ETV Bharat / city

গুৱাহাটীৰ যোৰাবাটত এনকাউণ্টাৰ: নিহত দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Sep 7, 2022, 12:13 PM IST

পলাতক ডকাইত ৰাজুৰ সন্ধানত নিশা গোবিন্দ ৰয়ৰ সন্ধানত ওলাই গৈছিল । যোৰাবাট অঞ্চলত ৰাজুৰ সন্ধানৰ বাবে যোৱাৰ সময়ত গোবিন্দ ৰয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে । পলাবলৈ লওতেই আৰক্ষীয়ে গুলীচালনা কৰে আৰু গোবিন্দ ৰয় নিহত হয় (Robber killed by police) ।

encounter incident in guwahati one died
গুৱাহাটীৰ যোৰাবাটত এনকাউণ্টাৰ

গুৱাহাটী,৭ ছেপ্টেম্বৰঃ গুৱাহাটীত পুনৰ এনকাউণ্টাৰৰ ঘটনা (Encounter in Guwahati) । এইবাৰ আৰক্ষীৰ গুলীত নিহত হ'ল দুৰ্ধৰ্ষ ডকাইত । ঘটনাৰ স্থান যোৰাবাট । আন এটা ডকাইতৰ সন্ধানত যোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাব লওতেই আৰক্ষীয়ে গুলীচালনা কৰে । এই ঘটনাত নিহত হয় বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ ডকাইত গোবিন্দ ৰয় ।

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে গুৱাহাটী মহানগৰীত পুনৰ এক দিন ডকাইতিৰ ঘটনা ঘটনা সংঘটিত হৈছিল । বহি:ৰাজ্যৰ পৰা ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিছিল এটা ডকাইত । আৰক্ষী সূত্ৰই জনোৱা মতে ওজা জে চি বিৰ পৰা এখন জে চি বি ক্ৰয় কৰিবলৈ টি এন হীৰা নামৰ এজন গ্ৰাহকে মঙলবাৰে বশিষ্ঠৰ প্ৰতিষ্ঠানটোলৈ আহে । ঠিক সেই সময়তে কলকাতাৰ পৰা অহা গোবিন্দ ৰয় আৰু ৰাজু নামৰ দুই ডকাইতে বাইকেৰে আহি গ্ৰাহক জনৰ পৰা তিনিলাখ টকা কাঢ়ি নিয়াৰ চেষ্টা কৰে ।

ঘটনাটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি এটা ডকাইতক কৰায়ত্ত কৰি উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে । অৱশ্যে ঘটনাস্থলীৰ পৰা ৰাজু নামৰ আন এটা ডকাইত পলাই যাবলৈ সক্ষম হয় । জানিব পৰা মতে কিছুদিন পূৰ্বেই কলকাতাৰ পৰা আহি মহানগৰীত বাহৰ পাতিছিল দুই ডকাইত ক্ৰমে ৰাজু আৰু গোবিন্দই ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে পলাতক ৰাজুৰ সন্ধানত নিশা গোবিন্দ ৰয়ৰ সন্ধানত ওলাই গৈছিল । যোৰাবাট অঞ্চলত ৰাজুৰ সন্ধানৰ বাবে যোৱাৰ সময়ত গোবিন্দ ৰয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে । পলাবলৈ লওতেই আৰক্ষীয়ে গুলীচালনা কৰে আৰু গোবিন্দ ৰয় নিহত হয় (Robber killed in Jorabat) ।

লগতে পঢ়ক: পৌৰ এলেকাৰ সম্পত্তি কৰ বৃদ্ধিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.