ETV Bharat / city

অখিল গগৈৰ বিৰুদ্ধে কিয় সৰৱ হ'ল ৰূপজ্যোতি কুৰ্মী

ৰ'দে বৰষুণে কাম কৰা জবকাৰ্ডৰ শ্ৰমিক সকলক উৎসাহ জনোৱাৰ বিপৰীতে অখিল গগৈয়ে তেওঁলোকক অপমান কৰিছে । অখিল গগৈৰ এনে অপমান সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে । তেওঁ কয় যে বাৰে বাৰে বিধানসভাত অপমানসূচক মন্তব্য কৰি অসমবাসীক অপমান কৰিছে অখিল গগৈয়ে ।

author img

By

Published : Sep 14, 2022, 4:42 PM IST

গুৱাহাটী,১৪ ছেপ্টেম্বৰঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি তৃতীয় দিনা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi)। সদন চলি থকাৰ মাজতে বাহিৰলৈ ওলাই আহি অখিল গগৈৰ বিৰুদ্ধে সংবাদ মাধ্যমত সৰৱ হৈ পৰে ৰূপজ্যোতি কুৰ্মী ।

অখিল গগৈৰ বিৰুদ্ধে কিয় সৰৱ হ'ল ৰূপজ্যোতি কুৰ্মী

সংগ দিয়ে বিধায়ক দিগন্ত কলিতাই । অখিল গগৈক একপ্ৰকাৰ হুংকাৰ দি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে বাৰে বাৰে পৱিত্ৰ বিধানসভাখনক অপমান কৰিছে অখিল গগৈয়ে(MLA Akhil Gogoi) । জবকাৰ্ডৰ লোকসকলে মাত্ৰ ২ ঘন্টা কাম কৰে বুলি কৈ তেওঁলোকক চূড়ান্ত অপমান কৰিছে অখিল গগৈয়ে ।

ৰ'দে বৰষুণে কাম কৰা জবকাৰ্ডৰ শ্ৰমিক সকলক উৎসাহ জনোৱাৰ বিপৰীতে অখিল গগৈয়ে তেওঁলোকক অপমান কৰিছে । অখিল গগৈৰ এনে অপমান সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে । তেওঁ কয় যে বাৰে বাৰে বিধানসভাত অপমানসূচক মন্তব্য কৰি অসমবাসীক অপমান কৰিছে অখিল গগৈয়ে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো (President Draupadi Murmu) কাঠৰ মূঢ়া বুলি কৈ অপমান কৰিছিল অখিল গগৈয়ে । ভৱিষ্যতে তেনে নকৰিবলৈ সংবাদ মাধ্যমৰ সন্মুখত টেটু ফালি চিঞৰি ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক সকীয়াই দিয়ে ।

লগতে পঢ়ক: বিধানসভাৰ অধিৱেশনৰ পৰা বিধায়ক অখিল গগৈক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.