গুৱাহাটী, ৩১ অক্টোবৰ : বিশিষ্ট সাংবাদিক বৰুণ দাসগুপ্তা আৰু নাই । কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত দেওবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ । শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰাৰ বাবে তেওঁ চিকিৎসাধীন আছিল আৰু অৱশেষত আজি নিয়তিৰ ওচৰত হাৰ মানিলে বিশিষ্ট সাংবাদিকগৰাকীয়ে ।
বৰুণ দাসগুপ্তাৰ মৃত্যুত সংবাদ মাধ্যমৰ জগতখনত শোকৰ ছাঁ পৰিছে । তেওঁ প্ৰসিদ্ধ 'দ্য হিন্দু' কাকতৰ গুৱাহাটীৰ বিশেষ সংবাদদাতা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । পত্নীৰ মৃত্যুৰ পাছত তেওঁ কলকাতাৰ চল্টলেকস্থিত জাৰ্নেলিষ্ট ক'পাৰেটিভ হাউচিং কমপ্লেক্সত বাস কৰিছিল । বৃক্ক, যকৃতকে ধৰি শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰাৰ বাবে কিছুদিন পূৰ্বে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
বিগত কেইবাদিন ধৰি তেওঁ মৃত্যুৰ সৈতে যুঁজ দি আছিল বিশিষ্ট সাংবাদিকগৰাকীয়ে । অৱশেষত আজি দিনৰ ভাগত তেওঁৰ মৃত্যু হয় । পিতৃ ক্ষিতিশ দাসগুপ্ত আৰু খুড়া সতীশ দাসগুপ্তাই সদেইপুৰত স্থাপন কৰা গান্ধী আশ্ৰমত থাকি তেওঁ ডাঙৰ-দীঘল হৈছিল । অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী ভাষাত বুৎপত্তি থকা বৰুণ দাসগুপ্তাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো বাতৰি কাকতত কাম কৰিছিল । তেওঁ পাটনা, নতুন দিল্লী, কলকাতা আৰু গুৱাহাটীত থাকি কেইবাবছৰ সংবাদ সেৱা আগবঢ়াইছিল ।
ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ’চিয়েছনৰ তেওঁ কেইবাবছৰ ধৰি সক্ৰিয় সদস্য হৈ আছিল । তেওঁৰ মৃত্যুত ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ’চিয়েছনে গভীৰ শোক প্ৰকাশ কৰিছে । বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাৱেও গভীৰ শোক প্ৰকাশ কৰিছে । কেইবাদশক ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈ থকা বৰুণ দাসগুপ্তাই অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্থাপন কৰি আহিছিল । তেওঁৰ মৃত্যু অসমৰ লগতে দেশৰ সংবাদ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে ।
লগতে পঢ়ক : নাৰায়ণপুৰবাসীৰ দৃষ্টি কাঢ়িছে আৰক্ষী জোৱান চেনীৰাম গগৈয়ে