গুৱাহাটী, 5 জুলাইঃ মহানগৰীৰ নিউ গুৱাহাটীস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ মাজত তীব্ৰ কৰ'ণাতংকৰ সৃষ্টি হয় । ইতিমধ্যে ৰে'লৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷
মহানগৰীৰ নিউ গুৱাহাটীস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ট্ৰেইন পাছিং আৰু ৱেগন মেইনটেনেন্স বিভাগৰ কৰ্মচাৰীৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় । কিয়নো ইতিমধ্যে বিভাগ দুটাৰ ৭ জনকৈ কৰ্মচাৰী আক্ৰান্ত হৈছে কোভিড-১৯ ত । এই বিভাগটোত আছে মুঠ ২৫০ গৰাকী কৰ্মচাৰী । ইয়াৰ পিছতো কাৰ্যালয়টো কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হোৱা নাই বুলি অভিযোগ কৰে কৰ্মচাৰী সকলে । তাৰোপৰি আন-আন কৰ্মচাৰীসকলৰো স্বাৱ পৰীক্ষাৰ কোনো ব্যৱস্থা বৰ্তমানলৈ লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই । ভয় শংকাৰ মাজেৰেই কৰ্মচাৰী সকলে চলাই আছে কাৰ্যালয়ৰ কাম-কাজ। যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে কৰ্মচাৰীসকল ।
ৰে'ল কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰেও এই বিষয়টো একেবাৰে গুৰুত্ব নিদিয়াৰ বুলি অভিযোগ কৰে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে । অতি শীঘ্ৰে উক্ত এলেকাটো চেনিটাইজ কৰাৰ লগতে কন্টেইনমেন্টা জ'ন ঘোষণা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ৷ যদি বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নকৰে তেনেহলে অনাগত দিনত কৰ্ম বিৰতি ঘোষণা কৰিব বুলি সকিয়াই দিয়ে কৰ্মচাৰী সকলে ৷
লগতে পঢ়ক- কলগাছিয়া বান শিবিৰত বন্যাৰ্তৰ হাহাকাৰ