ETV Bharat / city

বেলতলাত ধন লুটিবলৈ আহি আটক দিন ডকাইত

বেলতলাৰ পেট্ৰ’ল পাম্পত সংঘটিত হৈছে ডকাইতিৰ ঘটনা ৷ টকাৰ বেগ লৈ পলায়ন কৰিব খোজোতেই হাতে-লোটে ধৰা পৰিল যুৱক ৷

Robbers arrested in Beltola
বেলতলাত ধন লুটিবলৈ আহি আটক দিন ডকাইত
author img

By

Published : Jan 16, 2021, 5:21 PM IST

Updated : Jan 16, 2021, 7:49 PM IST

গুৱাহাটী,16 জানুৱাৰী : ৰাজ্যত পুনৰ সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা ৷ নগাঁৱত ব্যৱসায়ীৰ পৰা ধনৰ বেগ কাঢ়ি নিয়া ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই এইবাৰ মহানগৰী গুৱাহাটীত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ গুৱাহাটীৰ বেলতলাত সংঘটিত হৈছে এই ঘটনা ৷ বেলতলাৰ সঞ্জীৱনী পেট্ৰ’ল পাম্পত ধনৰ বেগ কাঢ়িবলৈ চেষ্টা চলাওঁতেই আটক হৈছে যুৱক ৷

বেলতলাত ধন লুটিবলৈ আহি আটক দিন ডকাইত

তথ্য অনুসৰি, পেট্ৰ’ল পাম্পটোৰ কাউন্টাৰত থকা টকাৰ এটা বেগ কাঢ়ি পলায়ন কৰিব খোজোতেই কৰ্মচাৰীয়ে আটক কৰে ডকাইতটোক ৷ এখন পালচাৰ বাইকত আহিছিল দুজনীয়া ডকাইতৰ দলটো ৷ এজনে ডকাইতি কৰাৰ সময়ত বাইকতে আছিল আনজন যুৱক ৷ অৱশ্যে আনজন যুৱক পলাই যাবলৈ সক্ষম হয় ৷ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে জনোৱা মতে প্ৰায় 13 লাখ টকা আছিল বেগটোত ৷ আটকাধীন যুৱকজন বিহাৰৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বিহাৰৰ পৰা চুৰি কৰি অনা এখন পালচাৰ বাইকত ভুৱা নম্বৰ প্লেট লগাই দলটোৱে ডকাইতি কৰিবলৈ আহিছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ৷

লগতে পঢ়ক : তিনিচুকীয়াটো আৰম্ভ হ'ল কোভিড-19 প্ৰশমনৰ টীকাকৰণ

Last Updated : Jan 16, 2021, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.