ETV Bharat / city

Anti Drugs Mission in Assam : ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত - Drugs peddler arrested in Bongaigaon

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান ৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ লগতে বঙাইগাঁও আৰু বৰপেটাৰোডত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrested) ৷

Anti Drugs Mission
ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত
author img

By

Published : Jan 16, 2022, 9:17 PM IST

নিউজ ডেস্ক, 16 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ চোৰাং বেহা ৷ ইয়াৰ সমান্তৰালকৈ আৰক্ষী-প্ৰশাসনেও ড্ৰাগছৰ বিৰুদ্ধে প্ৰত্যেক দিনাই চলাই গৈছে অভিযান ৷ এইক্ষেত্ৰত বহুসময়ত আৰক্ষী সফল হ’লেও একাংশই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে ৰমৰমীয়া বেহা ৷ বিগত দুই-এদিনতো আৰক্ষীয়ে বহু স্থানত অভিযান চলাই ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছে সৰবৰাহকাৰীক ৷

মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । শনিবাৰে নিশা বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী জন হ'ল অৰুণাচল প্ৰদেশৰ মাৰ্কনি ৰিবা । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি গোপন সূত্ৰৰ ভিত্তিত নিশা অভিযান চলাই যোৰাবাটৰ পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা চাবোন বাকচত থকা ১১.১ গ্ৰাম হেৰ’ইন জব্দ কৰা হয় (Drugs peddler arrested in Guwahati)।

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজ কিশোৰ দাসে ঘোঁৰামাৰাৰ পৰা জব্দ কৰে ১২০ কিল’গ্ৰাম কেঁচা গাঞ্জা । গোপন সূত্ৰৰ পম খেদি মেৰেৰচৰ আৰক্ষীয়ে চলোৱা অভিযানত শুকুৰবাৰে ৪৭ কিল’গ্ৰাম গাঞ্জা সহ দুজন ব্যক্তিক আটক কৰাৰ উপৰি দেওবাৰে আন দুজন ব্যক্তিসহ ১২০ কিল’গ্ৰাম গাঞ্জা জব্দ কৰে (Drugs peddler arrested in Bongaigaon) । অনাগত দিনতো এই ধাৰা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে আৰক্ষী বিষয়া ৰাজ কিশোৰ দাসে ।

চিৰাং জিলাৰ পাণবাৰীৰ পৰা বাইকেৰে বৰপেটাৰোড অভিমুখে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত দুজন যুৱকক বৰপেটাৰোড আৰক্ষীয়ে আটক কৰে ৷ বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেকীৰ পাৰত তালাচী চলাই থকা অৱস্থাত যুৱকদ্বয়ে পলায়ন কৰিবলৈ চেষ্টা চলাওতেই কৰায়ত্ব কৰা হয় ৷ আৰক্ষীয়ে যুৱকদ্বয়ৰ পৰা 9 টা কণ্টেইনাৰ ভৰ্তি 13 গ্ৰাম ড্ৰাগছ, দুটা ম’বাইল ফোন আৰু AS 15 N 4636 নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় (Drugs peddler arrested in Barpeta Road) ।

লগতে পঢ়ক: এজাহাৰ লিখাৰ নামত কৰা দালালিৰ বিৰুদ্ধে গুৱাহাটীত আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.