ETV Bharat / city

মিছা কথা শুনিব খুজিলে মোডীৰ ভাষণ শুনক: ৰাহুল গান্ধী

author img

By

Published : Apr 1, 2021, 7:38 AM IST

ছয়গাঁৱৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত যুৱনেতা ৰাহুল গান্ধী ৷ কংগ্ৰেছ চৰকাৰ আহিলে দক্ষিণ কামৰূপক জিলালৈ উন্নীতকৰণৰ গেৰাণ্টি দিলে ৰাহুল গান্ধীয়ে ৷

ছয়গাঁৱৰ প্ৰীতিপুৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

বকো,1 এপ্ৰিল: ছয়গাঁৱৰ জামবাৰী প্ৰীতিপুৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত । ছয়গাঁৱৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আৰু বকোৰ প্ৰাৰ্থী নন্দিতা দাসৰ হৈ প্ৰচাৰ চলালে ৰাহুল গান্ধীয়ে । প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধীয়ে কয় যে, 'মই আপোনালোকক মিছা ক'বলৈ ইয়ালৈ অহা নাই । মিছা ক'বলৈ মোৰ নাম নৰেন্দ্ৰ মোডী নহয় ।

যদি আপোনালোকে অসমৰ বিষয়ে, কৃষকৰ বিষয়ে অথবা আন যিকোনো বিষয়ত মিছা শুনিব বিচাৰে তেন্তে আপোনাৰ টিভি অন কৰক আৰু নৰেন্দ্ৰ মোডীৰ মুখলৈ চাওঁক আৰু যিমান বিচাৰে তেওঁৰ কথা শুনক । তেওঁ ২৪ ঘণ্টাই ভাৰতবাসীক মিছা কথা কয় । প্ৰচাৰ সভাত উপস্থিত থাকি কংগ্ৰেছৰ পাঁচ গেৰাণ্টিৰ লগতে দক্ষিণ কামৰূপৰ বাবে আৰু এটা গেৰাণ্টিৰ কথা উল্লেখ কৰে ৰাহুল গান্ধীয়ে । অসমত কংগ্ৰেছৰ মহাজোঁটৰ চৰকাৰ হ'লে পাঁচ গেৰাণ্টিৰ সৈতে দক্ষিণ কামৰূপ জিলা ঘোষণাৰো গেৰাণ্টি দিয়ে কংগ্ৰেছৰ যুৱৰাজে ৷

ভাষণত 'কা' আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ প্ৰসংগ উত্থাপন কৰে কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধীয়ে । এই অনুষ্ঠানত গান্ধীৰ লগতে উপস্থিত থাকে অসমৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জীতেন্দ্ৰ সিং, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, ভূপেন বৰাৰ লগতে বহু দলীয় কৰ্মী ।

লগতে পঢ়কঃ নিৰ্বাচনী বিধি বলবৎ হোৱাৰে পৰা ৰাজ্যত জব্দ ১১০.৮৩ কোটি টক‍াৰ সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.