ETV Bharat / city

ভোটগ্ৰহণ অন্ত : ভোটদানৰ হাৰে নুচুলে 80 শতাংশৰ ঘৰ - উপ নিৰ্বাচনত ভোটদানৰ হাৰ

ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত শনিবাৰে অনুষ্ঠিত হয় উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাৰ লগে লগে অন্ত পৰে ৷ পাঁচোটা সমষ্টিত সামগ্ৰিক ভোটদানৰ হাৰ ৭৩.৩৮ % ।

polling percentage in assam by Election
তামুলপুৰত তুলনামূলকভাৱে কম ভোটদানৰ হাৰ
author img

By

Published : Oct 30, 2021, 9:49 PM IST

Updated : Oct 31, 2021, 7:16 AM IST

গুৱাহাটী, ৩০ অক্টোবৰ : পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শনিবাৰে অনুষ্ঠিত ভোটগ্ৰহণত তামুলপুৰ সমষ্টিত তুলনামূলকভাৱে কম হাৰত ভোটদান হোৱাটো পৰিলক্ষিত হয় । নিশা ৮ বজাত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি গোঁসাইগাঁও সমষ্টিত ৭৭.৩৭%, ভবানীপুৰত ৭৮%, তামুলপুৰত ৬৭.৮৮ %, মৰিয়নিত ৭৫.০৭ % আৰু থাওৰাত ৭৩.৩৮ % ভোটদান হৈছে ।

polling percentage in assam by Election
তামুলপুৰত তুলনামূলকভাৱে কম ভোটদানৰ হাৰ

অৱশ্যে এয়াই চূড়ান্ত তথ্য নহয় বুলিও আয়োগে স্পষ্ট কৰি দিছে । মনকৰিবলগীয়া যে, আজিৰ এই উপ-নিৰ্বাচনত এই পৰ্যন্ত কোনো এটা সমষ্টিতে ভোটদানৰ হাৰে ৮০% স্পৰ্শ কৰাৰ খবৰ অহা নাই । সামগ্ৰিকভাৱে নিশা ৮ বজা পৰ্যন্ত পাঁচোটা সমষ্টিত সামগ্ৰিক ভোটদানৰ হাৰ ৭৩.৩৮ % । অৰ্থাৎ সামগ্ৰিকভাৱেও উপ-নিৰ্বাচনৰ ভোটদানৰ হাৰে ৮০ শতাংশৰ ঘৰ নুচুলেগৈ ।

polling percentage in assam by Election
তামুলপুৰত তুলনামূলকভাৱে কম ভোটদানৰ হাৰ

আজিৰ উপ নিৰ্বাচনত ভোটদানৰ হাৰ কম হোৱাৰ কাৰণ হিচাপে ক’ব পাৰি যে, এই উপ-নিৰ্বাচন ৰাইজে বিচৰাৰ বাবে যে অনুষ্ঠিত হোৱা নাই, বৰং ৰাজনৈতিক কূট-কৌশলৰ বাবেহে অৱধাৰিত হ'ল । অৱশ্যে গোঁসাইগাঁও আৰু তামুলপুৰৰ কথা সুকীয়া । এই দুয়োটা সমষ্টিতে দুয়োগৰাকী বিধায়কৰ আকস্মিক বিয়োগৰ বাবেহে অৱধাৰিত হৈ পৰিছিল উপ-নিৰ্বাচন ।

polling-percentage-in-assam-by-election
তামুলপুৰত তুলনামূলকভাৱে কম ভোটদানৰ হাৰ

লগতে পঢ়ক : 69.60 শতাংশ ভোটদানেৰে পাঁচ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটদান সম্পন্ন

Last Updated : Oct 31, 2021, 7:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.