ETV Bharat / city

অখিল গগৈৰ মুক্তি : অধিবক্তা কৃষ্ণ গগৈৰ ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Aug 8, 2020, 8:00 PM IST

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈৰ সৈতে ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ৷ গগৈৰ বিৰুদ্ধে নিয়াই অনা অভিযোগ সম্পৰ্কত মন্তব্য কৰে কৃষ্ণ গগৈয়ে ৷

অধিবক্তা কৃষ্ণ গগৈৰ ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ
অখিল গগৈৰ মু্ক্তি

গুৱাহাটী, 8 আগষ্ট : কাৰাৰুদ্ধ অখিল গগৈ তথা তেওঁৰ সতীৰ্থসকলৰ অধিবক্তা কৃষ্ণ গগৈয়ে ইটিভি ভাৰতক গগৈৰ জামিন সম্ভৱপৰ হৈ নুঠাৰ কাৰণ দৰ্শায় ৷ অধিবক্তাগৰাকীয়ে জনাই যে, 'নিয়া'ই অখিল গগৈৰ বিৰূদ্ধে এনে কিছুমান অভিযোগ আনিছে যিবোৰৰ বাবে আদালতে কৃষক নেতাগৰাকীৰ জামিন ব্যবস্থা কৰিব নোৱাৰিলে । অহা 10 আগষ্টত গগৈৰ অধিবক্তাই 'নিয়া'ৰ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ।

'নিয়া'ৰ অভিযোগ অনুসৰি, অসমত উগ্ৰ বাওঁপন্থী সংগ্ৰামৰ বীজ সিঁচি মাওবাদী সংগঠনক সহায় কৰিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ আন্দোলনক অস্ত্ৰ হিচাপে লৈছিল কৃষক নেতা অখিল গগৈয়ে । এনে গুৰুতৰ অভিযোগৰ বাবেই দীঘলীয়া শুনানীৰ পিছতো অখিল গগৈৰ জামিন সম্ভৱপৰ হৈ নুঠা বুলি কয় কৃষ্ণ গগৈয়ে । তেওঁ লগতে কয় যে, সেয়ে কৃষক নেতাগৰাকীৰ জামিন প্ৰক্ৰিয়াত দেখা দিয়া অনিশ্চয়তাই সমাগত বিধানসভাৰ নিৰ্বাচনটো প্ৰভাৱ পেলোৱাটো নিশ্চিত হৈ পৰিছে । এই প্ৰক্ৰিয়া যদি আশংকা কৰা ধৰণে আৰু তিনিমাহ কাল পিছুৱাই যায় তেন্তে ই বিজেপি আৰু কংগ্ৰেছ বিৰোধী তৃতীয় বিকল্পৰ ৰাজনীতিক ক্ষতিগ্ৰস্ত কৰাটো নিশ্চিত ।

উল্লেখযোগ্য যে, ৰাজ্যত নাগৰিকত্ব আইন সংশোধনীৰ বিৰুদ্ধে আৰম্ভ হোৱা গণ বিক্ষোভৰ সময়তে বিগত বছৰৰ 12 ডিচেম্বৰত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক । ইয়াৰ ঠিক আগদিনা 'কা' বিৰোধৰ নামত চলা প্ৰতিবাদে মহানগৰী গুৱাহাটীত হিংসাত্মক ৰূপ লৈছিল । 12 ডিচেম্বৰত গগৈ গ্ৰেপ্তাৰ হোৱাৰ পিছতে বিষয়টোৰ লগত মাওবাদী বিদ্ৰোহ জড়িত হৈ আছে বুলি গোচৰৰ তদন্তভাৰ লয় কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা 'নিয়া'ই । এই অনুসন্ধান প্ৰক্ৰিয়াৰ অংশ হিচাপে যোৱা 17 ডিচেম্বৰৰ পৰা কাৰাৰূদ্ধ হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ । এনে গোচৰতে গগৈৰ আন তিনিগৰাকী সতীৰ্থও কাৰাৰুদ্ধ হৈ আছিল যদিও শেহতীয়াকৈ তেওঁলোকে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পাছত অখিল গগৈৰ জামিনো সম্ভব হ'ব বুলি আশা কৰা হৈছিল । কিন্তু যোৱা কেইবাদিনো ধৰি দুয়ো পক্ষৰ যুক্তি শুনাৰ পাছত কালি 'নিয়া'ৰ বিশেষ আদালতে যি 45 পৃষ্ঠাজোৰা ৰায়দান কৰিলে তাত অখিল গগৈৰ বিৰুদ্ধে 'নিয়া'ই দাখিল কৰা অভিযোগনামাত 'অভাৱনীয়' অভিযোগ থকা বুলি উল্লেখ কৰিছে ।

উল্লেখ্য যে, চানমাৰী থানাত ৰুজু হৈ থকা গোচৰৰ তদন্তৰ দায়িত্ব লোৱা 'নিয়া'ই যোৱা 29 মে'ত এই বিশেষ আদালতত অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বাতুল সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল । জানিব পৰা মতে, এই অভিযোগনামাত কৃষক নেতা অখিল গগৈৰ লগত অসমৰ বাহিৰৰ মাওবাদী শক্তিৰ সম্পৰ্কক তথ্য সহকাৰে প্ৰতিষ্ঠা কৰা হৈছে । আনকি অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়েও ঝাৰখণ্ডৰ মাওবাদী অধ্যুষিত অঞ্চল ভ্ৰমন কৰি জনসভাতো অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে অভিযোগনামাত ৷

মন কৰিবলগীয়া যে, কাৰাগাৰৰ পৰা অখিল গগৈয়ে মুক্তি লাভ কৰিলে অসমৰ তৃতীয় বিকল্পৰ ৰাজনীতিয়ে প্ৰান পাই উঠিব বুলি যিসকলে বিশ্বাস কৰে তেওঁলোকৰ বাবে এতিয়া কৃষক নেতাগৰাকীৰ মুক্তিয়ে মূল ভৰষা । বিশেষকৈ সাংসদ অজিত কুমাৰ ভূঞাৰ তৎপৰতাত গঠিত হোৱা 'আঞ্চলিক গন মৰ্চা'ৰ মঞ্চত সমবেত হোৱা দল-সংগঠনসমূহক অখিল গগৈৰ মুক্তিয়ে বিশেষ মাত্ৰা দিব আৰু সেয়াই সমাগত নিৰ্বাচনৰ ৰাজনৈতিক সমীকৰণৰ মূল আধাৰ হ'ব বুলি ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈছে ।

লগতে পঢ়ক : গৰ্ভৱতী পত্নীক ইহ সংসাৰত এৰি গ'ল সহ-পাইলট অখিলেশ কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.