ETV Bharat / city

সৰস্বতী পূজাৰ মাজতেই মহানগৰীত প্ৰৱল শিলাবৃষ্টি

author img

By

Published : Feb 5, 2022, 7:24 PM IST

সৰস্বতী পূজাৰ মাজতেই গুৱাহাটীত প্ৰৱল শিলাবৃষ্টি (Rain To Play Spoilsport for Guwahatians on Saraswati Puja) ৷ শনিবাৰে বিয়লিভাগত অহা এই শিলাবৃষ্টিৰ ফলত স্তব্ধ হৈ পৰে মহানগৰীৰ ৰাজপথ ।

rain-to-play-spoilsport-for-guwahatians-on-saraswati-puja
সৰস্বতী পূজাৰ মাজতেই মহানগৰীত প্ৰৱল শিলাবৃষ্টি

গুৱাহাটী, 5 ফেব্ৰুবাৰি : আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা ৷ সমগ্ৰ দেশতে বিদ্যাৰ আৰাধ্য দেৱী সৰস্বতীক শিক্ষাৰ্থীসকলে কৰিলে আৰাধনা । সমন্তৰালভাৱে ৰাজ্যতো বিদ্যালয়, মহাবিদ্যালয় অথবা আন আন শিক্ষানুস্থান সমূহতো উদযাপন কৰা হৈছে সৰস্বতী পূজা (Saraswati Puja observed in Assam) ৷

পিছে এইবাৰ সৰস্বতী পূজাৰ আনন্দৰ মাজতে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা যায় প্ৰৱল শিলাবৃষ্টি (Rain To Play Spoilsport for Guwahatians on Saraswati Puja) । শনিবাৰে বিয়লিৰ ভাগত অহা শিলাবৃষ্টিৰ ফলত স্তব্ধ হৈ পৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৰাজপথ । এই প্ৰৱল শিলাবৃষ্টিৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হয় কৃত্ৰিম বানৰো ।

সদাব্যস্ত চান্দমাৰি কলনীৰ পথ মুহূৰ্ততে কৃত্ৰিম বানত বুৰ যায় এই শিলাবৃষ্টিৰ ফলত । যাৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় পথছোৱাত । ইয়াৰ মাজতে মহানগৰীৰ বিভিন্ন প্ৰান্তত সৰস্বতী পূজা চলি থকা সময়তে অহা বৰষুণজাকৰ ফলত বহু পূজা স্থলী ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বেই জাৰি কৰিছিল সতৰ্কতামূলক জাননী । ইফালে বৃহস্পতিবাৰৰ পৰা ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে (Harsh cold in Assam) । শুকুৰবাৰে মহানগৰীত সম্পূৰ্ণ দিনটো বৃষ্টিপাত হোৱাৰ লগতে সৰ্বনিম্ন তাপ মাত্ৰা 12 ডিগ্ৰী হৈছিল । ইফালে মঙলবাৰৰ পৰা ৰাজ্যত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (Regional Meteorological Centre)ই সদৰি কৰিছে (Weather is likely to be clean in Assam from Tuesday) ।

লগতে পঢ়ক : Weather Report: মঙলবাৰৰ পৰা ৰাজ্যত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.