ETV Bharat / city

বাজেটখন কেৱল কবিতা, উক্তি আৰু বৰ্ণনাৰে ভৰপূৰ : ৰিপুন বৰা

author img

By

Published : Feb 2, 2020, 11:37 PM IST

এক সংবাদমেলৰ আয়োজন কৰি কেন্দ্ৰীয় বাজেটক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ এই বাজেটৰ পৰা এক মুষ্টিমেয় শ্ৰেণীহে লাভৱান হ'ব বুলি মন্তব্য কৰে বৰাই ৷

কেন্দ্ৰীয় বাজেটক সমালোচনা
ৰিপুন বৰাৰ সংবাদমেল

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে ৷ এই সংবাদমেলতে কেন্দ্ৰীয় বাজেট, 2020-21 ৰ কঠোৰ সমালোচনা কৰে ৰিপুন বৰাই ৷ ভাৰতীয় ইতিহাসৰ আটাইতকৈ দীঘলীয়া বাজেট ভাষণত অৰ্থনৈতিক উন্নয়নৰ বিষয়ে একো নাই বুলি মন্তব্য কৰে বৰাই ৷ সভাপতিগৰাকীয়ে কয় যে, বাজেটখন কেৱল কবিতা, উক্তি আৰু বৰ্ণনাৰে ভৰপূৰ, সাধাৰণ ৰাইজৰ বাবে বাজেটখনত আশাব্যঞ্জক একো নাই ৷ এই বাজেটৰ পৰা অসমৰ সৰ্বসাধাৰণ ৰাইজ উপকৃত হোৱাৰ পৰিৱৰ্তে মুষ্টিমেয় এটা শ্ৰেণীহে লাভাম্বিত হৈছে ।

আনহাতে, ৰিপুন বৰাই কয় যে, বাজেটখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণৰ পাচতে চেনচেক্স প্ৰায় 100 পইণ্টলৈ অৱনমিত হয় ৷ বাজেটত বহু চৰকাৰী খণ্ডৰ কাৰ্য্যালয় ব্যক্তিগত কৰাৰ লগতে ৰেল ব্যৱস্থাৰ ব্যাপক পৰিবৰ্তন অনাৰ কথাও উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ বহু আঁচনিৰ কথা এই বাজেটত ঘোষণা কৰিলেও কংগ্ৰেছে এই বাজেটক বিশ্বাস নকৰে কাৰণ পূৰ্বৰ বাজেটৰ বহু আঁচনি বৰ্তমানেও কাৰ্যকৰী নোহোৱাটোৱে এই চৰকাৰৰ ব্যর্থতাৰ দিশ উদঙাই দিছে বুলি সংবাদমেলত জনায় সভাপতিগৰাকীয়ে ৷ অংগনবাদী সমূহলৈ 8 মাহে খোৱা সামগ্ৰী যোগান ধৰিব নোৱাৰা চৰকাৰে স্মাৰ্টফোন দিয়াৰ যুক্তি ক'ত বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই ৷

ৰিপুন বৰাৰ সংবাদমেল

দেশৰ ভয়াৱহ নিবনুৱা সমস্যাৰ মাজত skill development শিতানত 3 হাজাৰ কোটি টকা ধাৰ্য কৰাটো তেনেই নগণ্য বুলি সমালোচনা কৰে সভাপতিগৰাকীয়ে ৷ বাজেটৰ সকলো দিশ কংগ্ৰেছ চৰকাৰে সমালোচনা কৰিলেও শিৱসাগৰক 5 খন ঐতিহাসিক ক্ষেত্ৰৰ অন্তৰ্গত কৰাৰ কথাটোত সমৰ্থন জনাই কংগ্ৰেছে ৷ কেৱল শিৱসাগৰ নহয়, মাজুলীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনো স্থিতি গ্ৰহণ নকৰা বিষয়টোক সমালোচনা কৰে ৰিপুন বৰাই ৷

আৰু পঢ়ক : প্ৰতিবাদৰ মাজতে পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ

Intro:অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল। 2020 - 2021 ৰ কেন্দ্ৰীয় বাজেটক লৈ সমালোচনা ৰিপুন বৰাৰ । ভাৰতৰ ইতিহাসৰ আটাইতকৈ দীঘল বাজেট যত অৰ্থনৈতিক উন্নয়নৰ দিশ একো নাই। এই সংবাদমেল যোগে সভাপতি গৰাকীয়ে কয় যে বাজেটখন কেৱল কবিতা, উক্তি আৰু বৰ্ণনাৰে ভৰপূৰ , সাধাৰণ ৰাইজৰ বাবে বাজেটখনত আশা ব্যঞ্জক একো নাই।

Body:এই বাজেটৰ পৰা অসমৰ সৰ্বসাধাৰণ ৰাইজ উপকৃত হোৱাৰ পৰিবৰ্তে মুষ্টিমেয় এটা শ্ৰেণী হে লাভাম্বিত হৈছে । আনহাতে ৰিপুন বৰাই কয় যে বাজেট খনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে নিৰ্মলা সীতাৰমনৰ বাজেট ভাষণ কৰাৰ পিছতে sensex প্ৰায় 100 পইণ্ট লৈ নামিল । বহু চৰকাৰী খণ্ডৰ কাৰ্য্যালয় ব্যক্তিগত কৰাৰ লগতে বহু কেইখন ৰেল ব্যৱস্থাৰ ব্যাপক পৰিবৰ্ত্তন অহাৰ কথাও জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে। লগতে বহু আঁচনিৰ কথা এই বাজেটত ঘোষণা কৰা হৈছে যদিও কংগ্ৰেছ চৰকাৰে এই বাজেটক বিশ্বাস নকৰে কাৰণ পূৰ্বৰ বাজেটৰ বহু আঁচনি বৰ্তমানেও কাৰ্যকৰী নোহোৱাটোৱে এই চৰকাৰৰ ব্যর্থতাৰ দিশ দেখুৱাই বুলি সংবাদমেল জনালে সভাপতি গৰাকীয়ে। লগতে তেওঁ কয় যে অংগনবাদী সমূহলৈ 8 মাহে খোৱা সামগ্ৰী যোগান ধৰিব নোৱাৰা চৰকাৰ খনে স্মাৰ্ট ফোন দিয়াৰ যুক্তি কত।

Conclusion:দেশৰ ভয়াৱহ নিবনুৱা সমস্যাৰ মাজত skill development শিতানত 3 হাজাৰ কোটি টকা ধাৰ্য কৰাটো তেনেই নগণ্য বুলি জনালে সভাপতি গৰাকীয়ে। বাজেটৰ সকলো দিশ কংগ্ৰেছ চৰকাৰে সমালোচনা কৰাৰ মাজতে শিৱসাগৰক 5 খন ঐতিহাসিক ক্ষেত্ৰৰ অন্তৰ্গত কৰাৰ কথাটোত সমৰ্থন কংগ্রেছ চৰকাৰে । আনহাতে কেৱল শিৱসাগৰ নহয় মাজুলীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো স্থিতি গ্ৰহণ নকৰাটো সমালোচনা কৰে ৰিপুন বৰাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.