গুৱাহাটী, ২৬ আগষ্টঃ মঙ্গলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ভাৰতৰ দীৰ্ঘতম ৰিভাৰ ৰ’প ৱে’ ৷ কিন্তু শুভাৰম্ভণী হোৱা মাত্ৰ 48 ঘন্টা পাৰ নহওঁতেই বিকল হ’ল এই ৰ’প ৱে’ ৷
মুঠ ৫৬ কোটি টকা ব্যয় সাপেক্ষে সুদীৰ্ঘ ১১ বছৰৰ অন্তত নিৰ্মাণ হৈ উঠা প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘৰ এই ৰ’প ৱে’ৰ নিৰ্মাণৰ তত্ত্বাৱধানত আছিল জি এম ডি এ ৷ মাত্ৰ ৭-৮ মিনিট সময়ত ইপাৰসিপাৰ হ’ব পৰা এই ৰ’প ৱে’ আনুষ্ঠানিক ভাৱে মুকলি কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেশৰ ৰ’প ৱে’ৰ ব্যৱস্থা থকা ৰাজ্য সমূহৰ ভিতৰত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা এই ৰ’প ৱে’ৰ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পাছত সকলোৱে ভাৱিছিল এতিয়াৰে পৰা কিছু পৰিমাণে সুচল হ’ব বৰ লুইতৰ দুয়োপাৰৰ যাতায়ত ব্যৱস্থা ৷
কিন্তু দুৰ্ভাগ্যজনক ভাৱে মুকলি হোৱাৰ মাত্ৰ এটা দিনৰ পাছতেই অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ অন্তৰ্গত এই ৰ’প ৱে’ বিকল হৈ পৰাত এতিয়া আশাহত হৈছে যাত্ৰীসকল ৷
লগতে পঢ়ক : বঙাইগাঁৱত ট্ৰাক চালকৰ হত্যাকাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ