ETV Bharat / city

সংবাদমেল পাতি চৰকাৰক ক্ষুৰধাৰ সমালোচনা সাংসদ অজিত ভূঞাৰ

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ ৷ বান পৰিস্থিতি, উচ্ছেদ, বটদ্ৰৱা কাণ্ডকে ধৰি বহুকেইটা বিষয়ত চৰকাৰক সমালোচনা কৰে সাংসদগৰাকীয়ে (Ajit Bhuyan criticizes Assam Government) ৷

author img

By

Published : May 23, 2022, 11:02 PM IST

Ajit Bhuyan criticizes Assam Government
Ajit Bhuyan criticizes Assam Government

গুৱাহাটী, ২৩ মে ’: ‘‘এতিয়া অসমৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কবলত (Flood in Assam)৷ ডিমা হাচাওৰ অৱস্থা অবর্ণনীয় ৷ ই সম্প্ৰতি এক ধংসস্তূপত পৰিণত হৈছে ৷ ৰাজ্য বা কেন্দ্ৰ চৰকাৰে দূৰ্গতসকলক উদ্ধাৰৰ কাৰণে কি কৰিছে, পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কি কৰিছে আমি নাজানো ৷ পৰিস্থিতিটোৱে কিন্তু এক সমৰকালীন মনোযোগ দাবী কৰে৷ অসমৰ বৰষুণ আৰু বানপানী একো নতুন কথা নহয় ৷ কিন্তু, পৰিতাপৰ কথা যে, নিৰ্মাণ কেন্দ্ৰিক বিকাশত ব্যস্ত এই চৰকাৰখনে যেন আমাৰ অঞ্চলটোৰ ভৌগলিক পৰিবেশ, জলবায়ু আৰু তাৰ লগত জড়িত অইন প্ৰশ্ন সমূহ সমুলি আওকাণ কৰিছে ৷’’ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ আনিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, বাৰিষা আহিলেই আজিকালি আমি সন্ত্ৰস্ত হৈ পৰোঁ ৷ চাৰিওফালে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অসমৰ প্ৰাকৃতিক পৰিবেশ, ভূ-তাত্ত্বিক গঠন, ভূ-সংৰচনা আৰু জীৱবৈচিত্ৰৰ প্ৰতি সংবেদনশীল নোহোৱাকৈ যধে-মধে কৰা নির্মাণ কাৰ্যই আমাৰ ইতিমধ্যে বিস্তৰ ক্ষতি সাধন কৰিছে ৷ নিৰ্বনীকৰণ, কয়লা খনন, নদীৰ বুকু খনন আৰু নিৰ্বিচাৰ নির্মাণে সমগ্ৰ অসমখন ইতিমধ্যে জেৰজেৰীয়া কৰি পেলাইছে (Ajit Bhuyan on Flood) ৷

সাংসদজনে কয় যে, বহনক্ষম বিকাশৰ ধাৰণাত প্ৰাকৃতিক পৰিবেশ, ভূ-তাত্ত্বিক গঠন, ভূ-সংৰচনা, আৰ্থ-সামাজিক দিশ, সাংস্কৃতিক উপাদান, লিংগ আদি কৰি সকলোবোৰ কথাই বিবেচনা কৰা হয় ৷ কিন্তু, এতিয়া আমাৰ নিৰ্মাণ কেন্দ্ৰিক বিকাশৰ মূল চালিকা শক্তি হৈছে ৰাজনীতিক আৰু ঠিকাদাৰ ৷

তেওঁ লগতে কয় যে, ডিমা হাচাওত নতুনকৈ নিৰ্মাণ কৰা ৰেলপথ যাত্ৰীবাহী ৰেল চলাচলৰ বাবে উপযোগী নহয় বুলি ২০১৫ চনতে কোৱা হৈছিল ৷ তেন্তে কোনে সেই সতৰ্কীকৰণ অমান্য কৰিলে ? তাৰ দায়িত্ব এতিয়া কোনে ল'ব ? আজি ডিমা হাচাওৰ এই অৱস্থা৷ কাইলৈ বৃহৎ নদীবান্ধে সমগ্ৰ অসম উটুৱাই নিব পাৰে ৷

আনহাতে, এই দুৰ্যোগৰ মাজতে চৰকাৰে আজি অ'ত, কাইলৈ ত'ত উচ্ছেদ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে সাংসদজনে ৷ কাছাৰৰ ডলু চাহ বাগিছা আৰু শিলসাঁকোত চলা উচ্ছেদৰ উদাহৰণ দি এটা তথাকথিত অবৈধভাৱে ভূমি দখল কৰা লোকৰ উচ্ছেদ আৰু আনটো নতুন নিৰ্মাণৰ বাবে ঠাই উলিয়াবলৈ কৰা উচ্ছেদ বুলি কয় সাংসদ ভূঞাই ৷

তেওঁ কয় যে, আমি কেতিয়াও নিবিচাৰোঁ ৰাজ্যখনৰ পাহাৰ, পৰ্বত, বিল, জলাহ যিয়ে যেনেকৈ পাৰে দখল কৰক ৷ কিন্তু, যিকোনো পৰিস্থিতিতে দুখীয়াক উচ্ছেদ কৰাৰ আগতে তেওঁলোকৰ পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ ৷ কিন্তু দুখীয়াক উচ্ছেদ কৰা হয় আৰু ক্ষমতাবান ধনীবোৰ কিয় বাচি যায় বুলি প্ৰশ্ন কৰে অজিত ভূঞাই ৷ নিৰ্মাণৰ উদ্দেশ্য কৰা উচ্ছেদে তাৰ পৰিবেশত কি প্ৰভাব পেলাব,মানুহৰ জীৱন-জীৱিকাৰ ক্ষতিপূৰণ কি হ'ব, সেই প্ৰকল্পটোৰ লাভ-লোকচান কি হ'ব এই কথাবোৰ কিয় বিবেচনা কৰা নহয় আৰু এইবোৰ কিয় ৰাজহুৱা কৰা নহয় বুলিও ক্ষোভ প্ৰকাশ কৰে সাংসদজনে ৷

অজিত ভূঞাই অভিযোগ তোলে যে, গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীয়ে ক'লে যে, যি য'ত বহি আছে তাতে তেওঁলোক থাকিব পাৰিব ৷ তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব, যিটো নিৰ্বিচাৰে আমি সমর্থন নকৰোঁ ৷ কিন্তু, তাৰ পিছত সৌ সিদিনা আমি শিলসাঁকোত কি দেখিলোঁ ? অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অসমৰ নাগৰিক সমাজৰ ফালৰ পৰা আমি ক'ব বিচাৰোঁ যে প্ৰথমে আমাক নির্মাণ কেন্দ্ৰিক বিকাশ নালাগে মানৱ কেন্দ্ৰিক বিকাশহে লাগে ৷

দ্বিতীয় যাত চৰকাৰক শীঘ্ৰে আৰু অতি তৎপৰাতাৰে বানত ক্ষতিগ্ৰস্ত লোক সকলক উদ্ধাৰৰ লগতে তেওঁলোকৰ খেয়াল ৰাখিবলৈ আহ্বান জনায় ৷ তৃতীয়তে উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও দাবী তোলে অজিত ভূঞাই ৷

বিশেষ প্ৰয়োজনত বেদখল উচ্ছেদ কৰিবলগা হ'লেও উচ্চতম ন্যায়লয়ৰ নীতি-নিৰ্দেশনা মানিহে উচ্ছেদ কৰিব লাগে বুলি ভূঞাই কয় ৷ তেওঁৰ মতে, নতুন নিৰ্মাণৰ বাবে কৰা উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ আৰু বেছি সতৰ্ক হ'ব লাগিব ৷ কোনো পৰিস্থিতিতেই মানবীয় দিশবোৰ এৰাই চলিব নোৱাৰিব আৰু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব বুলি সাংসদজনে উল্লেখ কৰে ৷

আনহাতে বটদ্ৰৱাৰ ঘটনাক গৰিহণা দি অজিত কুমাৰ ভূঞাই কয় যে, থনা জ্বলাই দিয়া ঘটনাটো গৰিহণা দিয়াতে সমস্যাটোৰ সমাধান নহয় ৷ ইয়াৰ উচিত তদন্তৰ প্ৰয়োজন৷ আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ মৃত্যু হোৱাটোও দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ দাবী জনাই সাংসদ ভূঞাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.