হাইস্কুল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে । চৰকাৰী এই সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

বুধবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে চৰকাৰে বিদ্যালয় বন্ধ কৰা আৰু একত্ৰিত কৰা মানেই চৰকাৰৰ দক্ষতা নুবুজায় । একত্ৰীৰণ প্ৰক্ৰিয়াটো চৰকাৰে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে । বিদ্যালয়ৰ সংখ্যা হ্ৰাস কৰাৰ বিপৰীতে চৰকাৰে সমগ্ৰ ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে । পুনৰীক্ষণ নকৰা পৰ্যন্ত এই সিদ্ধান্ত স্থগিত ৰখাৰ বাবে তেওঁ চৰকাৰক দাবী জনায় । বিদ্যালয় বন্ধ কৰি দিয়াটো কৃতিত্ব নহয় বুলিও তেওঁ উল্লেখ কৰে ।

আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে প্ৰতিটো জনগোষ্ঠীয় ভাষা উন্নয়ন আৰু বিকাশৰ বাবে চৰকাৰক গুৰুত্ব দিয়াৰ দাবী জনায় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । তেওঁ লগতে কয় যে কি কাৰণত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে সেই বিষয়ে আলোচনা কৰা প্ৰয়োজন আছিল ।

চৰকাৰী বিদ্যালয় সমূহ আৰ্কষণীয় কৰি তুলিব লাগিব বুলি সদৰী কৰি তেওঁ কয় যে অসমীয়া মাধ্যমত প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ ব্যৱস্থা কৰিব লাগে । চৰকাৰী খণ্ডত অসমীয়া ভাষা, বড়ো ভাষা আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত ৰাখিব লাগে বুলি তেওঁ দাবী কৰে । তেওঁ কয় যে তৃতীয় শ্ৰেণীৰ পৰাই নহয় তাৰ তলৰ শ্ৰেণীৰ পৰাই চৰকাৰে অসমীয়াৰ লগতে ইংৰাজী ভাষাত গুৰুত্ব দিব লাগে ।

লগতে পঢ়ক : উন্নতমানৰ শিক্ষা প্ৰদানৰ স্বাৰ্থতহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.