ETV Bharat / city

Poor school infrastructure: কেঁচা ঘৰৰ বিদ্যালয়ৰ তালিকাৰ শীৰ্ষত অসম - Poor school infrastructure

ৰাজ্যৰ শিক্ষাখণ্ডৰ পুতৌজনক অৱস্থা । মাধ্যমিক পর্যায়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো দ্বিতীয় স্থানত অসম । ৰাজ্যখনৰ মুঠ চৰকাৰী বিদ্যালয়ৰ ১৩.৯ শতাংশই কেঁচা ঘৰত পাঠদান অব্যাহত ৰাখিছে । অসমত মাধ্যমিক বিদ্যালয় এৰা শিক্ষার্থীৰ হাৰ হৈছে ৩২.২৫ শতাংশ । আনহাতে এজনীয়া শিক্ষক থকা চৰকাৰী বিদ্যালয়ৰ সংখ্যা ৬.১৭ শতাংশ । ৰাজ্যৰ শৈক্ষিক দিশত পিছপৰা জিলা হিচাপে চিনাক্ত কৰা হৈছে বাৰখনকৈ জিলা ।

কেঁচা ঘৰৰ বিদ্যালয়ৰ তালিকাৰ শীৰ্ষত অসম
কেঁচা ঘৰৰ বিদ্যালয়ৰ তালিকাৰ শীৰ্ষত অসম
author img

By

Published : Dec 10, 2021, 7:50 PM IST

গুৱাহাটী, ১০ ডিচেম্বৰঃ অসমৰ শৈক্ষিক ক্ষেত্ৰৰ আমুল পৰিৱৰ্তনৰ বাবে চৰকাৰে বিশেষ উদ্যোগ লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । এখনৰ পাছত আনখনকৈ স্থাপন কৰিছে বিশ্ববিদ্যালয় । গ্ৰহণ কৰিছে সংস্কাৰমূলক ব্যৱস্থা । কিন্তু শৈক্ষিক উত্তৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডৰ পুতৌজনক ছবিখন উন্মোচিত হৈছে ( Poor school infrastructure in Assam) ।

চৰকাৰী তথ্য মতে, দেশৰ ভিতৰত অসমতে আছে সৰ্বাধিক কেঁচা ঘৰৰ বিদ্যালয় । তথ্য অনুসৰি দুৰ্বল আন্ত:গাঁথনি (Poor infrastructure in schools)ৰ কেঁচাঘৰৰ বিদ্যালয়তে ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে । ইয়াৰোপৰি মাধ্যমিক পর্যায়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে অসমে ।

আনহাতে ৰাজ্যৰ শৈক্ষিক দিশত পিছপৰা জিলা হিচাপে চিনাক্ত কৰা হৈছে বাৰখনকৈ জিলা । কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি আজিৰ তাৰিখত দেশত মুঠ ২৭,০৯৯ খন বিদ্যালয়ে কেঁচা ঘৰতে পাঠদান অব্যাহত ৰাখিছে । ইয়াৰ ভিতৰতে অসমতে আছে সৰ্বাধিক ৬,৫৫৪ খন বিদ্যালয় । ৰাজ্যখনৰ মুঠ চৰকাৰী বিদ্যালয়ৰ ১৩.৯ শতাংশই কেঁচা ঘৰত পাঠদান অব্যাহত ৰাখিছে । আনহাতে অসমত মাধ্যমিক বিদ্যালয় এৰা শিক্ষার্থীৰ হাৰ হৈছে ৩২.২৫ শতাংশ । ইয়াৰ বিপৰীতে মাধ্যমিক বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰ হৈছে ১৬.০৭ শতাংশ । অর্থাৎ অসমত ৰাষ্ট্ৰীয় হাৰতকৈ দুগুণৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় ত্যাগ কৰে ।

ইফালে অসমত ৭৬.৮ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে প্ৰথমিক বিদ্যালয়ত নামভৰ্তি কৰে বুলি তথ্যত প্ৰকাশ পাইছে । ইয়াৰে ৬২.৯ শতাংশই মাধ্যমিক পর্যায়লৈ শিক্ষা জীৱন অব্যাহত ৰাখে । মাধ্যমিক শিক্ষাৰ পাছতে অন্তর্ধান হয় অধিকাংশ ছাত্ৰ-ছাত্ৰী । আনহাতে উচ্চ মাধ্যমিকত নামভৰ্তি কৰে কেৱল ৩৯.৪৭ শতাংশ ছাত্ৰ-ছাতৰীয়েহে । ইয়াৰ পাছত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰে মাত্ৰ ১৭.২৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ।

লগতে পঢ়ক: শ্ৰেণী কোঠা এৰি কলগাছিয়াত প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰী

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে অসমত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা ৭৬.৮ শতাংশ শিক্ষার্থীৰ ভিতৰত মাত্ৰ ১৭.২৪ শতাংশইহে উচ্চতৰ মাধ্যমিকলৈকে শিক্ষা জীৱন অব্যাহত ৰাখে । এইক্ষেত্ৰত অসমতকৈ আনকি বিহাৰৰ পদৰ্শনো যথেষ্ট উন্নত । বিহাৰত ৮৫.২৭ শতাংশ ছাত্ৰ-ছাত্ৰী প্ৰাথমিক বিদ্যালয়ত ভৰ্তি হোৱাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা অব্যাহত ৰাখে ১৮.৯১ শতাংশই । এইক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰত অসম বহু পৰিমাণে পিছ পৰি আছে ।

তথ্য মতে, অসমত এজনীয়া শিক্ষকে বহুসংখ্যক বিদ্যালয়ত পাঠদান কৰি আছে । ৰাজ্যখনত এজনীয়া শিক্ষক থকা চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ’ল ৬.১৭ শতাংশ । আনহাতে ৰাজ্যখনৰ বাৰখন জিলা ক্ৰমে বঙাইগাঁও, কাছাৰ, দৰং, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, কাৰ্বি আংলং, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাক শৈক্ষিক দিশত পিছপৰা জিলা হিচাপে চিনাক্ত কৰা হৈছে । শৈক্ষিক দিশত পিছপৰা দেশৰ সৰ্বমুঠ এনে জিলাৰ সংখ্যা হৈছে ৩৭৪ খন । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে উক্ত জিলাসমূহৰ শৈক্ষিক উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । লক্ষ্যণীয় বিষয় যে, ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও বিদ্যালয়সমূহৰ আন্তঃগাঁথনি এতিয়াও উন্নত হোৱা নাই ।

লগতে পঢ়ক: চামগুৰিত "চল যাব স্কুল" শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.