ETV Bharat / city

কামাখ্যা মন্দিৰৰ নামত ছ'চিয়েল মিডিয়া যোগে ধন সংগ্ৰহ দুষ্টচক্ৰৰ - কামাখ্যা মন্দিৰ

শক্তিপীঠ কামাখ্যা মন্দিৰৰ নামত সামাজিক মাধ্যম যোগে একাংশ দুষ্টচক্ৰৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ ৷ দুষ্টচক্ৰৰ এনে প্ৰৱঞ্চনাত ভোল নাযাবলৈ ৰাইজক আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ।

Rumour Against Kamakhya Tample At Social Media
কামাখ্যা মন্দিৰকলৈ অপ-প্ৰচাৰঃ সৰৱ পৰিচালনা সমিতি
author img

By

Published : Aug 11, 2020, 6:18 PM IST

গুৱাহাটী, 11 আগষ্টঃ এইবাৰ শক্তিপীঠ কামাখ্যা মন্দিৰকলৈ অনলাইনত প্ৰৱঞ্চনাৰ জাল একাংশ দুষ্ট চক্ৰৰ। মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিগত কেইবা মাহ ধৰি বন্ধ হৈ আছে শক্তিপীঠ কামাখ্যা মন্দিৰ । কিন্তু তেনে সময়তে কামাখ্যা দৰ্শনৰ নামত ভুৱা প্ৰচাৰ আৰম্ভ কৰিছে এটা দুষ্টচক্ৰই । দুষ্টচক্ৰটোৱে ধন দিলে অনলাইন যোগে দেৱীৰ দৰ্শন কৰাব বুলি সামাজিক মাধ্যমত উল্লেখ কৰিছে । ফেচবুকত এটা পেজ খুলি এনেদৰেই প্ৰৱঞ্চকে মেলিছে ধন সংগ্ৰহৰ জাল ।

কামাখ্যা মন্দিৰকলৈ অপ-প্ৰচাৰঃ সৰৱ পৰিচালনা সমিতি

ইফালে, পহিলা ছেপ্তেম্বৰৰ পুৱা 10 বজাৰ পৰা অনলাইন যোগে মা কামাখ্যাৰ দৰ্শন কৰিব পাৰিব বুলি অপপ্ৰচাৰত লিপ্ত হৈছে দিব্য শক্তিপীঠ নামৰ ফেচবুক পেজটোৱে । দুষ্টচক্ৰৰ এই কাণ্ড দেখি আচৰিত হৈ পৰিছে মন্দিৰ পৰিচালনা সমিতি । আনহাতে দুষ্টচক্ৰৰ এনে প্ৰৱঞ্চনাৰ জালত ভৰি নিদিবলৈ ভক্ত সকলক আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ।

যি সময়ত কৰ'ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহা অম্বুবাচী মেলা, দেওধনী নৃত্য আদিৰ লগতে বিভিন্ন পূজা-পাৰ্বন কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ পালন কৰিছে, সেই সময়তে একাংশ দুষ্টচক্ৰই কামাখ্যা ধামৰ নামত সামাজিক মাধ্যমত চলোৱা অপপ্ৰচাৰক লৈ ক্ষুব্ধ হৈ পৰিছে মন্দিৰ পৰিচালনা সমিতি ৷ উক্ত অপ প্ৰচাৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে পৰিচালনা সমিতিৰ সদস্য সকলে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত একাংশ দুষ্টচক্ৰই চলাই আহিছিল ভুৱা অপ-প্ৰচাৰ । যাৰ বাবে কেইবাবাৰো আৰক্ষীৰ কাষ চাপিছিল মন্দিৰ পৰিচালনা সমিতি ।

লগতে পঢ়ক- অৱস্থান ধৰ্মঘটত বহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.