ETV Bharat / city

জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাক সাক্ষাৎ ৰাম মাধৱৰ

author img

By

Published : Sep 15, 2019, 11:33 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে সেৱা সপ্তাহ পালন কৰি আহিছে । এই সেৱা সপ্তাহ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কামকাজ তথা কাশ্মীৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবৰ বাবে দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ।

জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাক সাক্ষাৎ ৰাম মাধৱৰ

গুৱাহাটী, 15 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে সেৱা সপ্তাহ পালন কৰি আহিছে । শনিবাৰৰ পৰা আৰম্ভ হোৱা এই সেৱা সপ্তাহ 20 ছেপ্তেম্বৰত সামৰণি পৰিব । এই সেৱা সপ্তাহ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কামকাজ তথা কাশ্মীৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবৰ বাবে দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে । ৰাম মাধৱে লগতে প্ৰধানমন্ত্ৰীৰ জীৱনভিত্তিক গ্ৰন্থৰ টোপোলাও কনকসেন ডেকাক অৰ্পন কৰে । এই সুযোগতে মোডী চৰকাৰে কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ, দেশৰ একতা আৰু অখণ্ডতাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও অৱগত কৰে ডেকাক ৷

জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাক সাক্ষাৎ ৰাম মাধৱৰ

সাংবাদিকৰে বাৰ্তালাপত ৰাম মাধৱে কয় যে, কনকসেন ডেকা বিদ্বান মহলৰ এগৰাকী আদৰণীয় ব্যক্তি । তেওঁ দৈনিক অগ্ৰদূত বাতৰি কাকতৰ সৰ্বেসৰ্বা । অসমৰ শীৰ্ষ নেতৃত্বৰ সৈতে কাশ্মীৰ সন্দৰ্ভত মোডী চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অৱগত কৰোৱাৰ অৰ্থে ডেকাক সাক্ষাৎ কৰে বুলি জানিবলৈ দিয়ে ৰাম মাধৱে । এইক্ষেত্ৰত ডেকাই ৰাম মাধৱক সময় দিয়াৰ বাবে ধন্যবাদো জ্ঞাপন কৰে ৷ পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰত চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰাম মাধৱে কয় যে, সম্প্ৰতি অনুচ্ছেদ 370 কাশ্মীৰত এটি পুৰণি অধ্যায় হৈ পৰিছে । এতিয়া জম্মু - কাশ্মীৰ স্বায়ত্ব শাসিত ৰাজ্যত স্বাভাৱিক পৰিৱেশ গঢ়ি তোলাৰ লগতে প্ৰদেশখনৰ উন্নয়নৰ ওপৰত প্ৰাথমিক গুৰুত্ব দিয়া হৈছে । ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সম্প্ৰতি দেশত 'চুপাৰ ইমাৰজেঞ্চী' চলি থকা বুলি তোলা অভিযোগ সন্দৰ্ভত ৰাম মাধৱে ইতিকিং কৰি কয় যে, মমতা 'চুপাৰ ইমাৰজেঞ্জী' সম্পৰ্কে ভালদৰেই অৱগত, কিয়নো পশ্চিমবংগত মমতাই এনে ধৰণৰ ক্ষমতাই চলাই আহিছে ।

উল্লেখ্য যে, কনকসেন ডেকাক সাক্ষাৎ কৰাৰ সময়ত ৰাম মাধৱৰ সৈতে উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, গুৱাহাটীৰ সাংসদ কুইন ওঝা, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বুজৰবৰুৱা, প্ৰাক্তন বিধায়ক তথা অসম পেট্ৰ' কেমিকেল লিমিটেডৰ চেয়াৰমেন জগদীশ ভূঞাকে ধৰি বহু কেইজন নেতৃবিন্দ ৷

Intro:জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাক সাক্ষাৎ ৰামমাধৱৰ

Body:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে সেৱা সপ্তাহ পালন কৰি আহিছে। শনিবাৰৰ পৰা আৰম্ভ হোৱা এই সেৱা সপ্তাহ ২০ ছেপ্টেম্বৰত সামৰণি পৰিব। এই সেৱা সপ্তাহৰ অধীনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কামকাজ তথা কাশ্মীৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰোৱাৰ অৰ্থে আজি দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে গুৱাহাটীত জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাক তেঁওৰ বাসগৃহত সাক্ষাৎ কৰে। বিজেপিৰ নেতাগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰীৰ জীৱনীভিত্তিক গ্ৰন্থৰ টোপোলাও কনকসেন ডেকাক অৰ্পন কৰে। এই সুযোগতে ৰামমাধৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ আৰু দেশৰ একতা আৰু অখণ্ডতাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও অৱগত কৰে।

ইফালে সাংবাদিকৰে বাৰ্তালাপত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে কয় যে কনকসেন ডেকা বিদ্বান সমাজৰ এগৰাকী আদৰণীয় বিশিষ্ট ব্যক্তি। তেঁও দৈনিক অগ্ৰদূতৰ সৰ্বেসৰ্বা। অসমৰ শীৰ্ষ নেতৃত্বৰ সৈতে কাশ্মীৰ সন্দৰ্ভত মোডী চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অৱগত কৰোৱাৰ অৰ্থে ডেকাক আজি সাক্ষাৎ কৰে। চৰকাৰে ভাৱে যে দেশৰ পূৰ্বোত্তৰ লোকসকলেও মোডীৰ সিদ্ধান্তক সুন্দৰ আৰু দেশৰ অখণ্ডতা ৰখাৰ এক গুৰুত্বপূৰ্ণ নিৰ্ণয়ৰুপে গণ্য কৰে। মোডী চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে কনকসেন ডেকাক অৱগত কৰোৱাৰ বাবেই আজি তেঁওক সাক্ষাৎ কৰে। আৰু এইক্ষেত্ৰত ডেকাই সময় দিয়াৰ বাবে ধন্যবাদ জনায়। ইফালে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত এইবাৰ পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰত চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰাম মাধৱে কয় যে সম্প্ৰতি অনুচ্ছেদ ৩৭০ কাশ্মীৰত এটি পুৰণি অধ্যায় হৈ পৰিছে। এতিয়া জম্মু-কাশ্মীৰ স্বায়ত্ব শাসিত ৰাজ্যৰ স্বাভাৱিক পৰিৱেশ গঢ়ি তোলাৰ লগতে প্ৰদেশখনৰ উন্নয়নৰ ওপৰত প্ৰাথমিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ পিছত কি হয় সেয়া দেখা যাব বুলিও কয় ৰাম মাধৱে। ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সম্প্ৰতি দেশত চুপাৰ ইমাৰজেঞ্চী চলি থকা বুলি তোলা অভিযোগ সন্দৰ্ভত ৰাম মাধৱে কয় যে মমতা বেনাৰ্জীয়ে চুপাৰ ইমাৰজেঞ্জী সম্পৰ্কে ভালদৰেই অৱগত।কিয়নো মমতাই পশ্চিমবংগত চুপাৰ ইমাৰজেঞ্জীৰ জৰিয়তেই ক্ষমতা চলাই আছে।

Byte ৰাম মাধৱConclusion:উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে আজি গুৱাহাটীত সাহিত্যিক সাংবাদিক কনকসেন ডেকাক সাক্ষাৎ কৰাৰ সময়ত তেঁওৰ সৈতে অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, গুৱাহাটীৰ সাংসদ কুইন ওঝা, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বুজৰবৰুৱা, প্ৰাক্তন বিধায়ক তথা অসম পেট্ৰ কেমিকেল লিমিটেডৰ চেয়াৰমেন জগদীশ ভুঞাকে ধৰি নেতৃবিন্দ উপস্থিত আছিল।
Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.