ETV Bharat / city

ৰাজ্যজুৰি উদযাপন অসম আৰক্ষী দিৱস

ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় অসম আৰক্ষী দিৱস ৷ আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীসকলে ৰূপায়ণ কৰে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী ৷

অসম আৰক্ষীৰ আৰক্ষী দিৱস উদযাপন
author img

By

Published : Oct 1, 2019, 11:31 PM IST

নিউজ ডেস্ক,1 অক্টোবৰঃ ৰাজ্যজুৰি 1 অক্টোবৰ অৰ্থাৎ মংগলবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় অসম আৰক্ষী দিৱস ৷ দিৱসৰ লগত সংগতি ৰাখি অসম আৰক্ষীৰ সকলো কৰ্মচাৰীয়ে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাইলাকান্দি জিলাত ৰাতিপুৱা স্বচ্ছতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ জিল‍া আৰক্ষীয়ে এটি সমদল বাহিৰ কৰে ৷ ৰাতিপুৱা ৮.৩০ বজাত হাইলাক‍ান্দি আৰক্ষী ৰিজাৰ্ভৰ পৰা আৰম্ভ কৰা হয় এই সমদল আৰু স্বচ্ছতা অভিযান । সমগ্ৰ হাইলাকান্দি চহৰ পৰিক্ৰমা কৰি জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথ, উপ আৰক্ষী অধীক্ষক নয়নমণি বৰ্মনকে ধৰি কেইবা গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে চাফাই অভিযানত অংশগ্ৰহণ কৰে ।

হাইলাকান্দি আৰক্ষীৰ বিশেষ শোভাযাত্ৰা

ইফালে খুমটাইত স্থানীয় আৰক্ষীক দেখা যায় এক ব্যতিক্ৰমী ৰূপত ৷ আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি ঐতিহাসিক ধোদৰ আলিৰ পথটোৰ দুয়োকাষৰ হাবি-জংঘল কাটি চাফ-চিকুণ কৰে আৰক্ষীয়ে । আৰক্ষীৰ এই কাৰ্যসূচীত গাওঁৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে বিপুল সহযোগ আগবঢ়োৱা পৰিলক্ষিত হয় ৷ আৰক্ষীৰ বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে গোলাঘাট জিলাৰ খুমটাইৰ মাজেৰে যোৱা ঐতিহাসিক ধোদৰ আলিৰ শাওতলী চাৰিআলিৰ পৰা আধাৰসত্ৰলৈকে প্ৰায় ৫ কি:মি দৈঘ্যৰ্ৰ পথছোৱাৰ দুয়োকাষৰ হাবি-জংঘল কাটি চাফ-চিকুণ কৰে ।

গোলাঘাট আৰক্ষীৰ চাফাই অভিযান

আনহাতে আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি টীয়ক আৰক্ষী থানাৰ আৰক্ষীয়ে ঐতিহাসিক কলীয়াপানীস্থিত আউনীআটী সত্ৰত গছপুলি ৰোপণ কৰে ৷ আৰক্ষীয়ে এটি স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰে ৷ নিৰাপত্তাকে ধৰি ৰাইজৰ সেৱাত দিনে-নিশাই ব্যস্ত হৈ থকাৰ পাছতো পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত আৰক্ষীয়ে প্ৰদৰ্শন কৰা দায়বদ্ধতাক প্ৰকৃতিপ্ৰমী তথা সচেতন মহলে আদৰণি জনাইছে ।

টীয়ক আৰক্ষীৰ বৃক্ষৰোপন কাৰ্যসূচী

ওদালগুৰিটো আৰক্ষী প্ৰশাসনে দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰে আৰক্ষী দিৱস ৷ আৰক্ষী দিৱস উপলক্ষে ওদালগুৰি আৰক্ষী থানাৰ পৰা বাহিৰ কৰা হয় এটি বৰ্ণিল শোভাযাত্ৰা । বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী আৰু ওদালগুৰিৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে মুকলি কৰা শোভাযাত্ৰাত অসমীয়া, বড়ো, ৰাভা, গাৰো, গোৰ্খা, চাওতাল, আদিবাসীৰ লগতে বহু জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিৰ দলে অংশগ্ৰহণ কৰে । আৰক্ষী দিৱসৰ কাৰ্যসূচীত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়ং কুমাৰ, উপ-আৰক্ষী অধীক্ষক মইদুল ইছলাম, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষ, ওদালগুৰি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটংগীয়াৰ লগতে জিলা খনৰ ১০ খন থানা আৰু ১৫ খন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু শীৰ্ষ বিষয়া সকলে অংশগ্ৰহণ কৰে ।

ওদালগুৰি আৰক্ষীৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

গুৱাহাটীত আয়োজিত অসম আৰক্ষী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত 9 গৰাকীকৈ অসম আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াক পদক প্ৰদান কৰাৰ লগতে ইয়াৰ ভিতৰৰ তিনিগৰাকীকৈ বিষয়াই সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ আৰক্ষী পদক লাভ কৰিব ৷

আৰক্ষী পদকৰ বাবে নিৰ্বাচিত হোৱা বিষয়া-জোৱানসকলৰ তালিকা

Intro:SLUG :: অসম আৰক্ষী দিৱসত হাইলাকান্দিত স্বচ্ছতা অভিযান।

Body:O/C :: আজি অসম আৰক্ষী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে অসম আৰক্ষী দিৱস। হাইলাকান্দি জিলাত আজি ৰাতিপুৱা স্বচ্ছতাৰ উপৰত সজাগতা সৃষ্টি কৰিবলৈ জিল‍া আৰক্ষীয়ে উলিয়ায় এখন সমদল। লগতে আয়োজন কৰা হয় স্বচ্ছতা অভিযানৰ। ৰাতিপুৱা ৮.৩০ বজাত হাইলাক‍ান্দি পুলিচ ৰিজাৰ্ভৰ পৰা আৰম্ভ কৰা হয় এই সমদল আৰু স্বচ্ছতা অভিযানৰ। পিছত সমগ্ৰ হাইলাকান্দি চহৰ পৰিক্ৰমা কৰি জিলা আৰক্ষী অধীক্ষক প্ৰবিন্দ্ৰ কুমাৰ নাথ, উপ অাৰক্ষী অধীক্ষক নয়নমনি বৰ্মনকে ধৰি কেইবা গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে অংশলৈ চলায় ছাফাই অভিযান। লগতে একক ব্যবহৃত প্লাস্টিকৰ ব্যবহাৰ বন্ধ কৰাৰ উদ্দেশে কাপোৰ আৰু সুপাৰিৰ পাতত নিৰ্মিত ব্যানাৰ আৰু প্লেকাৰ্ড ব্যবহাৰ কৰি চলোৱা হয় স্বচ্ছতা অভিযান।

byte :: Probindra Kr Nath, SP Hailakandi 

######Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.